পৃষ্ঠা:Khojar Xabda.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

খাটনিয়াৰৰ ‘শিহু’ গল্পও কথাৰে ঘন। তাত কালিকা পুৰাণৰ পাছৰ এহেজাৰ বছৰৰ বৈষ্ণৱ ধৰ্মকেন্দ্ৰিক সাংস্কৃতিক আৰু “প্ৰজাৰ মূৰত টঙনিয়াই ঘিউ সংগ্ৰহ কৰা” (ঘৰিয়ালডাঙাৰ কথা, পৃ. ২২) কাৰ্যাৱলীৰ অসাংস্কৃতিক ইতিহাসে ধূপৰ ধোঁৱাৰ দৰে কুণ্ডলী পকাইছে কেশৱৰাই-সেৱী নীলাম্বৰ ভট্টাচাৰ্যৰ চেতনাত। ‘নেজতে পাকঘূৰণি’ও খাইছে গল্পটোৱে। একেবাৰে শেষত আৰম্ভণিৰ বালকৃষ্ণৰ ভ্ৰম-মূৰ্তিয়ে পৌত্ৰ-কামনাৰ প্ৰসংগ তৰি প্ৰগতিশীল মতাৱলম্বী, প্ৰজাপন্থী কথকক পুৰুষ-প্ৰধান সমাজৰ লগতে ব্ৰাহ্মণ্য ধৰ্মাচাৰক এখুন্দা দিয়াৰ সুবিধা দিছে—

“পাছে চাকৰি হ’ল, ‘ছাগালীয়া কুঠি’ৰ কৃপাত সামান্য আয়াসতে বৰপোনাৰ
ঘৰ-দুৱাৰ, সা-সম্পত্তি হ’ল; কিন্তু বংশ ৰক্ষা নপৰিলে আৰু মনৰ শান্তি
ক’ত? বোৱাৰী ঘৰ সুমুৱা সাত কি আঠ বছৰেইতো পাৰ হ’ল।... চকু
মুদাৰ পিচতো তেওঁৰ সন্মুখত ভাহি উঠিছে, শ্যাম কলেৱৰ, কণ্ঠত কৌস্তুভ-
মণি, অজানু লম্বিত হাত; এটি অদ্ভুত বালকৰ ছবি।” (পৃ. ২২)
 “ফেৰীখনৰ কোনোবা এচুকত যোৱাৰ সময়ত দেখা পোৱা, শ্যাম
বৰণীয়া সেই অদ্ভুত শিশুটিক পুনৰ দেখা পায়নেকি খুঁটিয়াই খুঁটিয়াই চাবলৈ
ধৰিলে নীলাম্বৰ ভট্টাচাৰ্যই; নাই, এই ওভোতনি যাত্ৰাত শিশুসহ কোনো
মহিলায়েই তেওঁৰ চকুত নপৰিল।” (পৃ. ২২)

 গল্পটোৰ ভাষাৰ ঠাঁচ যদিও আধুনিক, তাত পৰিছে বৈষ্ণৱ পৰিমণ্ডলৰ অনুকূলে দিয়া সংস্কৃত আৰু মধ্যযুগীয় অসমীয়াৰ সাঁচ। সেই ভাষা, লগতে কথকৰ সন্দিগ্ধতা আৰু ভট্টাচাৰ্য চৰিত্ৰৰ সপোন-আৱেশ মামণি ৰয়চম গোস্বামীৰ কিছুমান বৰ্ণনাৰে ৰজিতা খোৱা ধৰণৰ—

“সুদূৰ অতীতত বৰনদী পাৰ হৈ ধনশিৰি ভৰলুৰো উত্তৰৰ বিশ্বনাথলৈকে
ৰাজ্য বঢ়োৱা ৰজা প্ৰতাপ সিংহই ভৰা ব্ৰহ্মপুত্ৰৰ বুকুত ভুঁৰ বান্ধি উটুৱাই
দিছে গৰ্ভৱতী পত্নী চন্দ্ৰপ্ৰভাক। সেই ভুঁৰ আহি লাগিছেহি নীলাচনৰ
নামনিত। সেই চন্দ্ৰপ্ৰভাৰ গৰ্ভজ সন্তানেইতো আৰিমত্ত; আঁৰি মাছৰ দৰে
মুখ— সেয়ে আৰিমত্ত।
 ইতিহাস নে কিম্বদন্তি?
 ফেৰীত আহি বহিলেই নীলাম্বৰ ভট্টাচাৰ্য সদায়ে আনমনা হৈ পৰে।
(পৃ. ১৩)”

 ‘শিহু’ৰ বিপৰীতে, ‘সোণটি গৰীয়া’ আৰু ‘ঘঁৰিয়ালডাঙাৰ কথা’ গল্পৰ কেইবাটাও চৰিত্ৰ মুছলমান। সোণটি গৰীয়া, হায়দৰ আলী, খাদেম হাজৰিকা, চৈফুদ্দিন বৰা আদি দিখৌপৰীয়া; বিপৰীতে জামালউদ্দিন ছিদ্দিকিৰ ঘৰ ধুবুৰীৰ ঘঁৰিয়ালডাঙাত।

সেয়ে দুয়োটা গল্পৰে, বিশেষকৈ প্ৰথমটোৰ সাম্প্ৰদায়িক সম্প্ৰীতিৰ পৰিমণ্ডলৰ

খোজৰ শব্দ॥ ৩৫