পৃষ্ঠা:Khojar Xabda.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বাঁকৰ ৰূপকাত্মক দিশটোৰ গল্পটোৱে আয়তনক নতুন মাত্ৰা প্ৰদান কৰিছে। সাধুকথাৰ আচৰণ দৰ্শোৱা এই গল্পৰ প্ৰথম অৱস্থাত বাঁকৰ লগত জড়িত বিশ্বাসৰ অৱলোকনে ইয়াৰ মুখ্য চৰিত্ৰ কমলা গাঁওবুঢ়াৰ স্থিতিক এক বিশেষ সাংস্কৃতিক মৰ্যাদা দিছে। এই মৰ্যাদা গুণগত নহয়, অথচ ইয়াৰ সামাজিক তাৎপৰ্য আয়োজনৰ দ্বাৰা নিৰ্ধাৰিত হৈছে। কমলা গাঁওবুঢ়াই জীৱিত অৱস্থাতে নিজৰ শ্ৰাদ্ধ পতাৰ আঁৰত তেওঁৰ ৰাজহুৱা স্বীকাৰোক্তিৰ বাবে আহ্বান কৰা শ্ৰোতাগণৰ অপ্ৰত্যাশিত আশ্চৰ্যৰ দৰে গাঁওবুঢ়াৰ চিহ্নাত্মক বাঁক-বলিয়ে পঢ়ুৱৈক স্তম্ভিত কৰে।

আৰু তাৰ মাজতে কমলা গাঁওবুঢ়াই সভাৰ বৰখুটীলৈ বুলি খান্দি আধা
পোতাকৈ থোৱা গাঁত এটাতে মূৰটো গুঁজি হালি পৰিল। ৰাইজৰ এনে
লাগিল— ৰভাতলিৰ মাজতে বাঁকেহে যেন তেওঁক ডিঙিলৈকে ওভতাই
পুতি পেলাইছে (খাটনিয়াৰ, ২০০৯ : ৪১)

 গল্পটোৰ সাংস্কৃতিক আয়তনৰ ওপৰত প্ৰভাৱ পেলোৱা এই ঘটনাই কিন্তু সেই সমাজৰ চৰিত্ৰৰ এক বিশেষ বৈশিষ্ট্যৰ ইংগিত বহন কৰিছে। বাঁকৰ কাহিনীৰ লগত অপৰিচিত সমাজ এখনত গাঁওবুঢ়াৰ এই বিপৰ্যয়ৰ পৰ্যালোচনাৰ মাত্ৰাও অন্য ধৰণৰ হ’ব। সমাজ এখনত সংঘটিত ঘটনা বা তাৰ অভিজ্ঞতাৰ বিচাৰো সেই সমাজত ক্ৰিয়াশীল সাংস্কৃতিক চৰ্তৰ উৰ্দ্ধত প্ৰতিষ্ঠিত নহয়। কমলা গাঁওবুঢ়াই আয়োজন কৰা শ্ৰাদ্ধত একত্ৰিত ৰাইজৰ বাবে বাঁকৰ স্থিতি মাথোঁ তাত্ত্বিক চিন্তা-ক্ষেত্ৰতে আৱদ্ধ নহয়, তাৰ এক চিনাকি স্বৰূপ আছে। এই স্বৰূপ ধৰা পৰিছে সেই সমাজৰ প্ৰচলিত বাগ্‌ধাৰাৰ (discourse) প্ৰকৃতিত আৰু অকথিত আৰু অব্যক্ত হৈয়ো ঘটনাক্ৰমৰ সাংস্কৃতিক তাৎপৰ্য গল্পকাৰৰ কথকতাৰ মাজেদি নিৰ্ধাৰিত হৈছে। আলোচনাৰ আৰম্ভণিতে কথাৰ সমস্যাযুক্ত চাৰিত্ৰিক দিশৰ কথা উল্লেখ কৰিছিলোঁ। এই গল্পৰ প্লট আয়োজন আৰু কাহিনী-সদৃশ (tale-like) অবয়বৰ লগতে নিয়ন্ত্ৰিত কথনশৈলীৰ দ্বাৰা যি পৰিৱেশ সৃষ্টি কৰা হৈছে তাৰ জাগতিক প্ৰকৃতিয়ে কিন্তু সেই সমাজত ক্ৰিয়া কৰা অভিজ্ঞতা আৰু নিয়মাৱলীৰ সমন্বয়ত এক বিশেষ পৰিভাষা লাভ কৰিছে। আইতাকৰ নিচুকনি কৌশলৰ আৱৰ্তত আবদ্ধ নাথাকি বাঁক কমলা গাঁওবুঢ়াৰ ক্ষেত্ৰত জীৱন্ত (অথবা মৃত) প্ৰমাণৰ ৰূপত দৃশ্যমান হৈছে৷ সেয়ে আমি আইতাৰ সাধুকথাৰ অন্তৰালত নিহিত বাঁকৰ স্থিতিক সেই সমাজৰ ৰাইজে স্বীকৃতি দিয়া বাঁক সম্বন্ধীয় বাগধাৰাৰ পৰা আঁতৰত ৰাখিব নোৱাৰোঁ। একেখন সমাজৰ ভিন্ন ক্ষেত্ৰত প্ৰচলিত চিন্তাৰ দুটা পৰিচিত চৰ্তই যেন কমলা গাঁওবুঢ়াৰ সুনিয়োজিত আৰু পৰিকল্পিত আয়োজনত একত্ৰিত হোৱাৰ সুযোগ লাভ কৰিছে। গল্পটোৰ আন এটা দিশ হৈছে তাত বিৰাজ কৰা উৎসৱমুখৰ পৰিৱেশ। এই পৰিৱেশ অৱশ্যে অত্যন্ত কৌশলগতভাৱে

১২॥খোজৰ শব্দ