পৃষ্ঠা:Khojar Xabda.pdf/২৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আন্দোলনৰ কেতবোৰ মৰ্মান্তিক ছবি গল্পকেইটাত ফুটাই তুলিবলৈ চেষ্টা কৰিছিলোঁ- সন্মুখত কিন্তু একো ‘মডেল’ নাছিল। কি কাৰণে নাজানো, আমাৰ নমস্য গল্পকাৰসকলৰ সৰহ সংখ্যকেই অসম আন্দোলন লৈ নীৰৱ আছিল। তেওঁলোকৰ কিছুমানে আন্দোলনটোক সমৰ্থনো কৰিছিল। অভূতপূৰ্ব আন্দোলনটোৰ ছবিখন কিন্তু অসমীয়া সাহিত্যত আজিও ভালকৈ প্ৰতিভাত হৈ নুঠিল।

আগৰ কেইখন সংকলনৰ নামবোৰ সংকলনখনৰ একেটা গল্পৰে দিয়া হৈছিল। কিন্তু ‘ভিন্ন জীৱন ভিন্ন কথকতা’ এইক্ষেত্ৰত ব্যতিক্রম। এইটো সংকলনত তেনে নামৰ কোনো গল্প নাই। এনেকৈ এটা নতুন নাম দিলে কিয়?

□ ‘ভিন্ন জীৱন ভিন্ন কথকতা’ৰ কথাটো অলপ বেলেগ; ইয়াৰ গল্পবোৰৰ পটভূমি, বিষয়বস্তু আৰু কথকতা ভিন্ন ভিন্ন। মোৰ আগৰ সংকলনবোৰৰ লগত ইয়াৰ কিছু পার্থক্য আছে। সেইবাবে সংকলনটোৰ নামটোত এই ‘ভিন্ন’ শব্দটো ব্যৱহাৰ কৰিছোঁ। তাৰ বাহিৰে অন্য কথা নাই।

সংকলনটোৰ নামটোত ‘ভিন্ন’ বিশেষণটো দুবাৰকৈ ব্যৱহৃত হৈছে। এই শব্দটোৰে ‘প্রান্তীয়’ বা marginal সমাজ এখনৰ — যিখন সমাজৰ বৰ্ণনা আপোনাৰ গল্পবোৰত আছে— তেনে এখন সমাজৰ ইংগিত দিব বিচৰা হৈছে নেকি?

□ তেনেকুৱা বিশেষ একো কথা নাই। মোৰ আগৰ সংকলনবোৰৰ গল্পখিনিৰ লগত পাৰ্থক্য এটা ৰাখিবৰ বাবেই এই শব্দটো ব্যৱহাৰ কৰিছোঁ। পাঠকে গল্পবোৰ পঢ়িলে দেখিব যে ইয়াৰ গল্পবোৰৰ পটভূমি, বিষয়বস্তু আৰু কথকতা সম্পূৰ্ণ ভিন্ন। মোৰ আগৰ গল্পবোৰৰ লগত নিমিলে।

পটভূমিৰ লগতে আপুনি কথকতাৰো ভিন্নতাৰ কথা কওঁতে সংকলনটোৰ ‘বাট চ’ৰা’ত লিখা কথা এষাৰ মনত পৰিছে। আপুনি লিখিছে—‘আমাৰ স্মৃতিৰ এবখলা জুৰি আছে এখন মুখে, মুখখন বুঢ়ী আইতাৰ। আইতাৰ সোপোৰা মুখৰ। সেই অমিয়া ভাষা আৰু নিচুকনি সুৰক ধৰি ৰখাৰ চেষ্টা।' সংকলনটোৰ ‘বহুৱা’, ‘কাৱৈমাৰী সত্ৰৰ অতিথি' আদি কেবাটাও গল্পৰ narration ত আমাৰ গ্ৰাম্য সমাজ-জীৱনৰ সকলো nounce-ৰ সৈতে তেনে এগৰাকী বুঢ়ী আইতাৰে কণ্ঠ শুনিবলৈ পোৱা যায়। গল্পৰ narration-ৰ ক্ষেত্ৰত এনে সচেতন নিৰীক্ষা আপোনাৰ আগৰ কেইখন সংকলনত দেখা নগৈছিল?

খোজৰ শব্দ॥২৮৫