পৃষ্ঠা:Khojar Xabda.pdf/১৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কিদৰে জীৱন নিৰ্বাহ কৰে, তেওঁলোকৰ জীৱন-যন্ত্ৰণা কি ধৰণৰ আদিৰ লগত তেখেতে সদায় নিকট সম্বন্ধ স্থাপন কৰিছিল আৰু সেইবোৰলৈ দৃষ্টি নিক্ষেপ কৰিছিল। তেওঁলোকৰ জীৱন-জীৱিকাৰ বিষয়ে, সমস্যাজৰ্জৰ দৈনন্দিন জীৱনৰ বিষয়ে গভীৰভাৱে উপলব্ধি কৰিছিল আৰু এইবোৰৰপৰা কিদৰে মুক্তি লাভ কৰিব পাৰে সেই চিন্তা প্ৰতিফলিত কৰিছিল গল্পৰ মাধ্যমেৰে। সৰ্বসাধাৰণ খাটিখোৱা, নিষ্পেষিত নিপীড়িত লোকৰ শোষণ মুক্তিৰ পথ প্ৰদৰ্শনেৰে গল্প ৰচনা কৰি ইমান গভীৰভাৱে খোজ পেলাইছিল যে সেই খোজৰ শব্দই সেইসকল লোকৰ জীৱনত মুক্তি লাভৰ আলোড়ন তুলিবলৈ সক্ষম হৈছিল। তেখেতৰ গল্পৰ মাধ্যমেৰে শোষিত- নিষ্পেষিতজনৰ দুখ-যন্ত্ৰণাৰে ভৰা সঁচা জীৱনৰ প্ৰকৃত ছবি নিভাঁজ ৰূপত প্ৰতিফলিত হৈছিল। তেখেতৰ গল্পৰ মাজেৰে পৰিস্ফূত হৈছিল শোষিত-নিষ্পেষিত জীৱনৰ ৰুঢ় বাস্তৱতা তথা যন্ত্ৰণাত জৰ্জৰিত পুঞ্জীভূত ক্ষোভৰ উদগীৰণ।

 বিপুল খাটনিয়াৰদেৱৰ লগত মোৰ আত্মিক সম্পৰ্ক আছিল। সম্বন্ধত ভিনদেউ হিচাপে তেখেতৰ লগত ঘনিষ্ঠতাও আছিল। উল্লেখ্য যে অসমৰ প্ৰগতিশীল সাহিত্য আন্দোলনৰ অন্যতম কাণ্ডাৰী, নতুন সাহিত্য পৰিষদ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত প্ৰধান ভূমিকা গ্ৰহণ কৰা বিশিষ্ট বামপন্থী বুদ্ধিজীৱী প্ৰয়াত অনিল ৰায়চৌধুৰীদেৱৰ ভাতৃৰ বৰপেটাৰ গৃহত থাকি মই পঢ়া-শুনা কৰিছিলোঁ। আনহাতে বিপুল ভিনদেউ অনিল ৰায় চৌধুৰীদেৱৰ জোঁৱাই। সেই সূত্ৰে তেখেতৰ লগত মোৰ আত্মীয়ৰ সম্পৰ্ক আছিল। ইফালে ১৯৮৫-৮৬ চন মানৰপৰা আমিও সাহিত্য পৰিষদৰ সদস্য হিচাপে বৰপেটাত কাম-কাজ আৰম্ভ কৰিছিলোঁ। তেখেতে সাহিত্য পৰিষদৰ সাংগঠনিক কাম-কাজ নাইবা গল্পৰ সমল বিচাৰি বৰপেটালৈও আহিছিল। গতিকে বিপুল খাটনিয়াৰদেৱৰ লগত থকা ঘৰুৱা সম্পৰ্ক সূত্ৰে তেখেতৰ লগত অভিজ্ঞতাৰ সমভাগী হ’বলৈও সুযোগ লাভ কৰিছিলোঁ। বিশেষকৈ বৰপেটা জিলাৰ মন্দিয়া অঞ্চলৰ প্ৰধান নৈ ভেলেঙীৰ প্ৰৱল বান আৰু গড়াখহনীয়াই বৃহৎ অঞ্চলটোৰ জনজীৱন সাংঘাতিক ধৰণেৰে প্ৰতি বছৰে বিপদাপন্ন কৰি তোলে। য’ত বানপানীৰ সময়ত মানুহ বসবাস কৰা গাঁও নে সাগৰ তাৰ পাৰ্থক্য নোহোৱা কৰি তোলে। এই অঞ্চলটোৰ ক্ষতিগ্ৰস্ত লোকৰ জীৱন গাথাক লৈ তেওঁ ৰচনা কৰিছিল এটা বিখ্যাত গল্প ‘ভেলেঙীত উঠিছে বান’। তেতিয়াৰ প্ৰগতিশীল তিনিমহীয়া আলোচনী ‘নতুন পৃথিৱী’ত প্ৰকাশিত হৈছিল। বোধকৰোঁ ১৯৮৫-৮৬ চন মানৰ কথা৷ মন্দিয়া অঞ্চলটো যিহেতু তেখেতৰ সম্পূৰ্ণ অচিনাকী আছিল সেয়ে ‘ভেলেঙীত উঠিছে বান’ শিৰোনামৰ এই বিখ্যাত গল্পটো

লিখাৰ ক্ষেত্ৰত সমল গোটাবলৈ যাওঁতে মই ঘনিষ্ঠভাৱে তেখেতলৈ সহযোগিতা

২০০॥খোজৰ শব্দ