পৃষ্ঠা:Khojar Xabda.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মস্কৰা সহ্য কৰি হ’লেও আঁকোৱালি লোৱাৰ যি প্ৰয়াস কৰিছে তাৰ নিষ্ফলতা পাঠকে অনুধাৱন কৰিব পাৰে। একেদৰে মনোজ পূজাৰীৰ বৃদ্ধা মাকে ‘বামুণ’ৰ আখলত মুছলমান মলিনাক কেৱল প্ৰৱেশ কৰিবলৈ দিয়াই নহয়, তাইৰ হাতেৰে যুগুতাই দিয়া খোৱাও নিজহাতে ৰান্ধিছে অথচ সমগ্ৰ বিপ্লৱ পন্থীৰ নিৰ্যাতনৰ চানেকি মনোজ আৰু মলিনাৰ মুখৰ কটা দাগে কঢ়িয়াই ফুৰাৰ দৰে তেওঁৰো ৰাজনৈতিক উন্মত্ততাৰ চিকাৰ হোৱা আটাইকে ‘ভাং খোৱা হাতী’ (পৃ. ১২৬) আখ্যা দি মনৰ দাগ মোচনৰ চেষ্টাত ব্ৰতী হৈছে। সমকালীন সামাজিক-ৰাজনৈতিক ঘটনা প্ৰবাহৰ লিপিবদ্ধ ইতিহাসত এনে প্ৰান্তীয় অৱস্থিতিৰ নেৰেটিভৰ প্ৰয়োজনীয়তা বিপুল খাটনিয়াৰৰ গল্পই সঠিক ৰূপত সাব্যস্ত কৰি গৈছে। ৰাষ্ট্ৰ আৰু ৰাষ্ট্ৰবিৰোধী গণতান্ত্ৰিক তথা সশস্ত্ৰ এই দুয়ো ধাৰাৰ সংগ্ৰামৰ মেৰপেচত পিষ্ট তথা নিৰ্যাতিত এনে অৱস্থানৰ ট্ৰ’মা তথা অনিশ্চিত যাত্ৰা গল্পকাৰে নিজস্ব ভাষাৰ বৈচিত্ৰ্যৰে সমৃদ্ধ ৰূপত তুলি ধৰিছে। আশী-নব্বৈ দশকৰ এনে প্ৰান্তীয়কৰণৰ উপৰিও অসমীয়া সমাজৰ উত্তৰ- ঔপনিৱেশিক উত্তৰণে কঢ়িয়াই অনা অন্যান্য প্ৰান্তীয়কৰণৰ প্ৰসংগৰ প্ৰতিও বিপুল খাটনিয়াৰ সমানেই সচেতন।

 ‘ঘঁৰিয়ালডাঙাৰ কথা’ (২০১৬) গল্প সংকলনৰ প্ৰায় আটাইবোৰ গল্পতে সামাজিক-ৰাজনৈতিক প্ৰান্তীয়কৰণৰ নিৰ্বিচাৰ প্ৰক্ৰিয়াই জাতি, ধৰ্ম, বিশ্বাস আদি কাৰকৰ পৰিপ্ৰেক্ষিতত সময়ে সময়ে সলনি হৈ থকা প্ৰান্তীয়তাৰ ‘অৱস্থান’ নিৰ্ণয়ৰ ৰাজনীতিৰ এক মনোগ্ৰাহী বিশ্লেষণ দেখা পোৱা যায়। ৰংঘৰৰ বাকৰিত মহৰমৰ তামাচাত ভাটি দেশৰ ‘মান’ৰ হাতত প্ৰাণ হেৰুওৱা তাজিয়া নেখেলা ‘সোণটি গৰীয়া’ৰ কাহিনীৰে ইছলাম ধৰ্মলৈ অহা নতুন ধৰ্মীয় উপাদানৰ আলমত হোৱা বিভাজন তথা আন ফৈদৰ সৈতে হোৱা সংঘাতৰ যোগেদি ধৰ্মীয় বিশ্বাসৰ নতুন সোঁতত কিদৰে পুৰণি ঐতিহ্যৰ ঠাইত গোড়ামি আৰু উন্মত্ততাৰ প্ৰদৰ্শন সূচনা হয়, তাৰে এক সাৱলীল বৰ্ণনা দেখা যায়। প্ৰান্তীয় অৱস্থানৰ পৰা শিৱসাগৰৰ গৰীয়া মুছলমানৰ এনে অতীত বীক্ষণ একে সময়তে আন আন ধৰ্মৰো মেৰুকৰণৰ ৰাজনীতিয়ে সলাই পেলোৱা সমীকৰণৰ প্ৰতিভূ। কেৱল সোণটি গৰীয়া বা হাইদৰ আলীয়েই নহয়, ভগনীয়া জীৱন কটোৱা পমুৱা মুছলমান চুলতানহঁতৰ প্ৰাত্যহিক জীৱনৰ যন্ত্ৰণা তথা সন্দেহজনক বাংলাদেশী খেদা সাময়িক অভিযানৰ ফলত ন্যূনতম স্বাস্থ্য সেৱাৰ সুবিধাৰ বাবে হাহাকাৰ কৰিবলগীয়া হোৱা গৰ্ভৱতী মাতৃৰ কঠিন প্ৰসৱকালৰ কাহিনীৰে ‘ৰাগ কেদাৰ’ৰ দৰে গল্পই এইচাম প্ৰান্তীয় মানুহৰ ঠিকনাবিহীন অস্তিত্বৰ আঁৰৰ ৰাজনৈতিক পটভূমিও উদঙাই দেখুৱাইছে। খাটনিয়াৰৰ গল্পৰ প্ৰান্তীয় বিষয়ীৰ

৩২॥খোজৰ শব্দ