পৃষ্ঠা:Khojar Xabda.pdf/১৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভতিজা জোঁৱাই বিপুল খাটনিয়াৰ

নিলীমা দত্ত চৌধুৰী

বিপুল খাটনিয়াৰ— যাৰ নামটোৱে কয় এজন বিশিষ্ট গল্পকাৰৰ কথা, যাৰ প্ৰতিটো গল্পত প্ৰকাশ হয় সাধাৰণ মানুহৰ প্ৰতি গভীৰ ভালপোৱা, বিশ্বাস, সহানুভূতি— যিয়ে সকলো লোকৰে হৃদয় চুই যায়। তেওঁৰ সাহিত্যিক দিশটো ক’ব খোজা নাই, এজন অতি সাধাৰণ, সহজ-সৰল, মানুহক ভালপোৱা মৰমীয়াল মানুহজনৰ বিষয়েহে ক’বলৈ চেষ্টা কৰিছোঁ।

 বিপুল খাটনিয়াৰ— সম্বন্ধত মোৰ ভতিজা জোঁৱাই— ৰীণা মোৰ দাদাৰ ছোৱালী। এনেকুৱা সম্পৰ্ক বহুতেই আছে। কিন্তু বিপুল খাটনিয়াৰ লগত আমাৰ পৰিয়ালৰ যি সম্পৰ্ক আছিল, সেয়া একেবাৰে অন্তৰৰ। পেহীশাহু-জোঁৱাই দুয়ো আছিলোঁ একে আদৰ্শত বিশ্বাসী, দুয়ো নতুন সাহিত্য পৰিষদৰ সৈতে জড়িত, যিটোৱে হয়তো আমাৰ আন্তৰিক সম্বন্ধ বেছি দৃঢ় কৰিছিল। ‘পেহী’ শব্দটো তেওঁৰ মুখত অনবৰতে লাগি আছিল—এনে লাগিছিল যেন সৰু ভতিজা এজনৰ লগতহে মই কথা পাতি আছোঁ।

 আমি নতুন সাহিত্য পৰিষদৰ দক্ষিণ গুৱাহাটী শাখাৰ লগত জড়িত। তেঁৱো আমাৰ শাখাৰ সদস্য আছিল, সকলোৰে লগত আত্মীয়তা গঢ়ি তুলিছিল আৰু মানুহে তেওঁক অন্তৰেৰে ভাল পাইছিল। আমাৰ যিবোৰ মাহেকীয়া বৈঠক হৈছিল, তেওঁ তাত প্ৰায়ে উপস্থিত থাকিছিল। তেওঁ এজন বিশিষ্ট সাহিত্যিক— সেয়ে তেওঁৰ সমুখত আমাৰ লিখনি পাঠ কৰিবলৈ কিছু সংকোচ হৈছিল। তেঁৱো কিন্তু তেওঁ সকলোকে ইমান উৎসাহ দিয়ে যে সংকোচ কৰাৰ কোনো সুৰুঙাই নেথাকে। মই লক্ষ্য কৰিছিলোঁ সকলো মানুহৰেই লগত অতি আন্তৰিকতাৰে কথা পাতিছিল— অন্তৰত সঁচা মৰম নেথাকিলে যিটো সম্ভৱ হ’ব নোৱাৰে। সেই মিটিঙবোৰত তেওঁৰ

সৈতে কটোৱা সময়বোৰৰ কথা ভাবিলে দুচকু পানীৰে ভৰি যায়।

খোজৰ শব্দ॥১৯৭