পৃষ্ঠা:Khojar Xabda.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ‘শিহু’ আৰু ‘ঘঁৰিয়ালডাঙাৰ কথা’কে ধৰি খাটনিয়াৰৰ প্ৰায়বোৰ গল্পতে একোখণ্ড ঠাই “ব্ৰক্ষ্মাণ্ডৰ ক্ষুদ্ৰ তাঙৰণ” হৈ উঠিছে। কোৱা হৈছে যে তেওঁ ভূতত্ত্ব বিজ্ঞানৰ ছাত্ৰ আছিল আৰু অসম চৰকাৰৰ ভূতত্ব আৰু খনি বিভাগৰ কৰ্মচাৰী হিচাপে তেওঁ অসমৰ বিভিন্ন ঠাই নিকটভাৱে প্ৰত্যক্ষ কৰাৰ সুবিধা পাইছিল। হাৱা ভাল চলা নাই নামৰ কিতাপৰ ‘গল্পকাৰৰ একাষাৰ’ত তেওঁ তেনে অভিজ্ঞতাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত কৈছে—

“অধ্যয়নে লেখক এজনক সমৃদ্ধহে কৰে; কিন্তু সৃষ্টিৰ বাবে লাগে প্ৰচুৰ
অভিজ্ঞতা। গল্প সাহিত্যৰ ক্ষেত্ৰত এই কথা যেন নিষ্ঠুৰভাৱে সত্য; কিয়নো
বিবিধতা অৰ্থাৎ বিষয়বস্তু আৰু প্ৰকাশভংগী নিৰ্বাচনৰ বৈচিত্ৰ্যইহে সৃষ্টিৰ
ধাৰাবাহিকতা ৰক্ষা কৰা লেখক এজনৰ একমাত্ৰ সঁচাৰ-কাঠী।” (হাৱা
ভাল চলা নাই; পৃ. ৭)”

 ভূতাত্ত্বিক আৰু নৃতাত্ত্বিক পৰ্যৱেক্ষণে দিয়া “প্ৰচুৰ অভিজ্ঞতা’ইহে যে খাটনিয়াৰক বিবিধ ঠাইৰ বিচিত্ৰ বিষয়বস্তু বাছি লোৱাৰ বাবে সমৰ্থ কৰি তুলিছিল, তাত সন্দেহ নাই। পিছে “প্ৰচুৰ অভিজ্ঞতা”ও সৃষ্টিধৰ্মী লেখক এগৰাকীৰ বাবে পৰ্যাপ্ত নহয়। জন্মগত প্ৰতিভা, সংবেদনশীলতা, সহমৰ্মিতা ইত্যাদি লেখক এগৰাকীৰ বাবে অতি আৱশ্যকীয় গুণ। যুগে যুগে অসংখ্য শ্ৰমিকে শ্ৰম আৰু শোষণৰ অভিজ্ঞতা লাভ কৰিছে; কিন্তু তেওঁলোকৰ একাংশইহে কেৱল অভিজ্ঞতাক সাহিত্য-কলালৈ ৰূপান্তৰিত কৰিব পাৰিছে। আকৌ, বহু লেখকে শ্ৰম আৰু শোষণৰ নিজা অভিজ্ঞতা নথকা সত্ত্বেও সহমৰ্মিতাৰ গুণে সেয়া আন্দাজ কৰি আয়ত্ত কৰিব পাৰিছে। তেনেদৰে, নাৰীবাদী সমালোচনাৰ এটা ভাগ হৈছে gynocriticism বা নাৰী-সমালোচনা, যিয়ে পুৰুষতান্ত্ৰিকতাৰ বিৰুদ্ধে প্ৰতিবাদ নকৰে কিন্তু নাৰী-অভিজ্ঞতাসমূহ উজলাই তুলি ধৰে। নাৰীৰ কথা নাৰীয়েহে ভালদৰে ক’ব পাৰে – এয়ে নাৰী-সমালোচনাৰ প্ৰাথমিক ধাৰণা। এই ধাৰণা অনুযায়ী নাৰী সম্পৰ্কে নাৰীবাদ-পন্থী পুৰুষৰ লেখাৰাজিৰ বিশেষ গুৰুত্ব নাই। তথাপি, নাৰীত্বৰ প্ৰত্যক্ষ অভিজ্ঞতা অবিহনেও, কেৱল অনুমানৰ ভিত্তিত হ’লেও নাৰীবাদ-পন্থী কিছুসংখ্যক পুৰুষ লেখকে নাৰী সম্পৰ্কীয় কিছুমান দিশ বুকুত লগাকৈয়ে তুলি ধৰিব পাৰিছে। ভবেন্দ্ৰ নাথ শইকীয়াই বিয়াৰ বয়স পাৰ হৈ যোৱা নাৰীৰ নিঃসংগতা আৰু যৌন-আকাংক্ষা আৰু স্বামীৰ এলাগী হোৱা নাৰীৰ মৰ্মবেদনা যেনে সূক্ষ্মদৰ্শিতাৰে তুলি ধৰিছে, বহু নাৰীয়ে সেইবোৰ কথা তেনেদৰে তুলি ধৰিব পৰা নাই। সেয়েহে বুজা যায় যে আনৰ অভিজ্ঞতা প্ৰতিভা- সংবেদনশীলতা-সহমৰ্মিতাৰে আয়ত্ত কৰি আপোন অভিজ্ঞতালৈ ৰূপান্তৰিত কৰিব

পৰাটো মহৎ লেখকৰ সৃষ্টিৰ এটা নিৰ্ণায়ক দিশ।

খোজৰ শব্দ॥ ৩৭