পৃষ্ঠা:Khojar Xabda.pdf/১৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অৰ্গল লগাই থয়। কিছুমানৰ আচল দুৱাৰখন পোৱাৰ আগতে বহুকেইখন আভুৱা ভঁৰা দুৱাৰ থাকে। খাটনিয়াৰে যেন মনৰ দুৱাৰখন অনবৰত খুলি ৰাখিছিল। আমাৰ এনে লাগে, আমি যেন তেওঁৰ মনৰ মানুহ হৈ পৰিছিলোঁ।

 সংখ্যাৰে বৰ কম দিন লগ পাইছিলোঁ তেখেতক। প্ৰথম লগ পাইছিলোঁ ন- সমাজৰ অন্যতম স্বপ্নদ্ৰষ্টা অনিল ৰায়চৌধুৰীৰ ঘৰত। তেতিয়া ইং ২০১৭ চন। ১৯৯০ চনৰপৰা ‘সচেতন সতীৰ্থ’, ‘কঠীয়া’, ‘সদিচ্ছা' নামৰ একোখন ক্ষুদ্ৰ আলোচনীক কেন্দ্ৰ কৰি আমি একোটা সংগঠন গঢ়ি তুলিছিলোঁ। এটা স্তিমিত হ’লে আন এটা। ২০০৬ চনত গঢ়ি উঠিছিল ‘সদিচ্ছা’ সংগঠন। সংগঠন এটাক ত্বৰান্বিত কৰিবলৈ জনসংযোগৰ প্ৰয়োজন। সেয়ে আমি গাঁৱে গাঁৱে ঘূৰিছিলোঁ, অভিজ্ঞতাপুষ্ট বিজ্ঞজনক লগ ধৰিছিলোঁ। তেনে উদ্দেশ্যেৰেই ঘূৰি ফুৰোঁতে আমাৰ পৰম সুহৃদ অনিল ৰায়চৌধুৰীৰ স’তে সম্পৰ্ক গঢ়ি উঠিছিল, সম্পৰ্ক গঢ়ি উঠিছিল বিপুল খাটনিয়াৰৰ স’তে।

 প্ৰথম লগ পাবৰ দিনাই বিপুল খাটনিয়াৰক আমাৰ বৰ ওচৰৰ মানুহ যেন লাগিছিল। ভাবি-চিন্তি কথা ক’বলগা হোৱা নাছিল। তেখেতলৈ মন কৰি দেখিছিলোঁ এটা ‘কেপ্’ পৰিহিত কেঁচা-পকা দাড়িৰে মানুহজনৰ চকুযুৰি যেন সপোনেৰে ভৰপূৰ। পিচলৈ গম পাইছিলোঁ নিশ্চলতা তেওঁৰ চৰিত্ৰত নাই। ক্ষুদ্ৰ পৰিসৰত হ'লেও তেওঁ ভূমিকা ল’ব খোজে, ভূমিকা আনকো লোৱাব খোজে। প্ৰথম দিনাই সুধিছিল আমাক—

 : আপোনালোকে কি কৰি আছে?

 : ‘সদিচ্ছা' নামেৰে বছৰত আলোচনী এখন উলিয়াওঁ। ‘চাউণ্ড চিষ্টেম’ এটা কিনি লৈছোঁ। গাঁৱে গাঁৱে গীত-কবিতা-নাট আদি লৈ গৈ বিষয় একোটা গাঁৱৰ মানুহৰ স’তে আলোচনা কৰোঁ।

 : আলোচনীখন মোকো দিবচোন।

 এগৰাকী গৰিমামণ্ডিত লেখক পাই এটা-দুটা নহয়, ‘সদিচ্ছা'ৰ বাৰটা সংখ্যা তেখেতৰ হাতত তুলি দিছিলোঁ। অতি তৎপৰতাৰে এমাহৰ ভিতৰতে সম্পূৰ্ণ লেখাবোৰ পঢ়ি আমাক এখন তালিকা দিছিল। সু-নিৰ্বাচিত এঘাৰটা নিৱন্ধৰ তালিকা। কৈছিল— এই নিৱন্ধকেইটাৰে এখন সময়োপযোগী সংকলন কৰা যায়।

 তেখেতে হাঁহি হাঁহি কোৱা সৰল অথচ দৃঢ় কথাত আমি পতিয়ন গৈছিলোঁ। দুই-তিনিজন প্ৰথিতযশা লেখকৰ লেখা সংযোগ কৰি আমি গ্ৰন্থখন প্ৰণয়ন কৰিছিলোঁ। নাম দিছিলোঁ— “আমি বিদ্ৰোহী নহ’ম কিয়”। সেয়া আছিল তেখেতক সোঁশৰীৰে লগ পোৱাৰ এবছৰ পিচৰ কথা, ২০১৮ চনৰ ২০ মে’।

১৩২॥খোজৰ শব্দ