পৃষ্ঠা:Khojar Xabda.pdf/১৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰাৰ দৰে বিপুল খাটনিয়াৰেও তেনে মনোভাব পোষণ কৰা বুলি সন্দেহ কৰাৰ থল নিশ্চয় থাকে।”

 নতুন প্ৰজন্মৰ পাঠক আৰু সমালোচকেও বিপুল খাটনিয়াৰৰ গল্পক আদৰ কৰিছে। তেনে আদৰৰ ফলশ্ৰুতিতে তেওঁ ইখনৰ পিছত সিখন চুটিগল্প সংকলন প্ৰকাশ কৰিবলৈ সাহস কৰিছিল। আকৌ সমালোচকেও তেওঁৰ গল্পৰাজিৰ সমালোচনা আগবঢ়োৱাত উৎসাহিত হৈছিল আৰু অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ মানুহৰ জীৱন চৰ্যা, সুখ-দুখ, অন্যায়-অনীতি, হৰ্ষ-বিষাদ, অভাৰ-সমস্যা আদিৰ বিষয়ে পৰীক্ষা- নিৰীক্ষা কৰি গল্প লিখিছিল। তেওঁৰ গল্পসাহিত্যৰ বিষয়েও তেওঁৰ মৃত্যুৰ পিছতো আলোচনা হৈছে। বিশিষ্ট সাহিত্যিক- সাহিত্য সংগঠক অহিজুদ্দিন শ্বেখৰ তেনে এটা লেখা হ’ল ‘বিশিষ্ট গল্পকাৰ বিপুল খাটনিয়াৰ’। ২০২১ চনৰ ১৪ জুলাইত ‘অসমীয়া খবৰ’ত প্ৰকাশিত উক্ত লেখাটোৰ এঠাইত তেওঁ কৈছে, “সত্তৰৰ দশকত ‘নতুন পৃথিৱী’ আলোচনীত গল্প লিখি পাঠক সমাজত পৰিচিত হৈ পৰা বিপুল খাটনিয়াৰৰ সাহিত্য চিন্তাত সমাজতান্ত্ৰিক বাস্তৱতাৰ কথাই মূলতঃ প্ৰতিফলিত হৈছে। তেওঁৰ গল্পবোৰত প্ৰকাশ পাইছে সাধাৰণ মানুহৰ মৰ্মবেদনা, ধনী-দুখীয়াৰ নিৰ্মম বিভেদ, সংঘাতৰ লগতে বিদ্ৰোহৰ আকাংক্ষা।”

 সাহিত্য চৰ্চা, বৌদ্ধিক পৰিমণ্ডল, সামাজিক-সাংস্কৃতিক আদি পৰিৱেশ সৃষ্টিৰ বাবে সাহিত্য সংগঠনৰ প্ৰয়োজনীয়তা অপৰিসীম। তেনে প্ৰয়োজনীয়তাৰ কথা বাৰুকৈ হৃদয়ঙ্গম কৰি বিপুল খাটনিয়াৰে ১৯৭৭ খ্ৰী:ত অসমৰ বুকুত প্ৰতিষ্ঠা হোৱা প্ৰগতিশীল সাহিত্য সংগঠন ‘নতুন সাহিত্য পৰিষদ’ৰ লগত যুক্ত হয়। প্ৰতিষ্ঠাকালৰ ৰাজ্যিক কমিটিৰে তেওঁ সহকাৰী সম্পাদকৰ পদবীত অধিষ্ঠিত হৈ পৰৱৰ্তী সময়ত ৰাজ্যিক কমিটিৰ সম্পাদক, কোষাধ্যক্ষ ইত্যাদি বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰি ‘নতুন সাহিত্য পৰিষদ’ৰ প্ৰচাৰ-প্ৰসাৰ আৰু সাংগঠনিক ভেটি নিৰ্মাণত বিশিষ্ট ভূমিকাত অৱতীৰ্ণ হৈছিল। এগৰাকী প্ৰসিদ্ধ গল্পকাৰ হৈয়ো তেওঁ ‘নতুন সাহিত্য পৰিষদ’ৰ বিকাশ- বিস্তৃতিৰ বাবে যি অহোপুৰুষাৰ্থ কৰিছিল, উদীয়মান আৰু সম্ভাৱনাপূৰ্ণ লেখকক যি ধৰণে উদ্‌গনি দিছিল আকৌ প্ৰবীণসকলকো যথাযোগ্য মান-মৰ্যাদা প্ৰদানেৰে প্ৰত্যক্ষ- পৰোক্ষভাৱে পৰিষদৰ মজিয়াত যি ভূমিকা লৈছিল, সিয়ে বিপুল খাটনিয়াৰৰ সাংগঠনিক দক্ষতা প্ৰমাণ কৰিছিল। কোনো ভেম-ভণ্ডামি অবিহনে কেৱল নতুন সাহিত্য পৰিষদৰ লক্ষ্য-উদ্দেশ্য বাস্তৱায়িতকৰণ আৰু প্ৰগতিশীল সাহিত্যৰ উত্তৰোত্তৰ প্ৰগতিৰ স্বাৰ্থত অসমৰ ইমূৰৰপৰা সিমূৰলৈ সভা-সমিতি, আলোচনাচক্ৰ, পাঠচক্ৰ, সন্মিলনাদিত অংশগ্ৰহণ কৰিছিল আৰু শাখা-আঞ্চলিক-জিলা কমিটিসমূহৰ শাখা

মুখপত্ৰত গল্প, প্ৰবন্ধ, লিখিছিল। অকল ইমানেই নহয়, ব্যক্তিগতভাৱে শাখা সদস্যৰ

১৮৮॥খোজৰ শব্দ