পৃষ্ঠা:Khojar Xabda.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বৈষয়িক পৰিচালনাত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰা দেখা যায়। বহুৱাৰ উল্লেখনীয় দিশটো সেই নৈতিক স্থিতিৰ সম্প্ৰসাৰণত দেখিবলৈ পোৱা যায়। কেৱল তাতে আবদ্ধ নাথাকি সেই নৈতিক আচৰণ-বিধিৰ লগত সংপৃক্ত ৰাজনৈতিক আৱৰণে জীৱনবোধৰ সমস্যা ইয়াত সূক্ষ্মতাৰে দাঙি ধৰিছে। ৰাজনীতি আৰু নৈতিকতাৰ মাজত থকা এৰাব নোৱৰা সম্বন্ধ জীৱনৰ বিভিন্ন পৰ্যায়ত, বিভিন্ন ভঙ্গী আৰু কাৰ্যক্ৰমণিকাত দেখিবলৈ পোৱা যায়। ফৰাচী দাৰ্শনিক জাঁক ডেৰিদাই কোৱাৰ দৰে কোনো মানৱীয় সম্বন্ধই ৰাজনীতিৰ প্ৰভাৱৰ পৰা মুক্ত নহয়। দেখাত সাধাৰণ বা সৰল যেন লগা কথাবোৰতো এক ৰাজনৈতিক প্ৰলেপ থাকে। বহু সময়ত এই দিশটো উহ্য হৈ থকাৰ কাৰণে ইয়াৰ প্ৰকাশ নঘটে আৰু তাৰ স্বীকৃতিও সামাজিকভাৱে সম্ভৱ হৈ নুঠে। অথচ একান্ত ব্যক্তিগত যেন লগা আৰু স্বয়ংক্ৰিয় অন্তৰ্জগতৰ ব্যৱস্থাৰ দ্বাৰা পৰিচালিত চিন্তাও কিন্তু সম্পূৰ্ণৰূপে এই প্ৰক্ৰিয়াৰ প্ৰভাৱৰ পৰা আঁতৰি থাকিব নোৱাৰে। ইয়াত অৱশ্যে এইটো পৰিষ্কাৰ কৰি দিয়া উচিত হ’ব যে এই ৰাজনীতি ঠিক সমাজত পৰিচিত ৰাজনৈতিক জীৱনৰ সৈতে একে নহয়। মানুহৰ অন্তৰ্গতৰ বিচাৰক্ষেত্ৰ আৰু তাত চলি থকা সংঘাতৰ আঁৰত যি নাটক চলি থাকে তাৰ চৰিত্ৰ ৰাজনৈতিক। বহু সময়ত এই দিশটো উহ্য হৈ থকাৰ কাৰণে ইয়াৰ প্ৰকাশ নঘটে আৰু তাৰ স্বীকৃতিও সামাজিকভাৱে সম্ভৱ হৈ নুঠে। বহু সময়ত এই ব্যক্তিসত্তাৰ নাট্যানুষ্ঠানৰ স্বভাৱ আৰু স্থিতিৰ বিষয়ে আন মানুহৰ জ্ঞান নাথাকিব পাৰে, নথকাটোৱেই স্বাভাৱিক। কেতিয়াবা ইয়াৰ বাহ্যিক প্ৰকাশৰ আধাৰত চাৰিত্ৰিক বিশ্লেষণত আমি ব্ৰতী হওঁ যদিও সেই পৰ্যালোচনা আংশিক হৈয়ে ৰৈ যায়। ব্যক্তিগত এই মনোজগত একোখনত চলি থকা নাটকৰ যি ইতিহাস তাৰ লগত বহিজগতৰ পৰিচয় হোৱাটো অত্যন্তই কঠিন আৰু প্ৰায় অসম্ভৱ। সোণতৰাৰ ৰণচণ্ডী ৰূপৰ নেপথ্যত যি নাট-ক্ৰিয়া চলি আছে তাৰ ইংগিতহে আমি পাব পাৰোঁ, সম্পূৰ্ণ মঞ্চায়নৰ অভিজ্ঞতা আমাৰ পক্ষে অসম্ভৱ। এই জটিল প্ৰক্ৰিয়াৰ সমান্তৰাল ৰূপায়ণত খাটনিয়াৰে যি দক্ষতাৰ পৰিচয় দিছে সি নিশ্চিতভাৱে সমকালীন অসমীয়া গল্প- সাহিত্যত সহজে দেখিবলৈ পোৱা নাযায়।

 পৰিমণ্ডল-ভিত্তিক ৰচনা (Ecological writing) প্ৰকৃতি-সচেতনতা দৰ্শোৱা গল্পৰ ভিতৰত বিপুল খাটনিয়াৰৰ ‘চেগুণ বনৰ কথা’ (খাটনিয়াৰ ২০০২) উল্লেখযোগ্য। অৱশ্যে ইয়াত এইটো পুনৰ দোহৰাৰ প্ৰয়োজন নাই যে এটা গল্পক কোনো এক বিশেষ বিষয়ৰ আধাৰত সংজ্ঞাবদ্ধ কৰিলে তাত অন্যান্য ইছ্যুৰ অনুপস্থিতি নুবুজায়। খাটনিয়াৰৰ গল্পত যে কেৱল প্ৰকৃতি সচেতনতাই বিদ্যমান হৈছে তেনে নহয়; ইয়াত সমান্তৰালভাৱে দেখিবলৈ পোৱা যায় দুৰ্নীতি বা অৰ্থনৈতিক কপটতাৰ

খোজৰ শব্দ॥২১