পৃষ্ঠা:Khojar Xabda.pdf/২৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

‘নতুন পৃথিৱী’ আলোচনীখনে সেই সময়ত প্রগতিশীল সাহিত্য, মার্ক্সবাদী চিন্তাচর্চা আৰু বিজ্ঞানমনস্কতা বিস্তাৰৰ এক আন্দোলনৰ সৃষ্টি কৰিছিল। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ন-ন লিখকৰ সৃষ্টি, তেওঁলোকৰ গল্প, কবিতা, প্রবন্ধ প্রকাশেৰে নতুন লিখকক উৎসাহিত কৰা আৰু সাম্যবাদী চিন্তাচৰ্চাৰ প্ৰতি আকৰ্ষিত কৰাৰ ক্ষেত্ৰত ৭০-৮০ দশকৰ ‘নতুন পৃথিৱী’ৰ ঐতিহাসিক অবদান সদায় উল্লেখনীয়।এই ‘নতুন পৃথিৱী’তে প্রকাশিত গল্পেৰে পঢ়ুৱৈৰ সমাজৰ লগত বিপুল খাটনিয়াৰ সুপৰিচিত হৈ পৰে। এজন ভূতত্ত্ববিদ হিচাপে চৰকাৰী চাকৰি কৰাৰ মাজেৰে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চলত তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত ঘূৰি ফুৰোঁতে হোৱা অভিজ্ঞতাসমূহ তেখেতৰ নিজস্ব লিখন কৌশলেৰে আৰু নিজা কথনৰীতি আৰু সেই অঞ্চলৰ প্ৰচলিত কথিতভাষা, আচাৰ ব্যৱহাৰৰ প্ৰয়োগেৰে গল্পসমূহক অসাধাৰণ ৰূপ দিব পৰাটোৱে গল্পকাৰ হিচাপে তেওঁৰ বিশেষত্ব। কিন্তু তেওঁৰ গল্পসমূহ মনোযোগ দি নপঢ়িলে সাৰমৰ্ম তৎক্ষণাত বুজি উঠা কঠিন। অৱশ্যে মোৰ মন্তব্য এজন সাধাৰণ পাঠক হিচাপে সীমাবদ্ধ। সাহিত্য সমালোচক আনন্দ বৰমুদৈৰ মতে ‘আৱাহন যুগৰপৰা আজিলৈকে যি কেইগৰাকী গল্পকাৰে সমাজবাদী দৃষ্টিকোণৰ পৰা নান্দনিকভাৱে সন্তোষজনক গল্প লিখিছে খাটনিয়াৰ সেই সকলোৰে এজন'। খাটনিয়াৰৰ অকাল মৃত্যুৱে ৰীণাক আৰু আমাৰ পৰিয়ালৰ সকলোকে সঁচাকৈয়ে সাংঘাতিক আঘাত দিছে। নিজৰ স্বাস্থ্য, অসুখ-বিসুখ আদিৰ প্ৰতি কেতিয়াও মন নিদিয়া মানুহজনে মৃত্যুৰ দুদিনমান আগলৈ ‘অনিল ৰায়চৌধুৰী ৰচনাৱলী’খন সম্পাদনা কৰি উলিওৱাৰ কামত ব্যস্ত আছিল। শাৰীৰিকভাৱে অসুস্থ শুনিছিলোঁ যদিও কোভিদ-প্রটোকলৰ বাবে ফোনতে ৰীণাৰ পৰা খা-খবৰ লৈছিলোঁ। তেখেতৰ গল্পৰ সাৰাংশ সহজে বুজি উঠিব নোৱাৰাৰ নিচিনা তেওঁৰ অসুস্থতাৰ ভয়াৱহতাও আমি ভালদৰে বুজি নাপাওঁতে সকলোকে এৰি গুচি গ’ল। জীয়াই থাকিলে হয়তো আৰু বহুতো সৃষ্টি হ'লহেঁতেন! চাকৰিৰ অৱসৰৰ পিচৰেপৰা তেখেতে গভীৰভাৱে পঢ়া-শুনা আৰম্ভ কৰিছিল। ‘অধ্যয়নে লেখক এজনক সমৃদ্ধ কৰে’ আৰু ‘সৃষ্টিৰ বাবে লাগে প্ৰচুৰ অভিজ্ঞতা’ এয়া তেখেতে লিখি যোৱা মনৰ কথা। অভিজ্ঞতা আহৰণৰ বাবেই তেওঁ অসমৰ চৰ-চাপৰি, গাঁৱে ভূঁইয়ে, চহৰে-নগৰে, পাহাৰে-পৰ্বতে সুবিধা পালেই ঘূৰি-ফুৰিছিল। সাধাৰণ মানুহৰ লগত মিলি তেওঁলোকৰ সমস্যা, কথিত ভাষা, আচাৰ-ব্যৱহাৰ নিয়ম-নীতি, জীৱনধাৰাৰ সন্ধান কৰিছিল, অভিজ্ঞতা লৈছিল। এজন স্বভাৱ কবিৰ নিচিনা তেওঁ আছিল স্বভাৱ গল্পকাৰ। যিকোনো অভিজ্ঞতাৰ বৰ্ণনাকে তেওঁ গল্পৰ ৰূপ দিব পাৰিছিল।

২৭৪॥খোজৰ শব্দ