পৃষ্ঠা:Khojar Xabda.pdf/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰিছিল— মানুহৰ জীৱনৰ সত্য। অনেকবোৰ অসংগতিৰ অৰ্থ বিচাৰিছিল। জীৱনৰ মাজত অনেক জটিলতাৰ মানে বিচাৰিছিল। এইবোৰৰ অৰ্থ বিচাৰি বিচাৰি তেওঁৰ গল্পৰ সমাজখনৰ আভ্যন্তৰীণ অংশত সোমাই পৰিছিল। মোৰ দৃষ্টিত খাটনিয়াৰৰ গল্পত ৰোমাণ্টিক ভাব অৰ্থাৎ কল্পনাপ্ৰৱণতা আবেগবহুল ভাবেৰে সৃষ্টি কৰিছিল। ৰোমাণ্টিকতাবাদ সাহিত্য বা গল্প সম্পৰ্কত সুনিৰ্দিষ্ট মতবাদ, এটা পৰিভাষিক শব্দ। সেইটো জগত আৰু জীৱন সম্বন্ধে এক বিশেষ দৃষ্টিভংগী— যিটো সাহিত্যত প্ৰতিফলিত হৈ বিশেষ সাহিত্যিক দৃষ্টিভংগী হিচাপে স্বীকৃতি পাইছে। ক্ৰিষ্টোফাৰ কডওৱেলে লিখিছিল যে শিল্প-সাহিত্যই মানুহৰ অজ্ঞাতসাৰে এওঁলোকৰ মানসিক অনুভূতিসমূহক সংগঠিত কৰি সংগঠনত পৰিণত কৰে। ই এম এছ নাম্বুদিৰিপাব্দে কৈছিল যে ‘সংস্কৃতিৰ দুটা দিশ আছে – এটা আবেগনিৰ্ভৰ আৰু এটা যুক্তিনিৰ্ভৰ, আৰু কবিতা, গান, নাটক মুখৰ আবেগনিৰ্ভৰ।’ খাটনিয়াৰৰ গল্প তেওঁৰ মানসিক অনুভূতিসমূহ বহুক্ষেত্ৰত আবেগনিৰ্ভৰ হ'লেও মূলতঃ যুক্তিনিৰ্ভৰতাই প্ৰকাশ পাইছে। বিপুল খাটনিয়াৰৰ গল্পত অসমীয়া গল্প-সাহিত্যৰ গতানুগতিক পৰিচিত বিষয়বস্তু আৰু ইয়াৰ উত্থাপনভংগী অতিক্ৰম কৰি এক সুকীয়া ভংগী সৃষ্টিৰ প্ৰচেষ্টা প্ৰতিফলিত হয়। শ্ৰেণীচেতনা আৰু মানৱীয়তা খাটনিয়াৰৰ সৃষ্টিৰ বাবে প্ৰেৰণা। তেওঁৰ আৰ্থ-সামাজিক উপলব্ধি আৰু ৰাজনৈতিক প্ৰত্যয়ৰ যি প্ৰত্যক্ষ অভিজ্ঞান, গল্পবোৰত ইয়াৰে স্পষ্ট প্ৰতিফলন। খাটনিয়াৰৰ গল্পৰ ভাষা গাঁথনি আৰু চৰিত্ৰ ৰূপায়ণৰ দিশবোৰ অদ্বিতীয়। অসমৰ সাহিত্যজগতৰ বিখ্যাত গল্পকাৰ ত্ৰৈলোক্য নাথ গোস্বামী, হোমেন বৰগোহাঞি, মামণি ৰয়ছম গোস্বামী, সৌৰভ কুমাৰ চলিহা, যোগেশ দাস, মহিম বৰা, ভবেন্দ্ৰ নাথ শইকীয়া, ছৈয়দ আব্দুল মালিক, শীলভদ্ৰৰ পৰৱৰ্তী প্ৰজন্মৰ গল্পকাৰসকলৰ ভিতৰত অন্যতম শ্ৰেষ্ঠ গল্পকাৰ বিপুল খাটনিয়াৰ, শ্ৰেষ্ঠতম বুলি ক’লেও বঢ়াই কোৱা নহ'ব। বিপুল খাটনিয়াৰে অসমৰ সাহিত্য সভাৰ সুঁতিটোৰ পৰা আঁতৰি থাকি প্ৰগতিশীল সাহিত্যৰ সুঁতিৰ লগত থকা কাৰণে তেওঁ প্ৰাপ্য সম্মান বা অসমীয়া বুৰ্জোৱা মূলসুঁতিৰ প্ৰসিদ্ধ গল্পকাৰ হৈ নুঠিল, প্ৰচাৰো তেনেকুৱাকৈ নহল যিদৰে প্ৰসিদ্ধ হ’ল খাটনিয়াৰতকৈ অনেক নিম্নমানৰ গল্প লেখকসকল। সেয়ে কৈছোঁ, বঢ়াই কোৱা নহ’ব যদিহে কোৱা হয় খাটনিয়াৰৰ প্ৰজন্মৰ গল্পকাৰসকলৰ ভিতৰত তেওঁ শ্ৰেষ্ঠতম গল্পকাৰ। সংস্কৃতিৰ ভিত্তি সমাজ, কিন্তু সংস্কৃতি সম্পূৰ্ণ নতুন এটা quality। জড় অৱস্থাৰ পৰা জীৱন যেনেকৈ উৎপন্ন হয় সেইটো এটা নতুন qualityৰ সৃষ্টি হয় আৰু সেয়ে ইয়াৰ বিচাৰৰ মাপকাঠি ভিন্ন। আৰু সেয়ে ইয়াত যান্ত্ৰিক জড়বাদ আৰু গতিশীল জড়বাদ অনেকভাৱে ভিন্ন। সেয়ে আমাৰ

খোজৰ শব্দ॥১২৩