পৃষ্ঠা:Khojar Xabda.pdf/২৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তেনেকুৱা এটা হ’ব পাৰে। মই যি পৰিৱেশত ডাঙৰ-দীঘল হ'লোঁ, মই যিখন সমাজ সৰুৰেপৰা দেখি আহিলোঁ, মই যিবিলাক মানুহ আশৈশৱ লগ পাই আহিছোঁ তেওঁলোকৰ জীৱনশৈলী, কথনভংগী, আচাৰ-ব্যৱহাৰে মোৰ গল্পৰ শৈলীক প্ৰভাৱিত কৰিব পাৰে৷ সেই আইতাগৰাকীৰ কথা উল্লেখ কৰিছোঁৱেই। নিচুকনি গীতেৰে সাধু কোৱা আইতা আছিল— দিখৌপৰীয়া এটি কাঁড়ী পৰিয়ালৰ — গাঁওখনৰ নামেই ‘কাড়ীগাঁও’। তেওঁলোকৰ পুলিন-পুথাওসকলৰ কোনো কোনোৱে হাত-ভৰি, চকু- মুখ ডেকা বয়সতে হেৰুৱাই পঙ্গু জীৱন কটাইছিল— যুঁজলৈ গৈ তেওঁলোকৰ আধাখিনি অথবা সৰহভাগ পুৰুষ ঘূৰি অহা নাছিল। বাৰী বিধৱাৰ চকুলোৰে দিখৌ উপচি পৰিছিল । কাহিনী এটা কোৱাৰ ক্ষেত্ৰত সেই আইতাগৰাকীৰ বা ম‍ই ঘনিষ্ঠভাৱে লগ পোৱা আন কাৰোবাৰ ভংগী মোৰ মাজত আহি যাব পাৰে। কেতিয়াবা মই নিজেও তেনেকৈ কাহিনীটো ক’বলৈ চেষ্টা কৰিছোঁ। তথাপি মোৰ বাবে সদায় বিষয়বস্তুহে মূল কথা। বিষয়বস্তুৱেই পথ উলিয়াই দিছে কেনেকৈ কাহিনীটো মই ক’ব লাগিব। বিশ্বাসযোগ্য চিত্ৰখন উলিয়াই অনাৰ প্ৰয়োজনত কেতিয়াবা গল্পৰ কৌশলকো তললৈ চাব লগা হৈছে।

সংকলনটোৰ ষোলটা গল্পক— আমি দেখিছোঁ— আঠোটাকৈ দুটা ভাগত ভাগ কৰা হৈছে। প্ৰথম ভাগটোৰ গল্পত অসমীয়া গ্ৰাম্য সমাজ-জীৱনৰ কথকতাই স্থান পাইছে আৰু দ্বিতীয় ভাগৰ ‘চেগুন বনৰ কথা’, ‘ৰৈী’, ‘মেঘ’, ‘বেংগ্ৰা’, ‘হার্কি’ আদি গল্পত অসমৰ জনজাতীয় আৰু আদিবাসী সমাজ-জীৱনৰ কথাই স্থান পাইছে। গল্পখিনি এনেকৈ কিতাপখনত উপস্থাপন কৰাৰ কিবা কাৰণ আছে নেকি ?

আলচতে তেনেকুৱা পাৰ্থক্য এটা ৰাখিবলৈ সচেতনভাৱেই প্ৰয়াস কৰিছোঁ। প্ৰথম ভাগৰ গল্পখিনিৰ পটভূমি আৰু মূল বিষয় ক্ৰমাৎ হেৰাই যাবলৈ ধৰা উজনি অসমৰ প্ৰাচীন গ্ৰাম্য জীৱন, ইয়াৰ আচাৰ-বিচাৰ আৰু কথকতা। এই খণ্ডৰ গল্পবোৰ একত্ৰিতভাৱে এখন যেন ছবি— ধৰক পেইণ্টিংহে কিজানি৷ দ্বিতীয় অংশৰ গল্পবোৰৰ পটভূমি মধ্য আৰু নামনি অসম। পটভূমিৰ উপৰি দ্বিতীয় খণ্ডৰ বিষয়বস্তু সুকীয়া সুকীয়া। ইয়াৰে চাৰিটা গল্পৰ মূল আধাৰ সন্ত্ৰাস। মই কেৱল মানৱীয় দিশটোতে আবদ্ধ হৈ নাথাকি সন্ত্ৰাসৰ আৰ্থ-সামাজিক কাৰকসমূহ দেখুৱাবলৈ চেষ্টা কৰাৰ লগতে— আৰু ইয়াৰ পৰিণতিৰ প্ৰতিও গুৰুত্ব দিবলৈ বিচাৰিছোঁ। সন্ত্রাস, দাংগা, গোষ্ঠী-সংঘৰ্ষৰ গুৰি ধৰে মূলতঃ এটা বিশেষ শ্ৰেণীৰ স্বাৰ্থই আৰু মৰণ ঘটে বিৰিণাৰ, গুৰি পৰুৱাৰ। নিজৰ উদৰ পূৰোৱাৰ পাছতে আটায়ে কিন্তু ভদ্ৰ লোকৰ

২৮৬॥খোজৰ শব্দ