পৃষ্ঠা:Khojar Xabda.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰিসীমা কেৱল ভৌগোলিক অসমৰ ৰাজনৈতিক জীৱন সংগ্ৰামৰ কাঠিন্যই পিষ্ট কৰা মাপুয়িৰ দৰে গাভৰুৰ অসফল প্ৰেমৰ কাহিনীৰ বৰ্ণনাৰে ৰচিত ‘মিজোজাই’ৰ দৰে গল্পই ঠাই নিৰ্বিশেষে অস্তিত্ব ৰক্ষাৰ সংগ্ৰামে ধুৱাই নিয়া নিপীড়িত নিম্নবৰ্গীয় লোকৰ প্ৰান্তীয়কৰণৰ একেধৰ্মী নেৰেটিভ বুজি উঠাত বিশেষ ভূমিকা পালন কৰিছে। এনেসমূহ গল্পতে মুখ্যতঃ ৰাষ্ট্ৰ তথা ৰাষ্ট্ৰবিৰোধী উন্মেষণৰ অহৰহ সংঘাত তথা ইয়াৰ পৰৱৰ্তী উত্থানৰ ধাৰাই কঢ়িয়াই অনা ন ন বিচাৰ ব্যৱস্থাৰ প্ৰক্ৰিয়াত প্ৰায় অলাগতিয়াল হৈ পৰা শূন্যবোধ আৰু মানৱীয় সম্পৰ্কৰ ক্ষীণ উপস্থিতি প্ৰান্তীয় বিষয়ৰ মাজেৰে পুনৰোজ্জীৱিত কৰি তোলাৰ প্ৰয়াস দেখা যায়। এক নিজস্ব ভাষা চয়ন আৰু শৈলীৰ প্ৰয়োগেৰে বিপুল খাটনিয়াৰে প্ৰান্তীয় মনস্তত্ব কেৱল পাঠকৰ আগত উন্মোচন কৰাই নহয়, এনে অৱস্থান নিৰ্মাণৰ সুদীৰ্ঘ সামাজিক ইতিহাসৰ জটিল পাকলগা স্বৰূপ যে সহজে এৰাব নোৱাৰাকৈ প্ৰত্যেক সামাজিক সত্তাৰে সৈতে কপকপীয়াকৈ বান্ধ খাই আছে, সেয়াও উপলব্ধি কৰোৱায়। সামাজিক চেতনাৰ এনে গভীৰ পৰ্যবেক্ষণ আৰু একে সময়তে ইয়াৰ বৈপৰীত্যৰ প্ৰতি সচেতন হৈ প্ৰান্তীয়তাৰ প্ৰসংগৰ বহুমাত্ৰিক ৰূপ বিশ্লেষণ কৰা এনে গল্পসমূহ শ্লোগানধৰ্মী হ’বলৈ নিদিয়াকৈ নিয়ন্ত্ৰণত ৰখাটো গল্পকাৰ হিচাপে বিপুল খাটনিয়াৰৰ অন্যতম সফলতা।❐

(লেখক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক)

খোজৰ শব্দ॥৩৩