পৃষ্ঠা:Khojar Xabda.pdf/২৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সত্ৰৰ অতিথি’ গল্পটো মুঠ পাঁচোটা চিত্ৰকল্পৰ মাজেদি দাঙি ধৰা হৈছিল। তাৰ আগে আগেহে মাজুলিৰ জোঁৱাই এগৰাকীৰ সৈতে ৰাসৰ সময়ত নদীদ্বীপটোত চাৰি নিশা কটাই আহিছিলোঁ । বিয়াৰ আগতে নিমাতীঘাটেৰে মাহত দুবাৰকৈ লুইতখন সাঁতোৰা বন্ধুজন সেইবাৰ গৈছিল প্রায় বিশ বছৰৰ পাছত – সেয়ে তেওঁ নষ্টালজিক হৈ উঠিছিল— বানে ধোৱা মাজুলিখন আছিল তেওঁৰ বাবে অতি পৰিচিত। গল্পটোত থকা নষ্টালজিয়া তেওঁৰপৰা ধাৰ কৰা। কিন্তু ছপাৰ বাবে জমা দিয়াৰ মাত্ৰ কেইদিনমানৰ পাছতে প্ৰকাশ পোৱা শম্পা মিত্ৰৰ ডিটেকটিভ গল্প এটাই মোৰ গল্পটোৰ মেদবহুলতাৰ বিষয়ে সোঁৱৰাই দিলে। সেয়ে ডিটিপি কৰাৰ পাছতো গল্পটোৰপৰা দুটা অংশ পোনে পোনে আঁতৰাই দিয়া হ'ল। ক্ষতি নহ’ল, বৰং গল্পটোৰ নিটোলতাহে ৰক্ষা পৰিল৷ ‘কথা’ৰ লগত জড়িত ব্যক্তি হিচাপে কথাটো আপোনাৰ নিশ্চয় মনত আছে। শম্পা মিত্ৰৰ প্ৰতিও সেয়ে আওপকীয়াকৈ কৃতজ্ঞ হৈ থাকিলোঁ৷ ‘গোলাম’ক কিন্তু মেদবহুল বুলিব নোৱাৰি। কাৰণ বিষয়টোৱেই তেনে। সেই যুগৰ সমাজব্যৱস্থাক কৰা সচেতন আঘাতে ঘূৰাই গল্পৰ শৈলীকো প্রতি-আঘাত হানিছে।

ভৱিষ্যতে উপন্যাস লিখাৰ কিবা পৰিকল্পনা আছে নেকি?

□ উপন্যাসত হাত দিয়াৰ সাহস এতিয়াও গোটাব পৰা নাই৷ মই নিজে আজৰি সময়ৰ লেখকহে, পেছাদাৰী হোৱাৰ কোনো উপায় নাই, হাত-ভৰি বন্ধা।

নৰ-নাৰীৰ যৌন সম্পৰ্কৰ বিষয়ে লিখাৰ সময়ত আমাৰ প্ৰায়বোৰ লেখককে শুচিবায়ুৱা যেন লাগে। কিন্তু আপোনাৰ ‘বহুৱা' প্রভৃতি গল্পত নৰ-নাৰীৰ যৌন-সম্পৰ্কৰ কথা স্বাভাৱিক আৰু স্বতঃস্ফূৰ্ত প্ৰবৃত্তি হিচাপেই আহিছে। তাত কোনো ভণ্ডামি থকা যেন নালাগে। এইধৰণৰ কথাবোৰ এনেদৰে স্বাভাৱিকভাৱে প্ৰকাশ কৰাৰ প্ৰেৰণা ক'ৰপৰা পাইছে?

□ যৌন-সম্পর্ক ভোক-পিয়াহৰ দৰে মানৱ জীৱনৰ লগত সাঙোৰ খাই আছে। ইয়াক কোনো মতে আওকাণ কৰা নাযায়৷ আপুনি সোধাৰ আগতে বিষয়টো কিন্তু ম‍ই মুঠেই চিন্তা কৰা নাছিলোঁ । গল্পকেইটাত এই চকুত লগা দিশটো স্বাভাৱিকভাৱেই ওলাই আহিছে। কথাটো এনেকুৱা হ'ব পাৰে : আহোম ৰাজত্বত এই অঞ্চলৰ জনজীৱনৰ এক বিশেষত্ব আছিল। আহোম সৈন্যবাহিনীৰ ‘মৰি যাম, মাৰি যাম’ সৈন্যখিনি মূলতঃ এই অঞ্চলৰপৰাই সংগ্ৰহ কৰা হৈছিল। ‘আহোম’ৰ স্থায়ী সৈন্যবাহিনী নাথাকিলেও ‘খেল-পাইক’ ব্যৱস্থাৰ মাজেৰেই সা-সঁজুলি নিৰ্মাণৰ লগতে সমৰ-শিক্ষাও অব্যাহত ৰাখিছিল। এনে ব্যৱস্থা সেই সময়ত মুখ্যতঃ মাৰাঠা

খোজৰ শব্দ॥২৮৯