পৃষ্ঠা:Khojar Xabda.pdf/২৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

খাটনিয়াৰ দাৰ লগত কিছু মিঠা অনুভৱ

বৰ্ণালী বৰা

হঠাৎ মোবাইলৰ শব্দত সাৰ পাই উঠিলোঁ। বন্ধৰ দিন, ভাত খাই বিছনাত বাগৰ দিছিলোঁ। খাটনিয়াৰ দাৰ বৌৰ ফোনটো দেখি একেজাপে উঠি বহিলোঁ। 'কওক বৌ’ বুলি সদায় কোৱাৰ দৰেই আৰম্ভ কৰিলোঁ। বৌৰ মৰমৰ অনুৰোধ, কিবা এটা লিখিব লাগে খাটনিয়াৰ দাৰ প্ৰথম মৃত্যু বার্ষিকীত প্ৰকাশ কৰিব বিচৰা গ্ৰন্থখনিত। কিবা এটা সৰুকৈ হ'লেও লিখিম বুলি কিছু ঘৰুৱা কথা পাতি ফোনটো থ’লোঁ। মনটো সেমেকি উঠিল... কি লিখিম, ক’ৰ পৰা আৰম্ভ কৰিম... পলকতে বহু কথাই মনটোক জুমুৰি দি ধৰিলে।

 ১৯৯২ চনলৈ মনটো উৰি গ'ল। ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহত মই আৰু মোৰ স্কুলৰ বান্ধৱী তথা বৰ্তমানৰ সহকৰ্মী অনুসূয়া বৰুৱা, ভূতত্ত্ব আৰু খনি বিভাগত চাকৰি পোৱাৰ সূত্ৰে কাহিলীপাৰা কাৰ্যালয়লৈ যোগদান কৰিবলৈ আহিছিলোঁ। দেউতাই কৈ পঠিয়াইছিল, ‘বিপুল খাটনিয়াৰক লগ ধৰিবি’। মোৰ দেউতা স্বর্গীয় যতীন বৰা আৰু খাটনিয়াৰ দাৰ শহুৰ স্বৰ্গীয় অনিল ৰায়চৌধুৰী খুৰাই গুৱাহাটী বিশ্ববিদ্যালয়ত একেলগে চাকৰি কৰিছিল। সেই সময়ত মই Co-operative City Bank ত চাকৰি কৰি আছিলোঁ। মই চিনাকি দিয়াত খাটনিয়াৰ দাই প্রথমেই কৈ উঠিছিল, ‘দৰকাৰ নাই ইয়ালৈ অহাৰ, বেংকতে থাকা।’ প্রথমে খং উঠিছিল যদিও দাদাৰ ক্ষোভৰ কাৰণ পাছত গম পাইছিলোঁ।

 সেই যে চিনাকি, তাৰ পাছত কেনেকৈনো সেই মানুহজনৰ লগত এক বুজাব নোৱাৰা বান্ধোনেৰে বান্ধ খাই পৰিলোঁ গমেই নাপালোঁ। খাটনিয়াৰ দাৰ লগত না মোৰ আদৰ্শৰ মিল আছিল না মত্ৰ। তথাপিও ক'ৰবাত যেন এটা গভীৰ মৰম আছিল, শ্রদ্ধা আছিল, যাৰ ফলত এটা বুজাব নোৱাৰা বান্ধোনেৰে আমি দুয়োটা পৰিয়াল বান্ধ খাই পৰিছিলোঁ আৰু ল’ৰা-ছোৱালী দুটাৰ মামা হৈ পৰিছিল । জ্ঞানৰ

২৪২॥খোজৰ শব্দ