পৃষ্ঠা:Khojar Xabda.pdf/১৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

‘গল্প লিখাৰ গল্প’ প্ৰসংগত তেওঁ নিজৰ মনৰ কথা এইদৰে প্ৰকাশ কৰিছে– ‘ফুলুং চাপৰিৰপৰা নেলী, ঘিলামৰা, নাজিৰা, নগাঁও, ননৈ, দৈয়াং ব্ৰা হৈ লুমশ্বঙ খেলবিহাটলৈ। বিহুৰাম-হাবিৰামৰপৰাই আৰম্ভ হৈছিল আৰু লুমশ্লঙৰ শ্বিইলাত (১৯৯৮) শেষ হৈছিল।... বৰ ভয়াবহ আছিল সেইবোৰ দিন। ফুলুং চাপৰিতে যে ৰোৱা হৈ গৈছিল অসমৰ অবাঞ্চিত বৰ্তমান আৰু অনিশ্চিত ভৱিষ্যতৰ বীজ। সকলোবোৰ কথাই এতিয়া অতি পাক লগা, জটিল ৰূপ পৰিগ্ৰহণ কৰিছে, সময়েহে ক’ব ফুলুং চাপৰিৰ কথা থ্ৰেৰিঘাট-লুমশ্লঙ হৈ আগবঢ়া এই পথে কোন দিশে মোৰ ল’ব।’

 বিপুল খাটনিয়াৰ আছিল এজন নিষ্ঠাবান সাহিত্য সংগঠক। সহজ-সৰল জীৱন যাপন অথচ বৈশিষ্ট্যপূৰ্ণ পোছাক-পৰিচ্ছদ, সৰলতা, আন্তৰিকতা, মানুহৰ প্ৰতি গভীৰ বিশ্বাস-ভালপোৱা আৰু নিৰহংকাৰী ব্যক্তিত্বই আছিল তেওঁৰ চৰিত্ৰৰ প্ৰধান গুণ। অৱসৰ বিনোদন, ভাব-বিলাস, কল্পনাৰ পৰিৱৰ্তে সাহিত্য, কলা-সংস্কৃতি যে সমাজ পৰিৱৰ্তনৰ সংগ্ৰামৰ শক্তিশালী হাতিয়াৰ এই কথা গুৰুত্ব সহকাৰে উপলব্ধি কৰি তেওঁ সাহিত্য চৰ্চাত মন-প্ৰাণ ঢালি দিছিল। সুন্দৰ আৰু সুখী মানৱ সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত, বিশ্বত সকলো ধৰণৰ শোষণ ব্যৱস্থা লোপ কৰাৰ কাৰণে, শোষিত জনসাধাৰণক আগবঢ়াই অনাৰ ক্ষেত্ৰত কাৰ্লমাৰ্ক্সৰ তত্ত্বৰ অৱদানক, সাহিত্য-সংস্কৃতিত সমাজতান্ত্ৰিক বাস্তৱতাৰ তত্ত্বৰ অৱদানক নতুন সাহিত্য পৰিষদে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰে।‘কলাৰ বাবে কলা নহয়, জনগণৰ জীৱন আৰু চেতনাৰ উন্নতি সাধনৰ বাবেহে কলা’— নতুন সাহিত্য পৰিষদৰ এই তত্ত্বত আস্থাশীল বিপুল খাটনিয়াৰ আছিল এজন বলিষ্ঠ আৰু আদৰ্শনীয় ব্যক্তি। ন লেখক সৃষ্টি, গৱেষণা, অনুশীলন, অধ্যয়ন, পাঠক বৃদ্ধি, সংগঠিতভাৱে সাহিত্য প্ৰচাৰ, আলোচনা চক্ৰ, সঠিক সমালোচনা আৰু আত্ম সমালোচনাৰ দ্বাৰা লেখা সমৃদ্ধ কৰা আদি কামৰ আঁচনি প্ৰস্তুত কৰি নতুন সাহিত্য পৰিষদৰ শ্ৰীবৃদ্ধিত তেওঁ অৰিহণা যোগাইছিল। সদায় মানুহৰ লগত হাঁহি-মাতি কথা পতা, মুকলি মনে কথা পতা খাটনিয়াৰ আছিল পৰিষদৰ সাংগঠনিক কাম-কাজত অফুৰন্ত প্ৰাণশক্তি।

 সাহিত্য চৰ্চাৰ বাবে তেওঁ গল্পকেই উপযুক্ত মাধ্যম বুলি লৈছিল।‘সমসাময়িক বহু গল্পকাৰৰ দৰে গল্পৰ জগতলৈ এচমকা জীৱন অথবা খণ্ডিত জীৱনৰ এটুকুৰা বুটলি আনিব বিচৰা নাই। বৰং গল্পৰ সম্পৰীক্ষাত এক বিস্তৃত জীৱন অথবা এছোৱা সময়ৰ সামগ্ৰিকতাহে উন্মোচন কৰিব বিচাৰিছিল। সেয়েহে তেওঁৰ গল্পৰ প্ৰেক্ষা

বিশাল, প্লট বিস্তৃত। যিখন সমাজৰ কথা তেওঁ গল্পত ক’বলৈ বিচাৰিব, সেই সমাজত

খোজৰ শব্দ॥১৫৯