পৃষ্ঠা:Khojar Xabda.pdf/১৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

‘হাৱা ভাল চলা নাই’

ৰশ্মিৰেখা বৰা


 হয়, হাৱা ভাল চলা নাই বিপুল দা।

ক’বলৈ গ’লে হাৱা কোনোকালেই ভাল চলা নাছিল। সেইকাৰণেইতো আপুনি, আমি ঘূৰ্মুতিয়াই ফুৰিছিলোঁ, মূৰ আফালি মৰিছিলোঁ। পিছে হাৱা এতিয়া বেছি বেয়া হৈছে। মুকলিকৈ উশাহ ল’ব নোৱাৰা এই সময়ত চকুৰ আগতে বতাহজাক বৰ ঘাতক হৈ পৰিছে। দিনকদিনে সময়বোৰ বেছিহে বেয়ালৈ গৈ আছে। সকলো দেখিও, সকলো বুজিও আমিচোন একোৱেই কৰিব পৰা নাই। সেইকাৰণেই আপুনি আমাৰ মাজত থাকিব লাগিছিল আৰু অলপ সময় আপুনি থাকিব লাগিছিল।

 এই উভতগোৰে নচা নিলাজ যশপ্ৰাৰ্থী আৰু গোলামবোৰৰপৰা বহু দূৰৈত সকলোলৈকে বুঢ়া আঙুলি এটা দেখুৱাই থাকিব পৰা যিকেইজন মানুহ আঙুলিমূৰত গণিব পাৰি তাৰ মাজৰে এজন আছিল আপুনি। ইজনে সিজনৰ পিঠি খজুৱাই, তলুৱা চেলেকি বঁটা বাহনেৰে আত্মতুষ্টি লভি থকা এই স্তাৱককূলৰপৰা যি দম্ভৰে আপুনি আঁতৰি আছিল সেয়াই আমাৰ বাবে সাহ আছিল আৰু সেই স্পৰ্ধাৰে আমিও জীয়াই থকাৰ অনুশীলন কৰিছিলোঁ। এই অনুশীলনৰ বাটত আপোনাৰ উপস্থিতি, আপোনাৰ খোজৰ শব্দই আমাৰ পৰম সাহস। সেইকাৰণেই আপুনি যে কায়িকভাৱে আমাৰ মাজত নাই, কথাটো পাহৰি যাওঁ। ভীৰৰ মাজত কাৰোবাক আপুনি বুলি ভাবোঁ, ভুলটো ভাগি যোৱাৰ পাছমুহূৰ্ততে আকৌ সেই একেটা ভুলেই কৰোঁ। সেইকাৰণেই চাগে সপোনতো আপুনি আহি কয়, ‘ইমান সোনকালে যাম বুলি ভাবিছা নেকি...’

 অসমীয়া লেখককূলৰ মাজত আপুনি এক ব্যতিক্ৰম আছিল। আপোনাৰ ৰাজনৈতিক আদৰ্শৰ বাবে, স্পষ্টবাদিতা আৰু আপোচহীনতাৰ বাবে, বঁটা বাহন, যশ- খ্যাতিৰ বাবে হামৰাও কাঢ়ি নুফুৰা স্বভাৱৰ বাবে আপোনাক ব্ৰাত্য কৰি ৰখা হ'ল। আপুনি সবৰ্ণ লেখককুলৰ ‘জাত’ত উঠিব নোৱাৰিলে ৷ আপোনাক ইচ্ছা কৰিয়েইআঁতৰাই ৰখা হ’ল। সেইবোৰ কথা যে আপুনি কেতিয়াও গুৰুত্ব দিয়া নাছিল সেয়া জানিছিলোঁ।

সেইকাৰণেই আপোনাৰ প্ৰতি শ্ৰদ্ধাত মূৰ দোঁ খাই আছিল আৰু সদায় থাকিব।

১৪৮॥খোজৰ শব্দ