পৃষ্ঠা:Khojar Xabda.pdf/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এটা দীঘল হুমুনিয়াহ কাঢ়ি ভাদৈ পেহীয়ে ক’লে— তই মোৰ এইকণ উপকাৰ কৰি দে পোনা। ইয়াত তহঁতৰ ৰাজধানীত বোলে পা-পইচা ছটিয়ালেই সব ‘চাৰ্টিফিকেট’ পায়। ... ভাদৈ পেহীৰ বুকুৰ খৰ দুটুকুৰাৰ পৰা নিগৰি অহা ডাঠ লেতীয়া টোপাল এটানে দুটা চাই থাকোঁতেই নিকা বিছনা চাদৰখনত সৰি পৰিল। ‘গল্পটোত ফুটি উঠিছে এহাতে গাঁৱলীয়া সহজ সৰল মানসিকতা, আনহাতে দুৰ্নীতিত নিমজ্জিত সমাজ ব্যৱস্থাৰ ছবি।

 কিতাপখন পঢ়ি মনত ছাপ পেলোৱাত কিবা অলপ লিখাৰ দুৰ্বাৰ হেঁপাহ উপজিছিল। সেয়ে নিলিখাকৈ থাকিব নোৱাৰি কেইটামান গল্পৰ ওপৰত মোৰ অনুভৱৰ প্ৰকাশ অলপ পাঠকৰ বাবে এৰি দিলোঁ। সীমিত পৰিসৰত গোটেইকেইটা গল্প আলোচনা কৰাটো সম্ভৱ নহয় হেতুকে খাটনিয়াৰৰ গল্পৰ বৈশিষ্ট্যৰ ওপৰত ৰুত্ব দি কিছু আলোচনা কৰাৰ মৰসাহ কৰিবলৈ চেষ্টা কৰা হৈছে। আমাৰ অনুভৱ— গল্পৰ কাহিনীতকৈ স্থানীয় কথিত ভাষাৰ প্ৰয়োগ, গাঁৱলীয়া ভকতীয়া ভাষাৰ প্ৰয়োগ, ব্যতিক্ৰমী কথন শৈলী, ৰহস্যময়ী সমাপ্তি, কিম্বদন্তি সদৃশ কিছু কাহিনীৰ সংমিশ্ৰণ, চিন্তাত সমাজতান্ত্ৰিক বাস্তৱতাৰ প্ৰভাৱ, গ্ৰাম্য সমাজ ব্যৱস্থাৰ ছবিৰ অঙ্কণ আদি উপাদানসমূহে প্ৰতিটো গল্পক চিত্তাকৰ্ষক কৰি তুলিছে।

 বিপুল খাটনিয়াৰৰ গল্প সম্পৰ্কত বিশিষ্ট কবি সমালোচক মনোজ বৰপূজাৰীৰ অভিমত— ‘কেতিয়াবা ঘটনা আৰু পৰিৱেশত এনে জটিলতাপূৰ্ণ আৰু ভিন্নমাত্ৰিক হয় যে সৃষ্টিশীল লেখকে গতানুগতিক প্ৰথাৰে সিবোৰৰ অৰ্থ উদ্ধাৰৰ চেষ্টা কৰাটো মূঢ়মতিৰ সঁহাৰিৰ দৰে হৈ উঠে। এণ্টন চেকভে চাইবেৰিয়ালৈ গৈ চাক্ষুস অভিজ্ঞতাৰ বৰ্ণনা দিওঁতে ৰুছ সাহিত্যত সৰ্বময় হৈ থকা টলষ্টয়বাদৰ বিৰুদ্ধাচৰণ কৰিছিল। তেওঁৰ যুক্তি হ’ল মানুহৰ দুখভোগ, ক্লেশ-যন্ত্ৰণাৰ বিৱৰণ দাঙি ধৰাত টলষ্টয়সুলভ বাস্তৱধৰ্মী প্ৰতিফলনেই যথেষ্ট নহয়, তাতোকৈ ভিন্ন স্তৰলৈ যোৱাৰ চেষ্টা কৰাহে যুগুত। বিপুল খাটনিয়াৰৰ গল্পত অসমীয়া গল্প সাহিত্যৰ পৰিচিত বিষয়বস্তু আৰু তাৰ উপস্থাপন ভঙ্গী ব্যতিক্ৰম কৰাৰ এটা প্ৰচেষ্টা স্বস্তিদায়ক ৰূপত ধৰা পৰে। ৰূপবন্ধৰ কষ্টকল্পিত অনুশীলনৰ চাপহে বিদ্যমান।’❐

(লেখক অৱসৰপ্ৰাপ্ত বেংক বিষয়া, নতুন সাহিত্য পৰিষদৰ সদস্য)

১০২॥খোজৰ শব্দ