পৃষ্ঠা:Khojar Xabda.pdf/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কাহিনীবোৰ কওঁতে বিভিন্ন অঞ্চলৰ কথিত উপভাষাৰ ব্যৱহাৰে পাঠকৰ মনলৈ অঞ্চল বিশেষৰ তথা জনগোষ্ঠীবিলাকৰ ধাৰণা এটা আনে। যেনে, সীমান্ত অঞ্চলৰ নাগামিজ ভাষা বা মিশ্ৰিত ভাষা ব্যৱহাৰ, মাজুলিৰ মিচিং লোকৰ কথ্য ভাষা ব্যৱহাৰ, মিজো লোকৰ কথিত ভাষা ব্যৱহাৰ, চৰ অঞ্চলত প্ৰচলিত ভাষাৰ ব্যৱহাৰ ইত্যাদি। লগতে উল্লেখযোগ্য কথিত ভাষা আৰু প্ৰবচন আদিৰ ব্যৱহাৰ — পৰুৱাৰ লানি, কাতি নেউলী, পিতপিতাই, চেটেপ, নিয়ৰ সৰোৱা গোণা, শাস্ত্ৰ ভাগি, ফোপচুঙা, মাউৰত মৰা, পটাপিহা, দিহা লগাম, মেখেলা ভাৰী, আঁঠুৱাৰ তলৰ মহ, নেগুৰ কটা বাঘ, দেও উঠা, য’তে বাঘৰ ভয় ত’তে ৰাতিও হয়, লাইন হৰ, নেজ গুবৰুৱা, বিশ্বাসে মিলয় হৰি, চুঙা ফাটা দেৱানী আদি।

 চুটি পৰিসীমাৰ ভিতৰতে কেইটামান মানৱ চৰিত্ৰও উজ্জ্বল হৈ ওলাইছে— সোণটি গৰীয়া, মাপু-য়ি, চতুৰ্ভূজ অধিকাৰী, হাৰান কুণ্ডু, বকুল ঘৰফলীয়া, কোৰবান আলি।

 সংকলনটোৰ গল্প শৈলী, কথন ভঙ্গী, সমাজৰ বিভিন্ন অংশৰ সফল ৰূপায়ণে সামগ্ৰিকভাৱে গল্পকাৰৰ স্বকীয় অৱস্থান আৰু মৌলিকতা প্ৰতিপন্ন কৰে। কোনোবা সাহিত্যিকক বঁটা বাহনেৰে সন্মান দিওঁতে এইবোৰ গুণকে বিচাৰ-বিবেচনা নকৰে জানো?❐

(বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, প্ৰয়াত খনিকৰ মৃত্যুৰ সময়ত 'নতুন সাহিত্য পৰিষদ’ৰ

উপদেষ্টা আছিল)

খোজৰ শব্দ॥১০৯