পৃষ্ঠা:Khojar Xabda.pdf/১৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আপোনাৰ অসুবিধা নহ’ব বুলি ভাবিয়েই এই দিনটো ঠিক কৰা হৈছে। ২৫ তাৰিখে বুদ্ধ পূৰ্ণিমাৰ বন্ধ আছে। দুঘণ্টা মানৰ ভিতৰতে আমাৰ কামখিনি হ’ব যেন পাইছোঁ। গতিকে ২৪ বা ২৫ মে তাৰিখে অন্ততঃ এনিশা থকাকৈ আহিব।

 গল্পৰ কৰ্মশালা যদি পাতে তাৰ লগতে মিলাই স্থানীয় ন-লেখাৰুসকলৰ মৌলিক গল্পপাঠ অনুষ্ঠান এটিৰো আয়োজন কৰিব আৰু গল্পৰ কপি একোটা আগতীয়াকৈ মোক দিয়াৰ ব্যৱস্থা কৰিব। গল্প-লেখাৰ কৰ্মশালাৰ লগতে অসমীয়া গল্প বা অসমীয়া প্ৰগতিশীল গল্প সম্পৰ্কীয় এটি আলোচনাও কৰিব পৰা যায়। যেনেকৈ আপোনালোকৰ সুবিধা হয়।

 চিঠিৰ শেষৰফালে উল্লেখ কৰিছে দুটামান অতি ব্যক্তিগত কথা— নৱজাতকৰ প্ৰতি শুভেচ্ছা জনালোঁ। আপোনাৰ শ্ৰীমতীক আমাৰ অভিনন্দন জনাব। ইতি, আপোনাৰ

বিপুল খাটনিয়াৰ

 কেইদিনমান পিছত সতীৰ্থ খাটনিয়াৰৰ পৰা পালোঁ আৰু এখন চিঠি য’ত তেওঁ উল্লেখ কৰিছে—

 ‘সুভাষ সাহা’ স্মৃতিগ্ৰন্থৰ ডিটিপিৰ কাম শেষ হৈছে, কেৱল স্মৃতিচাৰণ আৰু মূল্যায়নেই ১১৮ পৃষ্ঠা হৈছে। কিতাপখন কোনো কাৰণতে ৯৬ পৃষ্ঠাৰ বেছি কৰিব নোৱাৰি, কাৰণ ৯৬ পৃষ্ঠাতে প্ৰায় ১৪/১৫ হাজাৰ টকা খৰচ পৰিব। ‘সংহতিৰ বেদীত’ বাদত প্ৰেছত এতিয়াও ৬ হাজাৰ টকা দিবলৈ আছে। তদুপৰি ৰাজ্যিক আৰু আঞ্চলিকৰ মিলি আৰু ৯ হাজাৰ টকা সোমাই আছে। গতিকে টকাৰ প্ৰশ্নটোৱেই প্ৰধান।

 আমি কেইটামান সিদ্ধান্ত এনেকৈ লৈছোঁ (১) কিতাপখনত কোনো কবিতা নেথাকে, (২) কিতাপখন ৬ ফৰ্মাৰ ভিতৰত হ’ব লাগিব, (৩) ছপাৰ সংখ্যা ৫০০ কপি হ’ব, কিন্তু নিখুঁত কৰা হ’ব। (৪) দাম ২৫ টকা, (৫) মানকাচৰ শাখাক ৩০০ কপি দিয়া হ’ব, (৬) সম্পাদক— অহিজুদ্দিন শ্বেখ, প্ৰকাশক মানকাচৰ শাখা আৰু মানকাচৰ শাখাৰ হৈ উপেন ঘোষ, (৭) বেটুপাতত সাহাৰ ফটো এখন আৰু কভাৰৰ পিছৰ পৃষ্ঠাত সাহাৰ কবিতা এটা থাকিব৷ আপোনাৰ কোনো বিষয়ত দ্বিমত থাকিলে জনাব। জুলাই মাহত কিতাপখন প্ৰকাশ কৰা হ’ব। পাৰিলে মানকাচৰত।

 চিঠি-পত্ৰ আদান-প্ৰদানত সতীৰ্থ খাটনিয়াৰ আছিল সিদ্ধহস্ত। ৰাজ্যিক সমিতিৰ বৈঠকে হওক বা পৰিষদৰ আন কোনো আলাপ-আলোচনাই হওক তুৰন্তে পোষ্ট কাৰ্ড, ইনলেণ্ড লেটাৰ কাৰ্ড বা এনভেলাপত চিঠি এখন পঠাবলৈ তেওঁ অকণো

কুণ্ঠাবোধ কৰা নাছিল, সেয়া যিমানেই কষ্টকৰ নহওক কিয়।

খোজৰ শব্দ॥ ১৬৫