পৃষ্ঠা:Khojar Xabda.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বেজৰ দ্বাৰা তীব্ৰ অত্যাচাৰ কৰা হৈছে। প্ৰকৃততে মানসিক বিকাৰগ্ৰস্ততানো কি হ’ব পাৰে তাৰ ধাৰণাই নথকা এখন সমাজত ৰোগীক অন্ধবিশ্বাসৰ বলি কৰাটোৱেই স্বাভাৱিক আৰু ঐতিহাসিকভাৱেও পৰীক্ষিত। সমাজত পাগলামি (madeness) ক এক নিদ্দিষ্ট pattern-ত পেলাই লক্ষ্য কৰা যায়, যেনেকৈ মিচ্ছেল ফুক’ৱে কৈছে “......madeness is the false punishment of a false solution, but by its own virtue it brings to light the real problem; which can be truly resolved. It conceals beneath error the secret enterprise of truth." ("Stultifera Navis", "Madness and Civilization", Routledge, 2001, p. 29 দ্ৰষ্টব্য)। সুভদ্ৰাক মাজুলীৰ ভকতৰ সৈতে পঠাই দিয়া বুলি জানি ভোলা আৰু তিলেশ্বৰে ৰাতি বুঢ়ীক সুভদ্ৰাৰ ঠিকনা বিচাৰিছেহি সিহঁতৰ বিকৃত কামনা চৰিতাৰ্থ কৰিবৰ বাবে। ই আন এটা কথাৰো ইংগিত দিয়ে যে সুভদ্ৰাৰ মানসিক অসুস্থতাৰ উৎস বোধহয় এনে লম্পটৰ দ্বাৰা সুভদ্ৰাক কেতিয়াবা হাবি-পথাৰত কৰা নিৰ্যাতন! (সৰুকণ বেজে তাইক সোধা ‘দুপৰীয়া নদীৰ ঘাটলৈ গৈছিলি নেকি?’ ‘মইনাবাৰীলৈ গৈছিলি নেকি?’ ইত্যাদি দ্ৰষ্টব্য) যি কি নহওক বুঢ়ীয়ে ভোলা আৰু তিলেশ্বৰে প্ৰতিনিধিত্ব কৰা শোষণৰ স্বৰূপক শেষ-মেষ প্ৰতিৰোধ কৰিছে শক্তিশালীভাৱে :

“বুঢ়ীক আধা কেঁচেলুৱা পাইছ, অভং ভতৰাৰ জাত। .......তহঁত দুয়োটাৰ
বাপেৰে ধান দাই থাকোঁতে অকলে পাই মোক অসতী কৰিছিল। তেহেলৈ
সেই সনাহী দুটাৰ কম অত্যাচাৰ সহিছোঁ। বিধৱাৰ শাও, তিল-তিলকৈ
গেলি মৰিব দুয়োটা। ...তহঁত হালেও এতিয়া তিতাৰ সোৱাদ শোকোতাত
ল’বলৈ বাপেৰহঁতৰ ৰেস্তাকে ল’ব পাৰ। পাছে বাপেৰহঁতে চুৱা কৰা শৰীৰ
মানে মই তহঁতৰ মাৰহঁতৰ লেখীয়া। মই আৰু চিঞৰিম।...এতিয়া অমুকীৰ
ঘৰৰপৰা ওলা মাৰে৷”

 সমাজৰ প্ৰচলিত টেবু সম্পৰ্কে গল্পকাৰ সজাগ। ‘গেনা’ত একে বাপেকৰ সন্তান পুণ্যধৰ আৰু কদমৰ শাৰিৰীক সম্বন্ধৰ ফলত কদম সন্তান সম্ভৱা হয়। ৰাইজে এনে ‘অনৈতিক’ কামৰ বিচাৰ কৰি সিহঁত দুটাক গাঁৱৰ পৰা নিৰ্বাসন দিয়ে। কদমৰ সন্তান প্ৰসৱৰ সময়ত আমি অৱশ্যে ধাইজনীৰ পৰা জানো যে সমাজত দপদপাই থকা অনেকৰে নিজৰ ইতিহাস কলংকৰে ভৰপূৰ। গল্পটোৰ সামৰণিত কদমে নিজৰ সদ্যজাত সন্তানটোক পুতি থোৱা আৰু ককায়েক পুণ্যধৰক নিজৰ সমস্ত সঁপি দি দুয়ো দূৰলৈ গুচি যোৱাটো অৱশ্যে স্ববিৰোধী তথা অতি-নাটকীয় আৰু ই গল্পটোক এটা শক্তিশালী পাঠ হোৱাৰ পৰা বঞ্চিত কৰিলে। একেদৰে ‘বাঁকৰ সাধু’ত কমলা

গাঁওবুঢ়াই জীয়াই থকা অৱস্থাতে মহা আড়ম্বৰে নিজৰ শ্ৰাদ্ধ পাতি ভোজ ভাতৰ

৫২॥খোজৰ শব্দ