পৃষ্ঠা:Khojar Xabda.pdf/২৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কুমই, তেতেলিয়া, ঢেকীয়াবাৰী, কছাৰী গাঁও, হাতীউঠা, বঘৰা এই সকলোবোৰ ঠাইতে গ্ৰেণাইট শিলৰ বাবে প্ৰাথমিক ভূতাত্ত্বিক অনুসন্ধান চলাইছিলোঁ। আনকি সেই সময়ত গুৱাহাটীৰপৰা সম্পূৰ্ণ বিচ্ছিন্ন হৈ থকা অথচ গুৱাহাটীৰ সমীপতে থকা চনকা গাঁৱলৈ আমি খোজকাঢ়ি পাহাৰ পাৰ হৈ গৈছিলোঁ। এই গাঁৱৰ বিশেষত্বৰ লগতে প্রাকৃতিক সৌন্দৰ্যৰ কথা উপলব্ধি কৰি খাটনিয়াৰ দাদাই চনকাক tourist spot হিচাপে গঢ় দিয়াৰ কথা আমাৰ আগত আলোচনা কৰিছিল।

 খাটনিয়াৰ দাদাৰ লগত কৰা এই অন্বেষণবোৰত বিভিন্ন পাহাৰ, গাঁও ঘূৰি ফুৰোঁতে গাঁৱৰ চিকুণাই থোৱা চাৰিআলিৰ ডাঙৰ গছজোপাৰ তলত বহি ওচৰৰে সৰু চাহৰ দোকানৰপৰা গাখীৰ দিয়া চাহ খোৱা, একেবাৰে স্থানীয়ভাৱে তৈয়াৰ কৰা ৰসগোল্লা, গজাৰ জুতি লোৱা, ৰকম ৰকম অসমীয়া ব্যঞ্জনেৰে গাঁৱৰ সৰু হোটেলত তৃপ্তিৰে এসাজ খোৱা আদিৰ লগতে খাটনিয়াৰ দাদাই গাঁৱৰ মানুহৰ সৈতে সহৃদয়তাৰে ভাব বিনিময় কৰা, খেতি-বাতিৰ লগতে গাঁওখনৰ সকলো বিষয়ে আতিগুৰি মাৰি সবিশেষ জানিবলৈ ইচ্ছা কৰা, তেওঁলোকৰ আৰ্থিক অৱস্থাৰ বুজ লোৱা আদি সকলোবোৰেই এক পাহৰিব নোৱাৰা সুন্দৰ স্মৃতি হিচাপে সদায় জীৱন্ত হৈ থাকিব।

 সদায় ৰংমনেৰে থকা খাটনিয়াৰ দাদাৰ হাতত আছিল সকলো সমস্যাৰে সমাধানসূত্র। ব্যক্তিগত বা বিভাগীয়ই হওক, সকলো কথা নিঃসংকোচে, মুকলিমূৰীয়াকৈ পাতিব পৰা ব্যক্তি আছিল খাটনিয়াৰ দাদা। সহায়ৰ হাত আগবঢ়োৱাত তেখেত আছিল সবাতোকৈ আগত ৷ মোক এবাৰ পেট বিষাওতে ঘৰৰপৰা লৈ অহা নিমখত দিয়া নেমুৰ বটলটো, উপহাৰ হিচাপে দিয়া Quartz Crystalৰ টুকুৰাটো মই সযতনে ৰাখি থৈছোঁ। প্ৰকৃতাৰ্থত তেখেত আছিল এক অনুষ্ঠান। এনেকুৱা ভাব হয় তেওঁৰ যেন বহু কৰিবলগীয়া থাকি গ'ল। লগতে নতুন প্রজন্মইও যেন খাটনিয়াৰ দাদাৰপৰা বহু শিকিবলগীয়া থাকি গ'ল। এই সুদীৰ্ঘ বছৰ কাল নিৰৱচ্ছিন্নভাৱে, অধিক দক্ষতাৰে কৰি থৈ যোৱা কামে অসমৰ মণিক ক্ষেত্ৰখন অধিক চহকী কৰি থৈ যোৱাৰ লগতে খাটনিয়াৰ দাদাক সকলোৰে মাজত জীয়াই ৰাখিব।

(লেখক এগৰাকী ভূতত্ত্ববিদ, ভূতত্ত্ব আৰু খনি সঞ্চালকালয়, অসম)

খোজৰ শব্দ॥২৪১