পৃষ্ঠা:Khojar Xabda.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কেতবোৰ এন্ধাৰ কোঠালীৰ বাস্তৱতা বা ডাৰ্ক ৰিয়েলিটিহে— সেইবোৰ আমাৰ দৰে স্বাভাৱিক মানুহৰ মনঃস্ততত্ত্বতেই বাস কৰে। সেইবোৰৰ অন্তদ্বন্দ্বই হৈ উঠে গল্পৰ চালক, যদিওবা ইয়াতো শ্ৰেণী চেতনাই অনুঘটকৰ কাম কৰে। ডাৰ্ক ৰিয়েলিটিবোৰ বিপুল খাটনিয়াৰৰ গল্পত বহুলাংশে বহন কৰি আনিছে পিতৃতন্ত্ৰই অথবা সামন্ততান্ত্ৰিক অৱশেষবোৰে। ‘গেনা’ গল্পৰ এই ডাৰ্ক ৰিয়েলিটিৰ পৰিহাসে আমাক স্তব্ধ কৰি দিয়ে, ইয়াত আছে বৈমাত্ৰেয় ভগ্নীক ধৰ্ষণৰ দৰে বিকৃতি, আছে নাৰীজীৱনৰ কাৰুণ্য। আজিও সংবাদ মাধ্যমত কেতিয়াবা এনে ঘটনা শুনা যায়। কিন্তু গল্পকাৰে বিৱৰণী দিয়া সেইখন সমাজত নাৰীৰ অগ্ৰাধিকাৰ (priority) বা পছন্দ(choice)-ৰ দৰে প্ৰগতিশীল তত্ত্ব কথা ভাবিব পৰা নাযায়, সেয়েহে গল্পকাৰে তাক জোৰ কৰি গল্পত আৰোপ নকৰিলে, বৰং তেওঁ ক’বলৈ ভালপালে পৰিহাসবোৰৰ কথা, যাৰ বাবেই গল্পটো অসম্ভৱ কাৰুণ্যৰে ভৰি উঠিল। ‘গেনা’ গল্পৰ শিৰোনাম হিচাপেও অৰ্থবহ। ‘গেনা’ শব্দটো উত্তৰ-পূব ভাৰতৰ বিশেষকৈ জনজাতীয় সমাজবোৰত প্ৰচলিত— যাৰ অৰ্থ নিষিদ্ধ বা চুৱা লগা।‘গেনা’ৰ সময়ত আনৰ প্ৰৱেশ তাত নিষিদ্ধ। বহুসময়ত এনে লাগে যেন গল্পৰ কথন গল্পত কোৱা সমাজখনৰ অবিকল বাস্তৱতা (photographic reality) বা দাপোণ। পঠনৰ অভিজ্ঞতাৰপৰা এনেকুৱা লাগিব যেন তাত সেই ঘটনাবোৰ সঁচাকৈয়ে ঘটিছে, অথবা ঘটিছিল— আৰু গল্পকাৰে সাধুটো মাথোন কৈ গৈছে। আচলতে কিন্তু সেইবোৰ আশ্বৰ্যকৰ নিৰ্মাণহে, যাৰ বাবে তেওঁ কেতিয়াবা হাত ধৰি আগুৱাই গৈছে গোষ্ঠীৰ সামূহিক সোঁৱৰণিৰ (collective memory)—যেনে, ‘গোলাম’ আৰু কেতিয়াবা হাত ধৰিছে ক্ষেত্ৰ অধ্যয়নৰ এক যথাৰ্থ পদ্ধতিৰ – যেনে ‘চেগুণ বনৰ কথা।’ কিন্তু এইবোৰ আহিলাহে, তেওঁ সততে প্ৰৰোচিত হয় মানুহৰ প্ৰতি ভালপোৱাৰে, কিন্তু সাহিত্যৰ প্ৰতি নিষ্ঠা আৰু আদৰ্শৰ পাঠে তাত এক শক্তি দিয়ে। এই শক্তিটোৱেই বিপুল খাটনিয়াৰৰ গল্পৰ ‘মেজাজ’। পদ্ধতিক (methodology) তেওঁ সৃষ্টিশীল সাহিত্যৰ বাবেহে ব্যৱহাৰ কৰিছে। ‘চেগুন বনৰ কথা’ৰ দৰে গল্পত ইমান নিখুঁতকৈ কৰিছে যে, তাত যান্ত্ৰিকতাৰ কোনো অৱকাশ নাই, গল্প পাহাৰী নিজৰাৰ দৰেই সাৱলীল। আৰু সামূহিক সোঁৱৰণিৰ সুবিধা হৈছে তাত কল্পনাই অবাধে অগা-দেৱা কৰিব পাৰে। সামন্ততান্ত্ৰিক অৱশেষবোৰত কল্পনা আৰু বাস্তৱৰ মিশ্ৰণেৰে সফল কাহিনী এটা তৈয়াৰ কৰাত তেওঁ সিদ্ধহস্ত। অৱশ্যে ‘সাঁচিপাতৰ পুথি’ৰ দৰে গল্পত সি পাগত উঠা নাই যদিও ‘গোলাম'ত তেখেত সফল হৈছে। ক’বলৈ গ'লে মুৰাকামিয়ে যদি এজন সাৰ্থক story watcher হোৱাৰ তাগিদাত কল্পনা বা সপোনবোৰ সাৰে থকাৰ অৱস্থাতেই দেখি পেলাইছে, তেনেহ’লে বিপুল খাটনিয়াৰে তেওঁৰ কল্পনাক গল্পই

বাস কৰা সমাজখনৰ প্ৰেক্ষাত এনেদৰে নিৰ্মাণ কৰি পেলাইছে যে তাক আমাৰ সেই

খোজৰ শব্দ॥ ৭৩