ভৰষা দানৰ বাবে নতুন সাহিত্য পৰিষদে প্ৰকাশ কৰা সাম্প্ৰদায়িকতা বিৰোধী গল্প সংকলন ‘মোৰ সপোনৰ সূৰ্যৰ মানুহ’, সন্ত্ৰাস বিৰোধী গল্পৰ সংকলন ‘সূৰ্য ঢকা মেঘ’ সকলোতে খাটনিয়াৰৰ শ্ৰমৰ চানেকি উজলি আছে। তেওঁ নবীন প্ৰবীণ গল্পকাৰ সকলৰ এক যোগসূত্ৰও আছিল। আৰু আছিল অসমীয়া চুটি গল্পৰ এগৰাকী তীক্ষ্ণধী নীৰৱ সমীক্ষকো। যদিও শেষলৈ দুই এজনৰ গল্প উপন্যাস সম্পৰ্কে তেওঁ কেইটামানহে আলোচনা লিখিছিল। বেছিভাগ ক্ষেত্ৰতে অতি অন্তৰংগসকলৰ সৈতেহে এনে বিষয়ত মত বিনিময় কৰিছিল।
বিপুল খাটনিয়াৰৰ অসমৰ প্ৰতিটো চুক-কোণৰ সৈতে (অধ্যয়নৰ পৰিসৰেৰে ভাৰতৰো) বৃত্তিগতভাৱে ভূতাত্ত্বিক সম্পৰ্ক আছিল, তাৰ সুযোগতে প্ৰায় প্ৰতিটো সৰুবৰ নৃগোষ্ঠীৰ পৰিচয় আৰু তেওঁলোকৰ জীৱন-জীৱিকাৰ যন্ত্ৰণাৰ সৈতেও আছিল ঘনিষ্ঠ পৰিচয়। এইলেখাত সেই আলোচনাৰ সুযোগ নাই। তেওঁৰ গল্পৰ চৰিত্ৰবোৰ জীৱন্ত। ভিন্ন গল্পত তেওঁৰ সাহিত্য-সতীৰ্থই নামে-ধৰা দিয়ে। প্ৰথাগত আৰ্থ- ৰাজনৈতিক পৰিস্থিতিত পৰি ক্ৰমান্বয়ে তিৰোহিত হোৱা মানৱীয় প্ৰমূল্যবোৰ লোকমানসত পুনৰ জাগৃত কৰাৰ বাবেই বিষয়ভিত্তিক সমূহীয়া গল্পপুথি প্ৰকাশৰ আঁচনি নতুন সাহিত্য পৰিষদে সাৰ্থকতাৰে ৰূপায়ণ কৰিব পাৰিছিল। খাটনিয়াৰে কঠোৰ পৰিশ্ৰমেৰে গল্পকাৰসকলক সেই বিষয়ে প্ৰোৎসাহিত কৰিব পৰা সম্পৰ্কৰ বাবেই সেয়া সম্ভৱ হৈছিল। প্ৰকৃত অৰ্থতে বিপুল খাটনিয়াৰ এজন সাৰ্থক গল্পকাৰ হোৱাৰ উপৰিও এগৰাকী অনন্য সাধাৰণ অতি সক্ষম সাহিত্য সৈনিক। তেওঁক যি আদৰ্শই জন্ম দিছিল সেই আদৰ্শেৰে নিজকে তেনেকৈ গঢ়িও তুলিছিল। তথাপিও কিয় জানো শেষলৈ তেনেই অভাবনীয়ভাৱে তেওঁ নিঃসংগ আৰু নিস্তেজ হৈ পৰিছিল। কম সময়ৰ ভিতৰতে কম বয়সতে আমাৰ মাজৰপৰা এক প্ৰকাৰ আকস্মিকভাৱে তেওঁ আঁতৰি গ'ল। তেওঁৰ সমগ্ৰ ৰচনা একত্ৰে প্ৰকাশিত হলে সামগ্ৰিক মূল্যায়নৰ অৱকাশ ওলাব।
কথাশিল্পী খাটনিয়াৰ অসমীয়া কথা সাহিত্যৰ অবিস্মৰণীয় নাম হৈ সদায়ে জিলিকি থাকিব।❐
(লেখক এগৰাকী বিশিষ্ট কবি, নিৱন্ধকাৰ আৰু 'নতুন সাহিত্য পৰিষদ’ৰ প্ৰাক্তন ৰাজ্যিক
সম্পাদক)