পৃষ্ঠা:Khojar Xabda.pdf/২৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভাবাৰ্থঃ বৰনৈৰ চাপৰিৰ প্ৰাণময় মিচিং জাতি/দেহিঐ! ভাগৰ নধৰাকৈ ভগাই খাইছিল এমুঠি হ’লেও ভাত /দেহিঐ! ভগাই খাইছিল আটায়ে/দেহি ঐ এতিয়া কাঢ়ি খাব লাগে ভাত।

 বৰনৈ আঃনৗ দাগবগদ কাৰমি পাতাং ৰুইদনা
 দৗগৰ আঃমৗম লৃগতাগাই তুৰ্​ৰা দুনাপ অৗমনামৃন
 এইয়া আঃলৃগদৗম মৗবমচুনাম আবৃগদৗম
 বৰনৈ আঃনৗ ৰাগদৗ কাঃদে কাঃদেশ কবম দুনৗ

ভাবাৰ্থঃ বৰনৈৰ বাকৰিৰ কাৰণিৰ কাষৰত কৰিছিলোঁ আগতীয়া ধানৰ খেতি/ আশাৰ কঠীয়া বুকুত বান্ধি /দেহিঐ! সেই আশাৰ কঠীয়াও উটুৱাই নিলে বৰনৈৰ বানে/ বুকুত শেল হানি। (কাৰণিঃ এখন বিলৰ নাম)

 ঙলোক মিছিং অমাঙৗ কঃগল দন্নৗ কামাঙাই
 কঃগন আমুখে গৗৱামৃল আয়াল বিচুল দনৗ কাই
 এইয়া দনৗদৗ আম্মেম বিচুল দঃনৗদৗ
 আঃমি লত্তা লওাদ কঃগল দঃনৗপ ইকাংকুনৗ

ভাবাৰ্থঃ বৰনৈৰ খহনীয়াই চকুৰ টিপতে খহাই লৈ গ'ল আমাৰ গাঁওখনি /আমাৰ সমাজতনো কেতিয়া আছিল খুজি-মাগি খোৱা ৰীতি?/খোজনীয়া আহিলেও অন্তৰেৰে যাচিছিল নিজৰ ভাত মুঠি/দেহিঐ! আনক দি-থৈহে নিজলৈ বুলি ভবা জাতিটো!

 ঙলোক মিছিং ৰৗঙামৗমই মিৰৗমলক্‌ছন লুপাগমাঙাই
 ঙলোক মিছিং অমাঙৗম আদজিপ কাঃনৗ কামাঙাই
 এইয়া দনৗদৗনা মিগাং গালাই দনৗদৗনা
 দুংক দাঃক্ক কামালাই অৗগঙ অৗগল কাপদুকুনৗ

ভাবাৰ্থঃ ধনীও কম নাছিল /দুখীয়াও তেনেকৈ নাছিল/মিচিং সমাজত এনে এক সময়ো আছিল/পুতৌৰ দৃষ্টিৰে মিচিং সমাজক কোনেও চাব লগা হোৱা নাছিল/দেহিঐ! ৰজাৰ নিচিনাকৈ আছিল মিচিং জাতি/এতিয়া ঠিয় দিবলৈও নোহোৱা হ’ল অকণি ঠাই/নিঠৰুৱা ভোকাতুৰ মোৰ গাঁৱৰ মানুহখিনি।

 এইয়া আঃচৃ চিৰাদক পানৗ চুল্লি আৰাদগ

২৫৭॥খোজৰ শব্দ