পৃষ্ঠা:Khojar Xabda.pdf/২৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সোঁৱৰণীৰ সেই দিনবোৰ

ৰীণা ৰয় খাটনিয়াৰ

জীৱনৰ সাতত্ৰিশটা বছৰ ৰ’দ-বৰষুণ বতাহ-ধুমুহাৰ মাজেৰে হাতে হাত ধৰি পাৰ হৈ আহি হঠাৎ যেন উজুটি খাই পৰিলোঁ। উভতি চাই দেখোঁ তেওঁ মোৰ কাষত নাই। এক অবিশ্বাস্য সত্যক সাৰোগত কৰি আগবাঢ়ে মোৰ একাকী জীৱন-যাত্ৰা। পিছলৈ উভতি চোৱাৰ অৱকাশ নাছিল তেতিয়া। আজি জানো কিয় বাৰে বাৰে উভতি চাবৰ মন যায় পাৰ হোৱা সেই দিনবোৰ!

 স্মৃতিপটত জীৱনৰ অনেক মুহূৰ্তৰ অনেক ছবিয়ে ভিৰ কৰিছেহি। কিমান দিননো হ’ল তেওঁৰ স’তে মোৰ সংসাৰ?? ‘৮৩-ৰ অসম আন্দোলনৰ ধুমুহাৰ মাজত এদিন দুপৰীয়া মোৰ ককাইদেউসম একে নামেৰে তেওঁৰ এজন বন্ধু আমাৰ ঘৰলৈ আহিছিল। আন আন কথা প্ৰসংগৰ মাজতে তেওঁ ক’লে, ‘বিপুল খাটনিয়াৰে তোমাক পছন্দ কৰিছে, তোমাৰ মতামত কি?’ মই উচপ খাই উঠিলোঁ। তেতিয়ালৈকে খাটনিয়াৰৰ সৈতে মোৰ চাক্ষুষ পৰিচয় নাছিল। ‘নতুন পৃথিৱী’ত লিখা গল্পৰ জৰিয়তেহে তেওঁ মোৰ পৰিচিত আছিল। ‘নতুন পৃথিৱী’খন ওলালে প্ৰথমেই বিচাৰি উলিয়াও তেওঁৰ গল্প। ঘৰত কোনো নাছিল যে মই তাৰপৰা পলাই যাম। উপায়ন্তৰ হৈ ক’লোঁ ‘পিতাৰ মতেই মোৰ মত’। পিছদিনা ভৰ দুপৰীয়া তেওঁ নিজেই আহিল। ইমানে দিনে কৌতূহল থকা মানুহজনক নিজ চকুৰে দেখি লাজ-ভয় নে সংকোচ তেনে এটা অৱস্থা। পিছে তেনেধৰণৰ কোনো কথা তেওঁৰ ফালৰপৰা নোলাল। বিদেশী বিতাড়ন আন্দোলনত তেওঁৰ পৰিয়াল, আমাৰ পৰিয়াল, সতীৰ্থসকলৰ ওপৰত চলা অত্যাচাৰ আদিৰ কথাহে আলচ হ’ল। লগতে, তেওঁ অসমৰ ভূতত্ত্ব আৰু খনি বিভাগত চাকৰি কৰে, সেই সূত্ৰে সেই সময়ত ‘জিয়’লজিকেল চাৰ্ভে অফ ইণ্ডিয়া’ৰ তৰফৰপৰা আয়োজন কৰা প্ৰশিক্ষণত প্ৰশিক্ষণৰত হৈ আছে, সমগ্ৰ

খোজৰ শব্দ॥২৬১