পৃষ্ঠা:Khojar Xabda.pdf/১৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 তাৰ পিচৰ এদিনাখনৰ কথা।

 ফোনত ৰায়চৌধুৰীৰ কণ্ঠ। আগে-পিচেও তেখেতে ফোন কৰে। খবৰ- বাতৰি লয়। কাম-কাজৰ খতিয়ান সোধে। সেইদিনা কিন্তু পোনচাটেই ক’লে, তেখেতক দুই-এদিনতে লগ ধৰাৰ কথা। এতেকে অনুজ সতীৰ্থ সুৰেশ কলিতা, বলেন চৌধুৰী, হীৰেণ বড়া আৰু আমি দুদিন পিচতে গৈ তেখেতক লগ ধৰিলোঁ। আগতীয়াকৈ সময় জনাই তেওঁ খাটনিয়াৰকো লগত ৰাখিছে। গতানুগতিক খবৰ- বাতৰি লৈ তেওঁ মূল কথালৈ আহিল—

 “উমা শৰ্মাতো তহনাৰ কাষৰ গুইমাৰাৰ মানুহ। অৱশ্যে তেওঁ গুইমাৰাত শৈশৱহে কটাইছিল। শেষলৈ গুৱাহাটীতে থাকিল। তেখেত জন্ম পাইছিল ১৯২০ চনৰ ৯ মে’ত। অসমৰ প্ৰগতিশীল আন্দোলনত তেওঁৰ বৰঙণি কিমান তহনায়ো জানা। তেখেতৰ জন্মৰ এশ বছৰ হ’ল। অনুষ্ঠান এটি পাতি তেওঁক তুলি ধৰিব পাৰিলে ভাল আছিল।”

 আমি প্ৰতি বছৰে মে' মাহত বছৰেকীয়া অনুষ্ঠান এটি পাতো। দক্ষিণ কামৰূপৰ সিংহপুৰুষ ভবানীকান্ত চৌধুৰী স্মাৰক বক্তৃতাৰ আয়োজন কৰোঁ। গতিকে এই দায়িত্ব কান্ধ পাতি ল'বৰ বাবে আমি অকণো কুণ্ঠাবোধ নকৰিলোঁ। মাৰ্ক্সবাদৰ সহায়ত মানৱতাৰ নতুন বাট কাটিবলৈ জাঁহি-জংগল আঁতৰোৱা অগ্ৰণীসকলৰ এজন আছিল উমা শৰ্মা। আমি সকলো যে তেওঁৰ ওচৰত ধৰুৱা।

 আমাৰ ইতিবাচক সঁহাৰি পোৱাৰ লগে লগে বয়সে কাবু কৰিব খোজা দীৰ্ঘদেহী মানুহজনে চিৰ পৰিচিত আৰামৰ চকীখনৰপৰা উঠি কিতাপেৰে ঠাহ খাই থকা পুৰণি কাঠৰ আলমাৰিকেইটালৈ চকু ফুৰাই কিবা এটা মনত কৰিলে। তাৰ পিচত ধীৰে ধীৰে এটা আলমাৰিৰ কিতাপৰ মাজৰপৰা পুৰণি খাম এটা উলিয়াই আমাৰ হাতত দিলে। তাত ষোল্ল হাজাৰ টকা আছিল।

 এই দুইগৰাকী মানুহৰ চিন্তা-চেতনা আমাৰ কৰ্ম উদ্দীপনাৰ সহমৰ্মী হৈ পৰিল। খাটনিয়াৰে আটোম-টোকাৰিকৈ ডিটিপি কৰি ৰখা উমা শৰ্মাৰ আত্মজীৱনী ‘বাট বুলি বুলি ভাগৰি পৰিলে’ৰ পেনড্ৰাইভ এটা দিলে। আমি গ্ৰন্থখন নতুন ৰূপত ‘বাট বুলি বুলি’ নামেৰে ছপাই উলিয়ালোঁ। ছপাই উলিয়ালোঁ অসমৰ ন- পুৰণি প্ৰায় পঞ্চাশগৰাকী লেখকৰ লেখাৰে সমৃদ্ধ উমা শৰ্মাৰ জন্ম শতবৰ্ষ উপলক্ষে ‘সদিচ্ছা’ৰ বিশেষ সংখ্যা ‘যুগাগ্ৰগামী’।

 এনেবোৰ প্ৰসংগতেই অনুষ্ঠানটি উদ্‌যাপন কৰাৰ আগতে আমি এদিন উমা শৰ্মাৰ ওপজা ঠাই দক্ষিণ কামৰূপৰ গুইমাৰালৈ যোৱাৰ সিদ্ধান্ত লৈছিলোঁ। এই ইচ্ছা প্ৰধানকৈ পোষণ কৰিছিল খাটনিয়াৰে। শৈশৱ-কৈশোৰৰ স্মৃতিৰে আমাৰ মন

খোজৰ শব্দ॥১৩৩