মই ক’লোঁ, ‘মই নো কি দোষ লগালোঁ বিপুল দা?’
ক’লে, ‘বেয়া খবৰবোৰ তোমাক নিদিওঁ বুলিয়ে ফোন কৰা নাই! মই কীমো লৈ আছোঁ।”
মই শুধিলোঁ, ‘কীমো? কিয় লৈছে?’
‘কীমো কিয় লয়?’ ওলোটাই মোক প্ৰশ্ন কৰিলে!
‘মোৰ মুখৰ মাত হৰিল!’ ইমান সহজতে ক’লে। মাতত কোনো জড়তা নাই! মোৰ অৱস্থা দেখি তেখেতে বেছি কথা নাপাতিলে। ফোনটো থ’লে। মনটোৱে নামানিলে। বিৰিঞ্চিলৈ ফোন লগালোঁ। সি ক’লে সঁচা!
পাছদিনা বৌক আকৌ ফোন কৰিলোঁ। বৌৱে ক'লে, ‘মাজতে তোমাৰ সৈতে কথা পাতি থকা গম পাইছিলোঁ, মই ভাবিলোঁ তোমাক নোকোৱাকৈ থাকিব নে!’ বৌৱে ছমাহ চিকিৎসা কৰালে ভাল হ’ব বুলি কৈছিল। বিপুলদায়ো বৌৰপৰা ফোনটো কাঢ়ি নিয়াদি নি কথা পাতিলে, ক’লে লিখা-মেলা কৰি আছে যদিও অলপতে ভাগৰ লাগে, পঢ়াত মন বহাব পৰা নাই। বহুত কিতাপ নপঢ়াকৈয়ে থাকি গ'ল হেনো! কিবা নতুন কিতাপ পঢ়িলে তাৰ জ্ঞানৰ এভাগ আমাকো দিবলৈ নাপাহৰে ৷ অনৰ্গল কথা কৈ থকাৰ মাজতে কেতিয়াবা মই অন্যমনস্ক হোৱা যেন পালে কয়,‘এই যে বকি আছোঁ, মোৰো মনত ৰখা হয়। কেতিয়াবা তোমাৰো কামত আহিব!’ তাৰ পাছত দুই এটা ধেমেলীয়া কথা কৈ ফোনটো কাটি দিয়ে।
সন্ধিয়া পাঁচটা বাজি দুই মিনিটত হঠাৎ বিপুলদাৰ নামটো স্ক্ৰীণত জিলিকি বাজিল। ময়ো উলাহেৰে মাত লগালোঁ, ‘বিপুলদা!’
‘মই বৌ হে! বিপুলদাক ভেণ্টিলেচনত ৰাখিছে, ডাক্তৰে নৌ হোপ বুলি কৈছে!’
বৌৱে ফোনটো থৈ দিলে আৰু একো শুধিবলৈ নাপালোঁ। বিৰিঞ্চিৰ ফোন বাজিল অলপ পাছত, ‘বাইদেউ বিপুল দা গ’ল!’
এনেই কাৰো অভিভাৱকত্ব ভাল নালাগে। কিন্তু অনুভৱ হৈছে সাহ এটা যেন নোহোৱা হৈ গ’ল। বিপুলদা, মানুহক ইমানো ঋণী কৰি যাব নাপায়! কিন্তু কেৱল ময়েই নে! বিপুলদাৰ ওচৰত বিভিন্ন ধৰণে ধৰুৱা হৈ থকা মানুহ অসমৰ চুকে কোণে, গাঁৱে-ভূঞে কিমান যে ওলাব ঠিক নাই।
তেখেতৰ কোনো গল্পৰ বিষয়ে কেতিয়াবা শুধিলে গল্পটোৰ সৃষ্টিৰ আঁৰৰ কথাবোৰ কৈ যায়। ক্ষেত্ৰ অধ্যয়নৰ বাবেও কেনেধৰণৰ পূৰ্বজ্ঞান আৰু
সংবেদনশীলতাৰ প্ৰয়োজন সেই কথা বিপুলদাৰ কথাবোৰ শুনিয়েই গম পাইছিলোঁ।