পৃষ্ঠা:Khojar Xabda.pdf/১৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিপুল খাটনিয়াৰলৈ শ্ৰদ্ধাৰ্ঘ্য

পৰমানন্দ মজুমদাৰ

সতীৰ্থ বিপুল খাটনিয়াৰ যে এনেকৈ অকালতে আমাক এৰি যাব ভবা নাছিলোঁ। তেওঁৰ মৃত্যু অসমীয়া সাহিত্যৰ কাৰণে এক অপূৰণীয় ক্ষতি। বিশেষকৈ আধুনিক অসমীয়া গল্প সাহিত্যত তেওঁ নিজস্ব শৈলীৰে এখন স্থান ল’বলৈ সক্ষম হৈছিল। সাধাৰণ মানুহৰ জীৱন চৰ্যা তেওঁ গল্পত প্ৰস্ফুটিত হৈছিল বিশ্বাসযোগ্যভাৱে। তেওঁৰ গল্পক তথাকথিত আভিজাত্যৰ সাজে ম্লান কৰা নাছিল। বৰং তাত নিভাজ অভিব্যক্তি হে প্ৰকাশ পাইছিল। সেয়ে তেওঁৰ মাজত পঢ়ুৱৈয়ে এটা স্বকীয় ধাৰা লক্ষ্য কৰিছিল। সেয়ে তেওঁৰ গুণমুগ্ধ এচাম পাঠকৰ সৃষ্টি হৈছিল। বিভিন্ন সমালোচকে তেওঁৰ গল্পৰ কথা লিখিছে। নিজৰ সংকলনৰ উপৰি মৰ্যাদা সম্পন্ন সংকলনত তেওঁৰ গল্পই ঠাই পাইছে। আমাৰ আশা অনাগত দিনত তেওঁৰ গল্পৰ বিষয়ে বিস্তৰ আলোচনা হ’ব আৰু অসমৰ প্ৰগতিশীল সাহিত্য আন্দোলনত তেওঁৰ ভূমিকাৰ মূল্যায়নো হ’ব।

 আমি যেতিয়া তেওঁৰ প্ৰথম সংকলন ‘খোজৰ শব্দ’ পঢ়োঁ তেতিয়া আমি স্নাতক মহলাৰ ছাত্ৰ। তেওঁৰ লগত আমাৰ পৰিচয় হোৱা নাই। হীৰেন গোহাঁইয়ে লিখা তেওঁৰ সংকলনৰ সমালোচনা উৰাই ঘূৰাই পঢ়ি আপ্লুত হৈ পৰিছিলোঁ। ছাৰে দেখুৱাই দিয়া সীমাবদ্ধতা পৰৱৰ্তীকালত খাটনিয়াৰে ভালেখিনি অতিক্ৰম কৰা আমি লক্ষ্য কৰিছিলোঁ। ইতিমধ্যে ১৯৮৫-৮৬ মানতে হ’বলা তেওঁৰ লগত পৰিচয় হোৱাৰো সুযোগ পালোঁ। কাৰণ আমিও নতুন সাহিত্য পৰিষদৰ সৈতে এইসময়ত পৰা যুক্ত হৈ পৰোঁ। খাটনিয়াৰ পৰিষদৰ এগৰাকী সক্ৰিয় কৰ্মী। সকলো কামতে তেঁৱেই আগভাগ লয়।কোনো কামতে পিছহুঁহুঁকি নাথাকে। একেই কৰ্মস্পৃহাৰ আনজন কৰ্মী আছিল সুভাষ সাহা। তেওঁলোকৰ কিছু অনুজ হিচাপে আমিও লাহে লাহে

পৰিষদৰ কাম-কাজৰ মাজত সোমাই পৰিছিলোঁ। দিন যোৱাৰ লগে লগে দুয়োজনৰে আমাৰ প্ৰতি বিশ্বাস বাঢ়িল আৰু নানা দায়িত্বপূৰ্ণ কামত আমাক নিয়োজন কৰিলে।

খোজৰ শব্দ॥১৭৫