পৃষ্ঠা:Khojar Xabda.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

don’t. I think it’s because I get to dream when I'm awake, so I do not have to dream, when I am sleeping” মুৰাকামিৰ এই উক্তিয়ে আমাক কয় গল্পকাৰ আৰু ঔপন্যাসিকগৰাকীৰ নিজস্ব মেজাজৰ কথা, যি মেজাজ তেওঁৰ সাহিত্যত সজোৰে উপস্থিত। কেতিয়াবা সি অবাস্তৱ, আৰু হয়তো আজগুবি যেন লাগিবও পাৰে। তেওঁৰ গল্পত বান্দৰে মানুহৰ দৰেই কথা কয়, সেই বান্দৰে গল্পৰ চৰিত্ৰৰ নাম সেই চৰিত্ৰটিৰ সৰুকালতেই চুৰ কৰি লৈ যায়, ফলত চৰিত্ৰই বাৰে বাৰে নাম পাহৰি যোৱাৰ একধৰণৰ বেমাৰত ভোগে। কিন্তু এয়া পুৰাকথা নহয়, তেখেতে কৈছে এটা সাম্প্ৰতিক সময়ৰ গল্প। কেতিয়াবা সাহিত্যত আকাশৰপৰা সৰি পৰে মাছ, মাছৰ বৰষুণ হয়। মুৰাকামিয়ে দিনত দেখা সপোনবোৰেই তেওঁৰ কল্পনা, যাৰ সতে থাকে সোঁৱৰণি— তেওঁ লয় লেখকৰ স্বাধীনতা। ইয়াক উপভোগ কৰে নিভৃতে। সেয়েহে তথাকথিত এক storyteller হোৱাতকৈ তেওঁ এজন story watcher হ’বলৈ ভালপায়।

 সাহিত্যৰ বিৱৰণীৰ বাবে স্ৰষ্টাই গ্ৰহণ কৰা এই মেজাজ আৰু স্ৰষ্টাই লোৱা স্বাধীনতাই মুৰাকামিক আগুৱাই লৈ গৈছে। যি যাত্ৰা আনতকৈ ভিন্ন। আৰু কথনৰ দীঘলীয়া, কষ্টকৰ যাত্ৰাৰ মাজেৰে স্ৰষ্টাই যেতিয়া তাক প্ৰতিষ্ঠা কৰে, তাৰ বাবে তেওঁৰ এক প্ৰস্তুতি থাকে —এই গোটেই প্ৰক্ৰিয়াত স্ৰষ্টা হৈ উঠে সাহসী। তেওঁ অন্ধকাৰৰ মাজেৰেই যায়, পোহৰৰ ৰহস্যবোৰ উন্মোচিত কৰি তেওঁ চমকিত হয় আৰু পাঠকক তাৰ সোৱাদ দিয়ে।

 অসমীয়া সাহিত্যৰ এগৰাকী অন্যতম শ্ৰেষ্ঠ গল্পকাৰ বিপুল খাটনিয়াৰ মুৰাকামিৰ সমকালীন। অৱেশ্য বয়সৰ জোখেৰে মুৰাকামি পাঁচবছৰৰ ডাঙৰ—কিন্তু মুৰাকামিৰ দৰেই তেওঁৰ আছে ভিন্ন মেজাজ, তেওঁ লৈছে স্বাধীনতা আৰু অনেক শ্ৰেষ্ঠ গল্প তেখেতে আমাক দিছে— যিবোৰ গল্পই সমাজৰ আৰু সাহিত্যৰ বহুতো সত্য আমাৰ সন্মুখত উন্মোচিত কৰিছে, স্থানীয় প্ৰেক্ষাৰ সতে সমকালীন বিশ্বৰ সংযোগ স্থাপন কৰিছে। মুৰাকামিৰ দৰেই তেৱোঁ নিভৃতৰ গল্পকাৰ। পাৰ্থক্য মাথোন এয়ে যে, মুৰাকামি বৰকৈ চৰ্চিত, তেওঁ জীৱনকালতেই অভাৱনীয় প্ৰসিদ্ধি লাভ কৰিছে। কিন্তু বিপুল খাটনিয়াৰক জীৱনকালত আমি তেওঁৰ প্ৰাপ্য সন্মান দিয়াত অৱহেলা কৰিলোঁ। অসমীয়া সাহিত্যৰ এইগৰাকী লেখত ল'বলগীয়া গল্পকাৰ সিদিনা হঠাতেই আমাৰ মাজৰপৰা হেৰাই গ'ল। যদিওবা বিপুল খাটনিয়াৰৰ গল্পৰ এক নিৰ্দিষ্ট মেজাজৰ কথা ইয়াত কোৱা হৈছে, তথাপি মাথোন গল্প লিখাৰ স্বাধীনতা লৈ এক ভিন্ন মেজাজৰ কথা ক’বলৈকে বিপুল খাটনিয়াৰে কিন্তু গল্পৰ বাট লোৱা নাই। সাহিত্য চৰ্চাৰ বাবে

গল্পকেই প্ৰকাশৰ উপযুক্ত মাধ্যম বুলি ভবা বিপুল খাটনিয়াৰে সমসাময়িক বহুতো

৬৮ খোজৰ শব্দ