পৃষ্ঠা:Khojar Xabda.pdf/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মতে প্ৰগতিবাদী চিন্তাধাৰাৰ সাহিত্যিক সকলে সংস্কৃতি কিভাবে সমাজৰ মুখাপেক্ষী সেই আলোচনা কৰিব। যেনে, বিপুল খাটনিয়াৰে সমাজখনক তেওঁৰ গল্পত যিধৰণে প্ৰসংগ আৰু আংগিকৰ দিশত বান্ধি দিছে। খাটনিয়াৰ ভাল বা শ্ৰেষ্ঠ গল্পকাৰ অথবা বেয়া বা নিম্নস্তৰৰ গল্পকাৰ সেইটো বিচাৰ কৰিবলৈ আমাৰ মৌলিক সমাজখনৰ স্তৰত (যিটো এক নতুন quality) আহিব লাগিব। ফলত প্ৰতিফলিত হয় যে খাটনিয়াৰৰ এনেকুৱা এক শক্তি আছিল যিটোৰে তেওঁ এনেধৰণৰ গল্প সৃষ্টি কৰিবলৈ সক্ষম হ’ল অথবা এটা বিশেষ প্ৰসংগ আৰু আংগিকৰ সাৰ্থক সন্মিলন ঘটালে। খাটনিয়াৰে পোৱা সমাজখনৰ পাৰিপাৰ্শ্বিকতা অনেকেই পাইছিল, কিন্তু এই পাৰিপাৰ্শ্বিকতাত খাটনিয়াৰে যেনেকৈ প্ৰসংগ আৰু আংগিকৰে গল্প সৃষ্টি কৰিলে আন গল্পকাৰে পৰা নাই। সমাজ চেতনা আৰু সমাজ পুনৰ্গঠনৰ কল্পনা খাটনিয়াৰৰ গল্পত বিচিত্ৰভাৱে প্ৰতিফলিত হ’ল।

 বিভাস চৌধুৰীয়ে খাটনিয়াৰৰ গল্পবোৰৰ সমালোচনা কৰি কৈছে, “গল্পৰ বিষয় আৰু চৰিত্ৰ অনুযায়ী ভাষাৰ প্ৰয়োগত সূক্ষ্ম অথচ নিৰ্ণায়ক পৰিৱৰ্তন অনাটো কেৱল কৌশলগত বৈশিষ্ট্য নহয়। গল্পৰ তাত্ত্বিক প্ৰয়োজনৰ দ্বাৰা পৰিচালিত এই প্ৰক্ৰিয়াত ভাষা, গাঁথনি আৰু চৰিত্ৰ ৰূপায়ণৰ দিশসমূহ সুন্দৰ ফ্ৰেমত সংযোজিত হৈ গঠন অভিজ্ঞতাৰ অনবদ্য স্বৰূপ হিচাপে আমাৰ মানসপটত সাঁচ বহুৱাই যায়।” আনন্দ বৰমুদৈয়ে কৈছে, “আৱাহন যুগৰপৰা আজিলৈকে যিকেইগৰাকী গল্পকাৰে সমাজবাদী দৃষ্টিকোণৰপৰা নান্দনিকভাৱে সন্তোষজনক গল্প লিখিছে খাটনিয়াৰ সেইসকলৰ এজন।

 খাটনিয়াৰে তেওঁৰ ‘বাণীকান্ত’ নামৰ গল্পটোত লিখিছিল ২০১২ চনতে। ভাৰতৰ অৰ্থনীতিৰ অনেক পৰিৱৰ্তন তথা জনসাধাৰণৰ ‘আচ্ছে দিন’ অনাৰ কথা ভাৰত চৰকাৰে ঘোষণা কৰিছে। কিন্তু সমাজখন লক্ষ্য কৰিলে দেখা যায় গল্পটোৰ মুখ্য চৰিত্ৰ বাণীকান্তৰ দিনৰ সমাজখনৰ বুনিয়াদী স্তৰত কোনো পৰিৱৰ্তন ঘটা নাই। বৰং সমাজৰ অৱস্থা আৰু শোচনীয় হৈছে। খাটনিয়াৰে ‘বাণীকান্ত'ত লিখিছে “ৰাস্তাটো এইফালৰপৰা আগফালে হলেও সিফালৰপৰা কেইঘৰৰ পাছফাল। কেউফালৰপৰা বকুলৰ দৰে গোন্ধ। বুজা যায় পায়খানাবোৰ কেঁচা। বৰষুণৰ হেঁচাত বৈ অহা ক’লা ডাঠ জলস্ৰোতৰ লগত উটি অহা সৰহ অংশ গেদেৰে ৰাস্তাটোৰ ঠিক মাজতে বোকাৰ ডোঙা সৃষ্টি।” আজি চহৰৰ জীৱন-যাত্ৰাৰ মাজত আপাত দৃষ্টিৰে দেখিলে ভাব হ’ব যেন একোৰেই অভাৱ নাই। চহৰ আজি megapolis হৈছে। যান-বাহনৰ ত্বড়িত গতিত চলাচলৰ বাবে নিৰ্মাণ হৈছে expressway | এই expressway অকলমাত্ৰ

১২৪॥খোজৰ শব্দ