নতুন সাহিত্যৰ কোনো এটা সংখ্যাত ‘আত্ম সমালোচনা’ বিষয় এটা দি নিজৰ গল্পৰেই সমালোচনা কৰিছিল ৷ এনে ধৰণৰ বেলেগ চিন্তা কিছু কৰিছিল।
আমাৰ টিলাটোত আগতে আমি মাঘবিহুৰ সময়ত দল ভাত (লগ ভাত) একেলগে খাইছিলোঁ বাহিৰতে ৰান্ধি। খুউব স্ফূৰ্তিৰ দিন আছিল সেইবোৰ। পইচা তুলি বজাৰ কৰা কাম খাটনিয়াৰ দাই কৰিছিল৷ আমাৰ ইয়াত দেউৰী, মিচিং সম্প্ৰদায়ৰ লোক আছে বাবে তেওঁলোকৰ পৰম্পৰাগত সাজপানী বনায় আৰু আমি উৎসৱ- পার্বন উপলক্ষে খাওঁ। আমি ভাত খোৱা পৰ্ব হোৱাৰ পিছত মহিলাসকলে ল'ৰা- ছোৱালী লৈ ঘৰলৈ আহোঁ আৰু পুৰুষসকলে জুই-পুৱাই, চাহ খাই ৰাতিটো পাৰ কৰে, ঘৰৰ বেৰবোৰ ৰখি। তেতিয়া সকলোৰে বাঁহৰ বেৰ আছিল, ৱাল নাছিল। কিন্তু ৰখি থকাৰ মাজতে বেৰ চুৰিও হৈছিল, সন্ধিয়াতেও কেতিয়াবা চুৰি হয়। এতিয়া পিছে সেইবোৰ নাই, ল'ৰা-ছোৱালীবোৰৰো ব্যস্ততা। সেই পাৰ হৈ যোৱা দিনবোৰ আৰু ঘূৰি নাহে।
এবাৰ খাটনিয়াৰ দাই কিবা কামত দাৰ্জিলিঙলৈ গৈছিল ৷ মোৰ ল’ৰা বিকুৱে সেই সময়ত শিলিগুৰিত চাকৰি কৰি আছিল। কথাটো জানিব পাৰি বিকুৰ তাত এৰাতি থাকিছিল। বিকুৱেও ভাল পালে আৰু তেখেতেও খুব ভাল পাই বিকুৰ কথা কৈয়ে আছিল। ইহঁতে পিতৃতুল্য হিচাপে যথেষ্ট সন্মান কৰিছিল।
১৯১৬ চনৰ ২৬ নৱেম্বৰত বীৰেন্দ্ৰ মালাকাৰৰ যেতিয়া বুকুৰ বিষ হৈছিল ময়ো ঘৰত নাছিলোঁ, শিলিগুৰিত আছিলোঁ বোৱাৰী ইমনৰ অসুখৰ কাৰণে। সেই সময়খিনিত ভণ্টি প্রিয়ম্বদা আছিল, তাই ৰীণাহঁতক মাতিলে। আহিল আৰু হস্পিতেললৈ নিয়াৰপৰা আদি কৰি গোটেই কৰিলে। সেইটো কেতিয়াও পাহৰিব নোৱাৰোঁ। এই ঘটনাৰ দুমাহ পিছত আমাৰ ছোৱালী কপৌৰ যেতিয়া যঁজা সন্তানৰ জন্ম হ’ল, সেই সময়তো দৌৰি আহিছিল আৰু ৰীণা লগত গৈছিল হস্পিতাললৈ।
ল’কডাউনৰ কিছুদিন মই গুৱাহাটীত আছিলোঁ। পদূলিলৈ ওলালে যেতিয়া মোক লগ পায় তেতিয়াই মোক তেওঁলোকৰ ঘৰলৈ মাতে যাতে অকলশৰীয়া অনুভৱ নকৰোঁ সেইবাবে তেওঁলোকৰ ঘৰলৈ যাবলৈ কৈছিল।
মাজে-সময়ে খাটনিয়াৰৰ লগত বিভিন্ন কথা, ঘৰুৱাৰপৰা ৰাজনীতিলৈ, কেতিয়াবা বাহিৰৰ অভিজ্ঞতাৰ কথা আলোচনা কৰিছিলোঁ।
এনেকৈয়ে বহুবোৰ কথাই চোন মনৰ মাজত ভাহি উঠে সজীৱ হৈ। স্মৃতিৰ জানো শেষ আছে।
তেখেতৰ যেতিয়া অসুখ হৈছিল, অসুখ গুৰুতৰ বুলি জানিছিল সেয়েহে