পৃষ্ঠা:Khojar Xabda.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

একেবাৰে মুখামুখিকৈ লগ পাওঁ, সেইবোৰ কেৱল তেওঁৰ গল্পৰ কাল্পনিক
চৰিত্ৰ হৈ নাথাকি আমাৰ চকুৰ আগত একেবাৰে বাস্তৱৰূপত প্ৰতিভাত
হৈ উঠে।” (স্নেহ আশীৰ্বাদ/‘দখাৰ’)

 খাটনিয়াৰৰ গল্পৰ পটভূমি বিস্তৃত। মিজোৰামৰ শিলৰ কোৱেৰীৰপৰা প্ৰান্তীয় তথা চৰ অঞ্চলৰ জনজীৱনৰ আধাৰতো তেওঁৰ গল্পৰ কাহিনী বিবৃত হৈছে। সামাজিক বিষয়বস্তুক আধাৰ কৰি গল্প লিখা লোকৰ সংখ্যা বহু থাকিলেও খাটনিয়াৰৰ গল্পৰ সামাজিক পটভূমি আৰু কাহিনীৰ মটিফ কিছু সুকীয়া ধৰণৰ। কোনেও আলোকপাত নকৰা প্ৰসংগ কিছুমানক গল্পকাৰে পাদপ্ৰদীপলৈ আনিবলৈ সক্ষম হৈছে। অসম আন্দোলন, মাধ্যম আন্দোলনৰ সময়ত মৌন হৈ পৰা ইতিহাসৰ অধ্যায় যিদৰে ‘বোবা নদী সৰা ফুল’ত উন্মোচন ঘটিছে, একেদৰে বাংলাদেশীৰ নামত থলুৱাৰ ওপৰত চলা শোষণ-অত্যাচাৰৰ ছবিখন মৰ্মস্পৰ্শী হৈ উঠিছে ‘হাৰাণ কুণ্ডুৰ ঘৰ’ গল্পত। শ্ৰমজীৱী জনতাৰ সংগ্ৰামপিষ্ট জীৱনৰ ভিন্ন দিশ প্ৰকাশ পাইছে ‘বাণীকান্ত’, ‘মিজোজাই’ আদি গল্পত। ‘বহুৱা’ গল্পটোত গ্ৰাম্য নিৰক্ষৰতাৰ সুযোগ লৈ উচ্চবৰ্ণৰ লোকে দৰিদ্ৰ শ্ৰেণীৰ ওপৰত চলোৱা শোষণ, নিপীড়ন, যৌন মনস্তত্ত্ব, অপৰাধ চেতনা আদি দিশবোৰৰ প্ৰতিফলন ঘটিছে। সামাজিক আচাৰ- আচৰণ আদিবোৰো গল্পকাৰে ব্যঙ্গাত্মকভাৱে উপস্থাপন কৰিছে। উচ্চবৰ্ণৰ লোকৰ ভণ্ডামি, শোষণৰ ছবি গল্পটোত এনেদৰে প্ৰতিফলিত হৈছে—

“বগাই ভকতে সুধিলে, দেউ। এইখিনি পদ-শিলালৈ যাবনে?
ওৱা। কয় কি ভকত? পৰাচিত্ৰ ধন কেৱল দ্বিজ-ব্ৰাহ্মণৰ প্ৰাপ্য। নৰকীৰ
একাল যদি পুৰোহিতৰো একাল। গো-বধী পাতকীক পৰাচিত কৰা
বামুণে নিজেও পৰাচিত হ’ব লাগে। লেঠা, অনেক লেঠা। দেউৱে
আঙুলিৰে চোতালৰ ধূলিত কটা-কুটা কৰি কৰি ক'লে, এতিয়া আনবোৰ
নিদান শুনক।

 পৰাচিত কৰা বামুণক দিব লাগিব সুকীয়াকৈ দহ ধেনুৰ মূল্য,
অৰ্থাৎ পাঁচশ টকা। ব্ৰাহ্মণ ভোজন বা তাৰ সলনি মূল্য। তাৰ পিছত
থাকিল জ্ঞাতি ভোজন; জ্ঞাতি ভোজন মানে—গঞা-গিয়াতী যেনেকৈ
তুষ্ট হয়। ”... (“ভিন্ন জীৱন ভিন্ন কথকতা’, পৃ. ২০)

 ‘ঘঁৰিয়ালডাঙাৰ কথা’ত জনগোষ্ঠীয় বিক্ষোভে কোবাই যোৱা প্ৰান্তীয় অঞ্চলৰ অৱস্থা অতি প্ৰাণস্পৰ্শীকৈ বৰ্ণনা কৰিবলৈ সক্ষম হৈছে। বৰ্ণনাৰ

বুদ্ধিদীপ্ততা, প্ৰতীকৰ প্ৰয়োগৰ ফলত গল্পটোৰ বিষয়বস্তুৱে অনন্য মাত্ৰা লাভ কৰিছে। ‘চাইনীজ বড়ো’ নামৰ সংকৰ ধানৰ বীজ জনগোষ্ঠীয় সমাহৰণৰ প্ৰতীক

৪২॥ খোজৰ শব্দ