পৃষ্ঠা:Khojar Xabda.pdf/২৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্রকাশিত হোৱা মোহনকৃষ্ণ মিশ্ৰদেৱৰ কবিতাও মোৰ বৰ প্ৰিয় আছিল।

 চাকৰি, সাহিত্য পৰিষদৰ কাম-কাজ আদিৰ লগতে তেওঁক লেখা-মেলা, পঢ়াশুনাও কৰি থকা দেখিছিলোঁ। সাদিন, গৰিয়সী, অসমীয়া প্রতিদিন আদিত প্ৰায়ে তেওঁ গল্প লিখিছিল । দৈনিক বাতৰি কাকত কেইখনমানতো বিভিন্ন সামাজিক সমস্যাক লৈ লেখামেলা কৰিছিল। আগতে ভাবিছিলোঁ গল্প ঘৰতে বহি লিখিব পাৰি। তেওঁক দেখি এই ধাৰণা সলনি হৈছিল। একোটা গল্প লিখিবলৈ তেওঁ ইমান কষ্ট কিয় বা কৰিছিল বুজা নাছিলোঁ। কেতিয়াবা একোটা গল্প প্ৰকাশ হোৱাৰ পিছতো আকৌ এবাৰ লিখিছিল । গল্প লিখাৰ বাবে পঢ়াশুনাও কৰিছিল। গল্প লিখাৰ উকমুকনি এটা আহিলে তেওঁ কোনো কোনো ঠাইলৈ যাবলৈ অস্থিৰ হৈ পৰিছিল, আগতে মই অলৈ তলৈ যোৱাত কেতিয়াও বাধা নিদিছিলোঁ। কিন্তু পিছলৈ বয়সজনিত ইটো সিটো ৰোগে আক্ৰমণ কৰিবলৈ ধৰাত প্ৰতিবাদ কৰিব ধৰিলোঁ। কিন্তু এবাৰ মন ঠিক কৰিলে তেওঁক বাধা দিও লাভ নাই। মৃত্যুৰ এবছৰমান আগতে ভগ্ন স্বাস্থ্যৰেই তেওঁ আমাৰ চুবুৰীয়া সৰ্বেশ্বৰ দলেৰ পৰিবাৰৰ মাজুলীৰ মাকৰ ঘৰলৈ গ’ল। লগতে নাৰায়ণপুৰৰ মিছিং গাঁও এখনলৈও গ’ল। ইমান অপৰিচিতি মানুহৰ ঘৰলৈ যাবলৈ ওলোৱাত মই আচৰিতো হৈছিলোঁ। কিন্তু উপায় নাই, তেওঁতো যাবই। মানুহঘৰে তেওঁক আপোন কৰি লৈছিল। আহিবৰ সময়ত আকৌ এবাৰ আহিম বুলি কৈ থৈ আহিল।

 পিতাৰ (অনিল ৰায়চৌধুৰীৰ) ৰচনাৱলীখন উলিয়াবলৈ তেওঁ যৎপৰোনাস্তি চেষ্টা কৰিছিল। শয্যাশায়ী পিতাক তেওঁৰ ৰচনাৱলীৰ কাম-কাজৰ অগ্ৰগতিৰ কথাৰে উৎসাহিত কৰিছিল । পিতাই তেওঁৰ ৰচনাৱলীখন দেখা নাপালে। গুৱাহাটী মেডিকেল কলেজত দেহদান কৰি ২০২০ চনৰ ১ মে'ৰ দিনাখন পিতাই চিৰ বিদায় মাগিলে। তেঁৱো কিতাপখন প্রায় সম্পূৰ্ণ কৰি উলিওৱাৰ পিছতো প্ৰকাশ কৰিব নোৱাৰিলে।

 এটা সময়ত নাম নুশুনা অচিন ৰোগবোৰে মানুহজনক ধাৰাসায়ী কৰি পেলালে। ২০২১ চনৰ জুলাই মাহৰ ৪ তাৰিখৰ কালসন্ধিয়াত মোৰ পৰিয়ালৰ উজ্জ্বল চাকিগছি চিৰদিনৰ বাবে নুমাই থাকিল। মাত্র ৬৭ বছৰ বয়সত তেওঁৰ জীৱনৰ দুৰ্বাৰ গতি চিৰৰুদ্ধ হৈ গ’ল। কৰোণাৰ সন্ত্ৰাসজনিত পৰিস্থিতিত তেওঁক আৰোগ্য কৰিবলৈ ভীষণ প্রত্যাহ্বান গ্ৰহণ কৰিছিলোঁ। আজিও যেন তেওঁক জীয়াই ৰখাৰ প্ৰত্যাহ্বান ত্যাগ কৰিব পৰা নাই৷ তেওঁৰ গল্পবোৰ গুৰুত্ব সহকাৰে আকৌ পঢ়িছোঁ। এতিয়া সেইবোৰ মোৰ বাবে আশ্চর্যজনক সম্ভাৰ যেন লাগিছে৷ বহুকথা সুধিবৰো মন গৈছে। আফচোচ হয়, নুসুধিলোঁ কিয়?

২৬৮॥খোজৰ শব্দ