পৃষ্ঠা:Khojar Xabda.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

‘গণশত্ৰু’, ‘নয়নতৰাৰ কথাৰে’, ‘মেনকা’, ‘গধূলি বেলিৰ ৰং’, ‘বৈধব্য’, ‘পৰশুৰাম’ আদি গল্পসমূহ একে থূলতে অন্তৰ্ভুক্ত কৰিব পাৰি। ‘গণশত্ৰু’ত সাংস্কৃতিক মনৰ অধিকাৰী এগৰাকী নাৰীৰ স্বামীৰ সৈতে মনোগত দ্বন্দ্বৰ বাবে সংসাৰলৈ আহি পৰা জটিলতা, ‘নয়নতৰাৰ কথাৰে'ত বিবাহৰ বয়স ওকলা এগৰাকী নাৰীৰ জীৱনৰ ঘাত-প্ৰতিঘাত, সংগ্ৰামৰ বৰ্ণনা, ‘বৈধব্য’ত বিধবা ‘সত্য’ৰ জীৱনৰ কৰুণতা; মনোদ্বন্দ্বৰ অন্তৰস্পৰ্শী বৰ্ণনা, ‘গধূলি বেলিৰ ৰং’ত এক অসহায় বৃদ্ধ আৰু আশ্ৰয়হীনা এগৰাকী মহিলা পৰস্পৰৰ কাষ চাপি অহাৰ পৰিক্ৰমা চিত্ৰিত হৈছে। আনহাতে ‘মেনকা’ আৰু ‘এখন টেবুলৰ কাহিনী'ত জীৱনযাত্ৰাৰ কঠোৰ সংগ্ৰামত শৰীৰকো জীৱিকাৰ উপায় হিচাপে ল'ব লগা হোৱাৰ মৰ্মদ্ভদ অভিজ্ঞতাৰ চিত্ৰায়ণ ঘটিছে। অতি নাটকীয় হ'লেও আকৰ্ষণীয় বৰ্ণনাৰ এক চুটি কাহিনী হ’ল ‘বৃষভ সংহতি'। চহৰখনত বিচৰণ কৰা এটা প্ৰকাণ্ড ষাড়লৈ সকলোৰে সমীহ, ভয়-ভক্তি। এই গো-দেৱতাক নিয়মিতভাৱে পূজা দিয়ে বিভিন্নজনে। গৰুটোৱে খাই অটাব নোৱাৰা ওপৰঞ্চিখিনি খাই পেট পুহি থকা এগৰাকী বৃদ্ধাৰ বাবে অমানিশা নামি আহিছে ৰে'লৰ খুন্দাত গৰুটোৰ মৃত্যু হোৱাৰ দিনা। গৰুটোৰ মৃত্যুত দুখ নহয়, নিজৰ খাদ্যৰ ভিকাচন ভগাৰ শ্লেষাত্মক পৰিণতি অতি মৰ্মান্তিক।

 বিপুল খাটনিয়াৰৰ গল্পত যিদৰে সামাজিক অনুষঙ্গবোৰৰ যুক্তিনিষ্ঠ বিশ্লেষণ দেখিবলৈ পোৱা যায়, আনফালে উপমা-চিত্ৰকল্পৰ যোগেদি কিছুমান পৰিস্থিতি- পটভূমিৰ কলাত্মক চিত্ৰায়ণো দেখিবলৈ পোৱা যায়। তেওঁৰ ‘এতিয়া ঘিলাধাৰী’ গল্পৰ পৰা তিনিটা উপমা এইখিনিতে উদ্ধৃত কৰিব পাৰি—

“(ক) গাভিনী ছাগলীৰ ওহাৰ ওলমি মাটিত চোঁচৰি পৰাৰ দৰে ডাৱৰৰ
ভৰত আকাশখনো আহি যেন পৃথিৱীত লাগিছেহি। (দখাৰ পৃ. ৩৬)
(খ) জীয়াঢলৰ শুকান টেটেৰা পৰা দেহাটোও এইকেইদিনতে
ফিট্‌ফিটীয়া হ'ল; যেন ন পোৱাতীৰ বুকু—এই ফুটো, এই ফাটো।
(দখাৰ, পৃ. ৩৬)
(গ) চকা-মকা পোহৰত, গঞাৰ খঙাল মুখবোৰ পানীৰ তলত শ’লমাছৰ
চকুৰ দৰে টলটলকৈ জিলিকি উঠিল।” (দখাৰ, পৃ. ৪৫)

 গল্পকাৰ বিপুল খাটনিয়াৰে গল্পৰ মাজেৰে প্ৰগতিবাদী চিন্তা-চেতনাৰ প্ৰকাশ কৰিছে। সামাজিকভাৱে দায়বদ্ধ গল্পকাৰ হিচাপে সমাজৰ ত্ৰুটি-বিচ্যুতি, অন্যায়-অসূয়াক বলিষ্ঠ ৰূপত তুলি ধৰিবলৈ সক্ষম হৈছে। তেওঁৰ সৰহভাগ গল্পই উন্মোচন কৰিছে সমাজ-জীৱনৰ গভীৰ সত্যক। সমাজৰ নিখুঁত প্ৰতিফলন ঘটোৱাতে যদি

খোজৰ শব্দ॥৪৭