পৃষ্ঠা:Khojar Xabda.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গল্পই বিশেষ মনোযোগ আদায় কৰিব এইখিনিতে। ক্ষিপ্ৰ analepsis আৰু prolep- sis-ৰ কায়দাৰে ভাদৈ পেহীৰ কাহিনীটোৱে গতি লাভ কৰিছে। একালত ককায়েক আৰু বৌৱেকৰ মান ৰাখিবলৈকে সতিনী খাতিবলৈও ৰাজি হোৱা ভাদৈ পেহীৰ পৰৱৰ্তী জীৱনৰ সংগ্ৰাম আৰু ক্ষত-বিক্ষত সপোনৰ ছবিবোৰ সংঘাতময় প্ৰাত্যাহিকতাৰ অবিচল অভেদ।

 অনুক্ৰমিক বৰ্ণনাৰ পৰম্পৰাক কৌশলেৰে বাগি দিয়াৰ প্ৰয়াস কৰা হৈছে খাটনিয়াৰৰ আন এটা গল্প ‘সাঁচিপাতৰ পুথি’ৰ পৃষ্ঠভূমিত। প্ৰাজন্মিক অন্তৰায়ে অৱধাৰিতভাৱে বোৱাই অনা সংঘাতৰ মৰ্মভেদী দ্যোতনা কাহিনীটোৰ কেন্দ্ৰত। চৰিত্ৰৰ মানসিক পৰিস্থিতিৰ বিক্ষিপ্ত বিৱৰণে বাস্তৱতাৰ জটিল জগতখনকে পোহৰাই তুলিছে আকৌ এবাৰ। নিশ্চয়তাৰ ইংগিত ইয়াত পাবলৈ নাই; পিতা-পুত্ৰৰ সাংসাৰিক সাজোনটোত অনিৰ্ণেয়তাৰ প্ৰতিধ্বনি আদ্যোপান্ত।‘মোলান মৌজাদাৰৰ ঘৰ মানে কাচাকাচি ৰাজ হাউলি। পিছে ৰজাহে আছে; প্ৰজা নাই’ (পৃ. ৪৩)। এক ক্ষীয়মান ঐতিহ্যৰ শেষ প্ৰতিনিধি মোলান মৌজাদাৰ (কথ্যত সমাৱিষ্ট ‘কাল হিকটি’, ‘গল-হেকাৰি’ আদি শব্দপুঞ্জই সূচনা কৰে অৱক্ষয়ৰ আৱাহনী)। এই ঐতিহ্য ৰাজ-প্ৰশাসনৰ আশিসধন্য সামন্তীয় ঐতিহ্য; ‘পদূলি মুখৰ ডালে-পাতে আধা বিঘামান মাটি আগুৰি থকা’ (পৃ. ৪৩) বামুণী বড়জোপা যেন তাৰ স্বৰ্ণিল সৌধ। কেইবাটাও প্ৰজন্মজুৰি ৰক্ষিত এই প্ৰতীকী সম্ভ্ৰমৰ পতন মিলিছে মোলান মৌজাদাৰৰ দ্বিতীয় পুতেক গজেনৰ চৰিত্ৰটোত প্ৰকট হৈ উঠা অৰ্থনৈতিক আৰু সামাজিক নিৰাপত্তাৰ মধ্যবিত্তীয় প্ৰয়োজনৰ পৰিপ্ৰেক্ষিততঃ ‘গজেন্দ্ৰই বড়জোপা কাটিবই। এইখিনি তাৰ ভাগৰ মাটি। গছ কাটি তাতে এটা ধান বনা আৰু তেল পেৰা মিল বহুৱাব’ (পৃ. ৪৫)। গল্পটোৰ কথনত সম্পৃক্ত বাক-বৈবিধ্যই বোৱাই আনিছে বাখতিন-কথিত একধৰণৰ ‘dialogic conflict with the actual heteroglossia of life’ (দ্ৰষ্টব্য ‘Discourse in the Novel’, The Dialogic Imagination. 1981p. 398)। ৰূঢ় বাস্তৱৰ আতিশয্য আৰু ভীতিৰ পৰা সাময়িক পৰিত্ৰাণৰ নিমিত্তে মোলান মৌজাদাৰে সাঁচিপাতৰ গৌৰৱময় আখ্যানৰ মাজলৈ গতি কৰিছে সঘনাই। ক্ৰমশঃ নিষ্প্ৰভ হৈ অহা অস্তিত্বৰ গৰ্ব তেওঁ পুনৰ এবাৰ সদম্ভে সোঁৱৰাই দিছে পুতেকক, ‘জাননে কোনে ৰোৱা এই গছ? স্বয়ং গৌৰধ্বজ সিংহই হাবিৰ পৰা আনি নিজ হাতে ৰোৱা এই গছ। আমাৰ পূৰ্বপুৰুষক তেওঁ অন্তৰ ঢালি ক’লে, বোলে হৰিভকত! এইজোপা যিমানকৈ বাঢ়িব, তোমাৰ বংশৰ খিয়াতি সিমানকৈ ৰৈ-বৈ যাব’(পৃ. ৪৪), অথচ সিয়ো নিস্ফল হৈছে পৰিশেষত।‘ষোল্লহতীয়া কৰত’খন (পৃ.৪৫) ইয়াত জমিদাৰী শোষণৰ বিৰুদ্ধে যেন শেষ জোঁকাৰ স্বৰূপ, আৰু লগতে ‘ৰঙা কাপোৰেৰে বন্ধা পুথিখন’-ৰ (পৃ.৪৬) মাজত জীপ লৈ থকা

৮০॥ খোজৰ শব্দ