পৃষ্ঠা:Khojar Xabda.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিপুল খাটনিয়াৰৰ গল্প : এটি সংক্ষিপ্ত টোকা

চুলতান আলী আহমেদ

অলপতে মৃত্যুবৰণ কৰা বিপুল খাটনিয়াৰ অসমৰ এগৰাকী অন্যতম শ্ৰেষ্ঠ গল্পকাৰ যিয়ে সচেতনভাৱে শোষিত মানুহৰ পক্ষত থাকি এটা প্ৰগতিশীল দৃষ্টিভংগীৰে ভালেমান ৰসোত্তীৰ্ণ গল্প সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। বিপুল খাটনিয়াৰ প্ৰগতিশীল সাহিত্য সংগঠনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল আৰু ‘নতুন সাহিত্য পৰিষদ’ৰ সম্পাদকৰ দৰে গুৰুদায়িত্ব পালন কৰিছিল।

 সাধাৰণতে দেখা যায় যে প্ৰগতিশীল শিবিৰত থাকি যিসকলে লেখা-মেলা কৰে বা যিসকল লেখক শ্ৰেণীসচেতন, তেওঁলোকৰ সাহিত্যকৰ্ম বহুসময়ত মাত্ৰাধিক প্ৰচাৰধৰ্মী হৈ পৰে। নিজৰ সামাজিক আৰু ৰাজনৈতিক দৃষ্টিকোণ সাহিত্যকৰ্মৰ মাজেৰে প্ৰতিষ্ঠা কৰিবলৈ গৈ কিছুমান প্ৰগতিশীল লেখকে তেওঁলোকৰ সাহিত্যকৰ্মৰ শিল্পগুণ ধ্বংস কৰি পেলায় তাৰ ফলত সাহিত্য হৈ পৰে সস্তীয়া প্ৰচাৰ বা প্ৰপাগাণ্ডা। বিপুল খাটনিয়াৰৰ গল্পবোৰ এনেধৰণৰ ত্ৰুটি-বিচ্যুতিৰপৰা সম্পূৰ্ণ মুক্ত। বিপুল খাটনিয়াৰে তেওঁৰ প্ৰগতিশীল দৃষ্টিকোণ আৰু সাহিত্যৰ গুণগত উৎকৰ্ষ— এই দুয়োটাৰ মাজত এক সুন্দৰ ভাৰসাম্য ৰক্ষা কৰি কেইটামান অতি উৎকৃষ্ট গল্প অসমীয়া সাহিত্যলৈ উপহাৰ হিচাপে আগবঢ়াইছে।

 বিপুল খাটনিয়াৰৰ গল্পবোৰ পঢ়িলে বুজিব পাৰি যে গল্পবোৰ তেওঁ গুৱাহাটী চহৰৰ ড্ৰয়িংৰুমত বহি নিজৰ কল্পনাশক্তিৰে উদ্ভাৱন কৰা নাই। বা আন কিছুমান লেখকে কৰাৰ দৰে নিজৰ শৈশৱৰ স্মৃতি ৰোমন্থনৰ মাজেৰে এক অতীত জীৱনৰ মাধুৰিমাময় ছবিও অংকন কৰা নাই। তেওঁৰ গল্পৰ জগতখন সম্পূৰ্ণভাৱে সমসাময়িক জগত, একেবাৰে বাস্তৱ। ১৯৮০ৰ দশকৰপৰা ২০২০-২১ চনলৈ আমি যিখন অসম আমাৰ চকুৰ আগত দেখিলোঁ— যিখন অসমৰ ওপৰেদি অলেখ ধুমুহা পাৰ হৈ গ’ল সেইখন অসম আৰু সেইখন অসমৰ তেজ মঙহৰ জীৱন্ত মানুহবোৰক আমি

খোজৰ শব্দ॥ ৮৯