পৃষ্ঠা:Khojar Xabda.pdf/২৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মোৰ সহকৰ্মী বন্ধু বিপুল খাটনিয়াৰ

সুৰেশ বৰুৱা

প্ৰথমতে স্বৰ্গীয় বিপুল খাটনিয়াৰৰ চৰণকমলত মোৰ আন্তৰিক শ্ৰদ্ধাৰ্ঘ্য অৰ্পণ কৰিলোঁ। তেখেতে ২০২১ চনৰ ৪ জুলাইত এই ধৰা এৰি গ’লগৈ। তেখেত মোৰ সহকৰ্মী বন্ধু আছিল; যদিওবা তেখেতে জীৱন আৰু চাকৰি মোতকৈ দুটা বছৰ আগৰপৰা আৰম্ভ কৰিছিল। তেখেতৰ চাবেক ঘৰ আছিল শিৱসাগৰ জিলাৰ শ’লগুৰি মৌজাৰ শ’লগুৰিত। জয়সাগৰৰ আমাৰ ঘৰৰপৰা মাথোঁ দুই কিলোমিটাৰ আঁতৰত। কলেজীয়া শিক্ষাৰ পাছত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূতত্ত্ব বিভাগত স্নাতকোত্তৰ পাঠ্যক্ৰম শেষ কৰি অসমৰ ভূতত্ত্ব আৰু খনি বিভাগত সহকাৰী ভূতত্ত্ববিদ হিচাপে চাকৰি জীৱনৰ পাতনি মেলে আৰু ২০১৩ চনত জ্যেষ্ঠ ভূতত্ত্ববিদ হিচাপে অৱসৰ গ্ৰহণ কৰে। একেদৰে দুটা বছৰৰ পাছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত প্ৰায়োগিক ভূতত্ত্ব বিভাগৰ পৰা শিক্ষা সাং কৰি একে ঠিকনাতে চাকৰি জীৱন আৰম্ভ কৰাৰ পাছতহে তেখেতৰ লগত মোৰ চিনাকি আৰু আত্মীয়তা গঢ়ি উঠে। তাৰ আগলৈকে তেখেতৰ লগত মোৰ চা-চিনাকি নাছিল।

 তেখেত হ’ল বৰ্তমান সময়ৰ প্ৰথিতযশা চুটিগল্প লেখক। ১৯৮০ চনত ‘খোজৰ শব্দ’ গল্প সংকলনেৰে লেখক হিচাপে প্ৰতিষ্ঠা লাভ কৰে। ইয়াৰ পাছত তেখেতৰ কেইবাখনো গল্প সংকলন প্ৰকাশ পায়। তেখেত এগৰাকী প্ৰসিদ্ধ প্ৰবন্ধকাৰ আছিল৷ বাতৰি কাকত আৰু আলোচনীত তেখেতৰ বহু প্ৰবন্ধ সিঁচৰতি হৈ আছে। প্ৰায়বিলাক প্ৰবন্ধই ব্যংগাত্মক অথচ গভীৰ চিন্তাৰ চানেকি। তেখেত বাঁওপন্থী চিন্তাধাৰাৰে চিনাকি বাবে সমাজৰ নিষ্পেষিত জনৰ বাবে সদায় লিখা মেলা কৰিছিল। নতুন সাহিত্য পৰিষদৰ তেখেত এজন প্ৰতিস্থাপক সদস্য আছিল। তেখেতৰ বহুকেইটা গল্প অনুদিত

হৈছে।

খোজৰ শব্দ॥ ২৩১