পৃষ্ঠা:Khojar Xabda.pdf/২২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গল্পবোৰেও দি যায় সেই একেই উপলব্ধি। তেখেতৰ সকলো লেখাতেই ৰাজনৈতিক বা শ্ৰেণী চেতনা সদা জাগ্ৰত। কবিতা বুজি নাপায় বুলি কোৱা মানুহজনৰ গল্পৰ সূক্ষ্ম কাব্যিকতাই মুগ্ধ কৰিছিল।

 এটা আক্ষেপ তেখেতৰ নাছিল যদিও তেখেতৰ গল্প ভালপোৱা বহুতৰে অৱশ্যেই থাকিব যে, গল্পকাৰ হিচাপে তেখেত আণ্ডাৰ ৰেটেট হৈয়ে থাকি গ’ল জীৱনকালত। অৱশ্যে দেখি-শুনি-পঢ়ি যি বুজিছিলোঁ, খ্যাতিৰ মোহত তেখেতে কেতিয়াও লিখা নাছিল। ৰূপান্তৰৰ সপোন দেখা মানুহজনে আনকো সেই সপোন দেখুওৱাৰ মোহ এটাতহে লিখি গৈছিল। লিখি লিখি শিকিছিল, শিকাইছিল। জনপ্ৰিয়তাৰ নিগনি দৌৰত নাছিল বাবেই হয়তো দ্বিধাহীনভাৱে সকলো ক’ব পাৰিছিল। অপ্ৰিয়ভাজন হ’বলৈ অলপো ভয় নকৰিছিল। তেখেতৰ সততাই বহুতক তেখেতৰপৰা আঁতৰাই পঠাইছিল। সৎ উদ্দেশ্য আগত ৰাখি অনৈতিক (?) কামো কেতিয়াবা কৰি পেলাইছিল নিজৰ ব্যক্তিগত লাভালাভক আওকাণ কৰি। তাৰ বাবে ব্যক্তিগতভাৱে বিপৰ্যস্তও হৈছিল। পিছে কোনো কাৰণতে তেখেতক লক্ষ্যৰ পৰা বিচ্যুত হোৱা দেখা পোৱা নগ'ল। গল্পৰ জীৱনত নহয়, জীৱনৰ গল্পত জীয়াই আছিল মানুহজন, নাইবা জীৱন আৰু গল্পক একাকাৰ কৰি জীয়াই আছিল।❐

(লেখক বিশিষ্ট কবি, শিক্ষয়িত্ৰী)

বীথিকা আৰু অলকৰ লগত

২২২॥খোজৰ শব্দ