পৃষ্ঠা:Khojar Xabda.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গল্পকাৰ সিদ্ধহস্ত। সত্ৰলৈ সিধা লৈ যাওঁতে মাছ আৰু তেলৰ চিচা একেটা মানুহে নিনিয়ে, নিলে চুৱা লাগে। এনেধৰণৰ সৰু সৰু ছবিবোৰে গ্ৰাম্যসমাজৰ বিশ্বাস, বিশেষত্ববোৰ ফুটাই তুলিছে। থলুৱা সমাজ অধ্যয়ন-গৱেষণাৰ ক্ষেত্ৰত বিপুল খাটনিয়াৰৰ বহুকেইটা গল্পৰ পৰিৱেশ উৎকৃষ্ট সমল হৈ পৰাৰ নিশ্চিত অৱকাশ আছে। এইক্ষেত্ৰত বিশেষভাৱে উল্লেখ কৰিব পাৰি তেওঁৰ ‘বাঁকৰ সাধু’, ‘বীৰা’ আদি গল্পবোৰ। ‘বাঁকৰ সাধু’ গল্পটোৰ আৰম্ভণিতে গ্ৰাম্যজীৱনত থকা বাঁক সম্পৰ্কীয় ধাৰণাৰ যি বিৱৰণ দিছে সিয়ে বুকু চমচমাই নিয়ে

‘মূৰ নাথাকে। ডিঙিৰপৰা তলৰখিনি কিন্তু মানুহৰ দৰেই একেই, গাটো
তেল পৰি পিছলা। হাত দীঘল, লেৰেলাই যোৱা আৰু এই এই দীঘল
বাকুহা নখ।...মনত ৰাখিবিহঁক, মাটিত বাঁকৰ কেতিয়াও ছাঁ নপৰে।
দোকোল-টকা বানে যেতিয়া ঘৰৰ ভেটি চোৱেহি বহল ডাঙৰ পিতনিৰ
পৰা ওলাই আহি সিহঁতে চিলনীয়ে টিপচিক ধৰাদি টিপতে ৰৌ-
বাহুবোৰক নখেৰে বখলিয়ায়।” ( ভিন্ন জীৱন ভিন্ন কথকতা, পৃষ্ঠা ৩৪)

 একেদৰে ‘বীৰা’ গল্পৰ বৰ্ণনাও একেই যাদুকৰী মন্ত্ৰমুগ্ধতাৰে সমৃদ্ধ। ইছলাম সমাজত বীৰা সম্বন্ধীয় জনবিশ্বাসক স্থান দি গল্পৰ কাহিনীভাগ আগবঢ়াই নিয়া হৈছে। অশৰীৰি বীৰা বশ কৰি সিহঁতৰ হতুৱাই কাম কৰোৱা দৰৱেশ চাফী চাহাবৰ অলৌকিক মাহাত্ম্য পৰিস্থিতিৰ মাজেৰে জীৱন্ত কৰি তোলা হৈছে। অন্ধবিশ্বাসক আগস্থান কৰি নাটকীয় শ্বাসৰূদ্ধ বৰ্ণনাৰে গল্প আমোদজনক কৰি তোলাটো গল্পকাৰৰ মূল উদ্দেশ্য নহয়, বৰং জনবিশ্বাসক আধাৰ কৰি সময়ৰ গৰ্ভত জাহ যোৱা এক ইতিহাস উন্মোচন কৰাটোহে গল্পৰ ঘাই কথা।

 ‘বাঘভেটা’ গল্প বাঘচোং-হাতীচোং অঞ্চলৰ বছৰেকীয়া উৎসৱস্বৰূপ বাঘ চিকাৰৰ কাহিনী। বাঘ ভেটিবলৈ স্থানীয় ৰাইজে লোৱা কৌশল-নীতি নিয়মৰ অনুপুংখ বৰ্ণনাই সেয়া যে গল্পকাৰৰ ক্ষেত্ৰ অধ্যয়নৰ ফচল সেয়া স্পষ্টকৈ প্ৰমাণিত কৰে। বৰ্ণনাৰ মাজে মাজে প্ৰাসংগিক অনুষংগৰ সংযোজন খাটনিয়াৰৰ গল্প ৰীতিৰ মন কৰিবলগীয়া দিশ। বৰ্ণনাত সুৰুঙা পালেই তেওঁ ঐতিহ্যৰ উল্লিখন, থলুৱা সাংস্কৃতিক উপাদানৰ প্ৰয়োগ কৰাৰ চেষ্টা কৰে। ‘শিহু’ গল্পত কুৰুৱা ৰাজ্যৰ বিশদ বৰ্ণনা, ‘সোণটিগৰীয়া’ গল্পত কাৰবালাৰ আখ্যান, ‘ৰাগকেদাৰ’তো অসম বুৰঞ্জীৰ চেগা-চোৰোকা প্ৰসংগ আদিবোৰ ইয়াৰ দৃষ্টান্ত। স্থানভিত্তিক ঐতিহাসিক ঘটনা, বা তাৰ ইতিবৃত্ত জড়িত অনুষংগৰ উদাহৰণো প্ৰচুৰ। সাময়িক অন্যান্য অনুষংগবোৰেও

পৰিৱৰ্তনশীল সমাজৰ ছবি তুলি ধৰে। এটা উদাহৰণ—

খোজৰ শব্দ॥৪৫