পৃষ্ঠা:Khojar Xabda.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰ্যায়ত প্ৰথমে অন্তৰৰ স্বাভাৱিক গতি আৰু পৰৱৰ্তী সময়ত শ্ৰেণীচেতনা, প্ৰজ্ঞা আৰু সাধনাৰ মথন। সেইবাবেই বিপুল খাটনিয়াৰে যেতিয়া ‘বাঁকৰ সাধুৰ দৰে লোকজ চেতনাৰ গল্প এটা আমাক কৈছে, তাত স্বীকাৰুক্তিৰ আধাৰত অন্য এক সমাজবাস্তৱতা একেবাৰে সুকীয়াধৰণেৰে উন্মোচিত কৰিছে। মাৰ্ক্সবাদৰ দ্বান্দ্বিক বিশ্লেষণ আৰু শ্ৰেণী চেতনা তেওঁৰ গল্পৰ অনুঘটকহে আৰু সি গল্পভাষাৰ কাৰুকাৰ্যবোৰত সোণত সুৱগা চৰোৱা বুলিহে ক’ব পাৰি। এইকামটো তেওঁ সাহিত্যত ইমান সূক্ষ্মভাৱে কৰিছে যে দ্বান্দ্বিক বস্তুবাদ তত্ত্বগতভাৱে অধ্যয়ন নকৰাসকলৰ বাবে সেই কথা সহজতে ধৰিব পৰা সম্ভৱেই নহয়। এনে লাগে যেন একেবাৰে ঘটনাৱলীৰ বোঁৱতী ধাৰাৰেহে গল্প নামি আহিছে। মাৰ্ক্সবাদৰ ধাৰণা প্ৰগতিশীল। কিন্তু গল্পকাৰ এই বিষয়ে সচেতন যে জীৱন এটা নিৰ্দিষ্ট দৰ্শন নহয়। সেইদৰে সাহিত্যও মাথোন এটা ৰাজনৈতিক বা সামাজিক দৰ্শন নহয় — সি জীৱনৰ প্ৰতিফলন। মানুহৰ জীৱনৰ অন্তহীন অন্বেষণ আৰু অফুৰন্ত সম্ভাৱনাবোৰৰ কথাকেই সাহিত্যই ক’ব লাগিব, যিহেতু সাহিত্য জাতিৰ দাপোন। গল্পকাৰে এয়া জানে আৰু সেইবাবেই বিপুল খাটনিয়াৰ এজন সফল গল্পকাৰ। তেওঁ জানে, গল্প কোৱাৰ বেলিকা এজন learned মানুহ কিদৰে unlearned হৈ পৰিব লাগিব। কোনো সন্দেহ নাই যে, সেয়েহে বিপুল খাটনিয়াৰৰ গল্প কেৱল মাৰ্ক্সবাদী দৰ্শনক বিশ্বাস কৰা এমুঠি মানুহৰ গল্পকাৰ হৈ নাথাকিল আৰু সেইবোৰ গল্প ভালপোৱা সকলোবোৰ মানুহৰ গল্প হৈ পৰিল, সকলো শ্ৰেণীৰ পাঠকৰ হৃদয়ত সি ঘৰ সাজি ল'লে। তেওঁ যেতিয়া এটা কাহিনী ক’ব— পাঠকে জানে, তেওঁ এটা জীয়া কাহিনী ক’ব। যিটো অঞ্চলৰ পৰা গল্পটো ক’ব, কাহিনীটোৱে সেইটো অঞ্চলৰ ভাষাৰ কথিত ৰূপটোৰ প্ৰতিনিধিত্ব কৰিবই, লগতে ফকৰা-যোজনা, আচাৰ-ব্যৱহাৰ গোটেইবোৰক আৱৰি ধৰিব। বিৱৰণীও পুংখানুপুংখ। উপৰুৱা বা আন্তৰিকতাহীন সম্পৰীক্ষা হ’লে এই কাৰ কাৰ্যবোৰ আচহুৱা যেন লাগিলেহেঁতেন, কিন্তু তেওঁ সেইবোৰ তুলি আনে গভীৰ মমতাৰে, গতিকে সেইবোৰ গল্পত সঠিকভাৱেই খাপ খাই পৰে। চৰ অঞ্চলৰ গল্প ক’বলৈ চৰৰ ভাষা, বেশ-ভূষা সকলো আয়ত্ব কৰি ল’ব। বড়ো জনগোষ্ঠীৰ গল্পকথা কবলৈ যদি বড়োসকলৰ জনজাতীয় সৰলতাৰ আশ্ৰয় লৈছে, কাৰ্বি জনগোষ্ঠীৰ গল্পকথা কবলৈ কাৰ্বি জনগোষ্ঠীয় সৰলতাৰ আশ্ৰয় লৈছে। তেওঁ জানে জনগোষ্ঠীয় সমাজ ভেদে জীৱনৰ প্ৰমূল্য সুকীয়া হ’ব পাৰে, আৰু তাৰ প্ৰতি তেওঁ শ্ৰদ্ধাশীল। এইবাবেহে বিপুল খাটনিয়াৰৰ গল্পবোৰ ইমান জীৱন্ত।

 সাম্প্ৰতিক সময়ৰ সাহিত্যৰ সমালোচনাত গল্পকলাৰ ‘নিৰ্মেদ’ ধাৰণাটোক ইমানকৈ তুলি ধৰা হৈছে যে, সমালোচকৰ ভয়তে গল্পকাৰে কেতিয়াবা অনাৱশ্যকীয়

খোজৰ শব্দ॥ ৭১