পৃষ্ঠা:Khojar Xabda.pdf/১৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অলপ কথা আছিল

কিশোৰ কুমাৰ কলিতা

হয়তো সকলোৰে বাবে জীৱনত কিছুমান পথৰ, কিছুমান কেঁকুৰিৰ বিশেষ তাৎপৰ্য থাকে। হয়তো কেতিয়াবা সেই পথে বা কেঁকুৰিয়ে জীৱনলৈ কিছু অভিনৱত্ব আনি দিয়ে, ঠেলা-হেঁচাৰ জীৱনটোত তাৎক্ষণিকভাৱে এনে কিছু অভিজ্ঞতা প্ৰদান কৰে যাক লৈ জীয়াই থকা বাকী জীৱনটোত কেৱল সেইসমূহ অভিনৰ কথা, ঘটনা বা অভিজ্ঞতা পাগুলি থকা যায়। মাজে-সময়ে সমগ্ৰ দৃশাংশ মগজুৰ মেম’ৰিৰপৰা ডিলিট হৈ যোৱা যেন লাগে অথচ অকস্মাৎ পাহৰণিৰ কোনো গৰ্ভৰপৰা, মগজুৰ অ’ত ত’ত বন্ধা বাহৰপৰা একাদিক্ৰমে সেই স্মৃতি ওলাই আহে। কেতিয়াবা স্মৃতিবোৰে বহুদিনৰ বাবে ঘৰ বান্ধে। বুকুখন হেঁচামাৰি ধৰে। চিঞৰিব খুজিলেও চিঞৰিব পৰা নাযায়৷ দূৰৰপৰা কোনোবাই যেন ৰিঙিয়াই মাতে, হাত বাউলি কাষৰলৈ মাতে। অথচ সপোনত ল’ৰচৰ কৰিব নোৱাৰা অৱস্থাৰ লেখিয়া এক অৱস্থাত পৰি সঁহাৰি দিব নোৱাৰি। মাতো বুলিও মাত এষাৰ দিব নোৱাৰি।

 গুৱাহাটী ক্লাবৰপৰা দক্ষিণলৈ সোমাই যোৱা হেদায়েৎপুৰৰ গলিটোতো সোমাই আছে এনে বহু কথা, হেৰাই যোৱা সৰু-বৰ নানা দৃশ্যাংশ, অলেখ হাস্যমুখৰ মুখাৱয়ৱ আৰু কাহিনী যিবোৰে হয়তো এই ক্ষন্তেকীয়া জীৱনটোৰ স্মৃতিকক্ষ ভৰাই ৰাখিছে। বিগত দুটা দশকত এই জীৱনত যি উত্থান-পতন ঘটিল, বিভিন্ন অজুহাতত ছন্দপতন ঘটিল, নপৰোঁ বুলি ভবাৰ পিছতো অলেখ বাৰ যেনেদৰে পিছলি পৰিলোঁ সেই সমগ্ৰ ঘটনাৰ বৃহদাংশ সংঘটিত হৈছিল এই হেদায়েৎপুৰৰ গলিটোতে। মাজে সময়ে সংঘটিত অলেখ ঘটনা, কাহিনী, বাদ-বিবাদ আদিৰ দৃশ্যাংশক স্মৃতিৰপৰা উলিয়াই আনি আঁতিগুৰি মাৰি চাবলৈ বিচাৰোঁ। বেছিভাগৰে পাঠ (text) মোটামুটিভাৱে অনুমান কৰিব পাৰোঁ যদিও সেইবোৰো বিক্ষিপ্তৰূপত চকুৰ আগৰে পাৰ হৈ যায়।

সন্দৰ্ভ (context) আৰু গথন (Texture) মোটামুটিভাৱে অস্পষ্ট হয়।

খোজৰ শব্দ॥১৪৫