পৃষ্ঠা:Khojar Xabda.pdf/২২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মোক কৈছিল, ‘আজি নহয়, কাইলৈ আমি বিষয়টোৰ ওপৰত কথা পাতিম’। পিছদিনা আহি মোৰ হাতত কাগজ এখিলা দি কৈছিল ‘এইখন চোৱা।’ দেখিলোঁ মোৰ আগদিনাৰ প্ৰশ্নৰ উত্তৰটোৰ বাবেই যেন বিপুলদাৰ অত আয়োজন। আৰু চাৰ্টখনৰ জৰিয়তে ইতিহাস, অৰ্থনীতি, সমাজনীতি আৰু শিল্প-সাহিত্য-সংস্কৃতিৰ ওপৰত ইয়াৰ প্ৰভাৱ সকলো সাঙুৰি মোৰ আগদিনাৰ প্ৰশ্নটোৰ উত্তৰ দিছিল।

 ভূতত্ত্ব বিজ্ঞানৰ মানুহজনে বিষয় একোটাৰ একেবাৰে গভীৰলৈ সোমাই নোযোৱালৈকে যেন শান্তি নাপাইছিল। নতুনকৈ পঢ়া গ্ৰন্থৰ ভাগ আমাকো দিছিল, কেতিয়াবা আকৌ গ্ৰন্থখনকেই হাতত তুলি দিছিল। কল্পনাশক্তিতকৈ বাস্তৱ জীৱনৰ অভিজ্ঞতাৰে পুষ্ট সাহিত্যিকৰ সাহিত্যকৰ্মক বিশেষ মৰ্যাদা দিয়া বিপুলদাই জ্যেক লণ্ডনৰ গল্পৰ বাংলা সংস্কৰণ এখন পঢ়িব দিছিল। পঢ়ি থাকোঁতে অৰ্থ বুজাত অসুবিধা পালেই কিমান যে ফোন কৰিছিলোঁ বিপুলদাক! সেইখন গ্ৰন্থৰে এটা গল্প ‘এটুকুৰা মাংস’ নাম দি অনুবাদ কৰিছিল। তাৰ পিছত আন কেইবাটাও বচা বচা দেশী- বিদেশী গল্পৰ অনুবাদো তেখেতে কৰিছিল।

 ভাসিলি ইয়ানৰ উপন্যাস ‘চেঙ্গিজ খান’ অনুবাদ কৰাৰ সময়খিনিৰ কথা— প্ৰথমে বাংলা সংস্কৰণটো পঢ়ি অসমীয়ালৈ অনুবাদ কৰিম বুলি গোটাই ল’লে ইংৰাজী সংস্কৰণটোও। সেই সময়খিনিত বিপুলদাৰ মুখত কেবল ‘চেঙ্গিজ খান’! একো একোটা শব্দৰ মনে বিচৰা অসমীয়া প্ৰতিশব্দ বা প্ৰসংগৰ সন্ধানত আকৌ অন্য এখন গ্ৰন্থৰ অধ্যয়ন। সেই সময়ৰ সামাজিক-ৰাজনৈতিক অৱস্থা; বৰ্তমান বিশ্বৰ সামাজিক- ৰাজনৈতিক ক্ষেত্ৰত চেঙ্গিজ খানৰ প্ৰভাৱ।‘চেঙ্গিজ খান’ উপন্যাস অনুবাদ কৰিবলৈ গৈ কিমানখন গ্ৰন্থ অধ্যয়ন কৰিছিল বিপুলদাইও হয়তো নাজানিছিল। উপন্যাসখন ‘সাতসৰী’ত ধাৰাবাহিকভাৱে প্ৰকাশ পাইছিল। দৈনিক কাকতৰ সাময়িক লেখাৰ উপৰি গল্প বিষয়ক বা সাহিত্য সম্পৰ্কীয় বিপুলদাৰ কেইবাটাও মূল্যবান প্ৰবন্ধও বিভিন্ন আলোচনী-সংকলনত প্ৰকাশ পাইছিল।

 বেশভূষাত সাধাৰণ মানুহজনৰ কিন্তু সময় সজাগতা আছিল অসাধাৰণ। সেইকাৰণেই চাগে দায়িত্বশীল চৰকাৰী চাকৰি, নিজৰ সৃষ্টিশীল কৰ্ম আৰু সাংগঠনিক ক্ষেত্ৰখনৰ উপৰি ইমান মানুহৰ স’তে ব্যক্তিগত সম্পৰ্ক ৰক্ষা কৰি, বিপদে-আপদে কাষত গৈ থিয় হ’বলৈ সময় উলিয়াব পাৰিছিল। তাকো কাকো অনুভৱো কৰিব নিদিয়াকৈ, যেন সেইখিনি সময়ত তেখেতৰ কোনো কামেই আছিল। আমিও ইয়াৰ ব্যতিক্ৰম নাছিলোঁ। আমাৰ প্ৰথম সন্তান ‘নিৰ্ণীতা’ৰ নামটোও দিছিল বিপুলদাই। তাইৰ জন্মৰ ছমাহ পিছতেই আমাৰ মা ড্ৰেমাহমান জিএমচিএইচ-ত চিকিৎসাধীন

হৈ আছিল। সেই সময়তে দেউতাৰো হাত এখন ভঙাত জিএমচিএইচ-লৈ আনিব

খোজৰ শব্দ॥২২৭