পৃষ্ঠা:Khojar Xabda.pdf/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নৱপ্ৰজন্মক নৱদৃষ্টি প্ৰদান কৰিছিল। ইয়াৰ পাছত ১৯৩৮ চনত কলিকতাত দ্বিতীয়খন অধিৱেশন অনুষ্ঠিত হৈছিল। ১৯৪২ চনত দিল্লীৰ হাৰ্ডিং লাইব্ৰেৰীত কিষান চন্দৰক আহ্বায়ক হিচাপে লৈ তৃতীয়খন অধিৱেশন অনুষ্ঠিত হৈছিল। চতুৰ্থখন অধিৱেশন বোম্বাইত মনোৰঞ্জন ভট্টাচাৰ্যৰ সভাপতিত্বত অনুস্থিত হয়। উল্লেখযোগ্য যে এই অধিৱেশনত ভাৰতীয় গণনাট্য সংঘৰ (Indian People's Theatre Association - IPTA) গঠন হয়। ব্ৰিটিছৰাজৰ বিৰুদ্ধে জনসাধাৰণক সংস্কৃতিৰ যোগেদি সজাগ কৰাটোৱেই এই অনুস্থানৰ লক্ষ্য আছিল।

 এই অখিল ভাৰতীয় প্ৰগতিশীল লেখক সংঘ আৰু ভাৰতীয় গণনাট্য সংঘৰ সংগঠন সমগ্ৰ ভাৰতবৰ্ষতে বিয়পি পৰে আৰু ভাৰতবৰ্ষত সাহিত্য সংস্কৃতিৰ এক নৱজাগৰণৰ সূচনা আৰম্ভ হয়। পিছে অতি পৰিতাপৰ কথা যে ১৯২৫ চনৰ ২৬ ডিচেম্বৰত গঠিত হোৱা ‘ভাৰতৰ কমিউনিষ্ট পাৰ্টি’ (CPI)ৰ নেতৃত্বৰ দুৰ্বলতা, নীতিগত কাৰণত ১৯৬৪ চনৰ ৭ নৱেম্বৰত বিভাজন ঘটে। অন্যহাতেদি ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ পাছতে অনুস্থান দুটি ম্লান পৰি আহিবলৈ আৰম্ভ কৰে। অৱশ্যে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত প্ৰগতিশীল ধ্যান-ধাৰণা কমি যোৱা নাছিল। ‘প্ৰগতিশীল লেখক সংঘ’ নিষ্প্ৰভ হোৱাৰ পাছতো ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশত ইয়াৰ বুনিয়াদৰ ভিত্তিতে প্ৰগতিশীল চিন্তা চৰ্চা চলি আছিল। গণনাট্য সংঘৰ ভূমিকাও আছিল অনন্য। অসমো ইয়াৰ ব্যতিক্ৰম নহয়। ভাৰতবৰ্ষই স্বাধীনতা গান্ধীবাদী অহিংস নীতিৰে লাভ কৰিছিল যদিও আপোচকামী এই স্বাধীনতা বহুবুদ্ধিজীৱীৰ বাবে আকাংক্ষিত স্বাধীনতা নাছিল। জনজীৱনৰ সপোনৰ অৰ্থনৈতিক আৰু সাংস্কৃতিক জগতত এই স্বাধীনতা বাধা হিচাপেহে থিয় হৈ উঠিছিল। দেশ বিভাজনৰ বিভীষিকাময় পৰিৱেশ, সাম্প্ৰদায়িক সংঘৰ্ষ, ৰাজনৈতিক অস্থিৰতাই বুদ্ধিজীৱীসকলক অধিক সক্ৰিয় কৰি তুলিছিল। অসমতো ভাৰতীয় গণনাট্য সংঘৰ উদ্যোগত হেমাংগ বিশ্বাস, জ্যোতি প্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা, ভূপেন হাজৰিকা, সলিল চৌধুৰী অনেকেই ৰাজপথলৈ ওলাই আহিছিল। ‘প্ৰবাহ’, ‘নতুন অসম’ আদি সংবাদ পত্ৰ আৰু ‘ৰামধেনু’ আলোচনীয়েও প্ৰগতিশীল চিন্তাচৰ্চাৰ বাট কাটিবলৈ চেষ্টা কৰিছিল। ভাৰতবৰ্ষত ইন্দিৰা গান্ধীৰ দিনত ঘোষণা কৰা জৰুৰীকালীন অৱস্থাৰ (২৫ জুন, ১৯৭৫ চনৰ পৰা ২১ মাৰ্চ, ১৯৭৭ চন) আগতেই ‘নতুন পৃথিৱী’, ‘সাম্প্ৰতিক সাময়িকী’, ‘পদাতিক’, ‘অনুশীলন’, ‘গণশক্তি’, ‘কলাখাৰ’, ‘জনজীৱন’ আদিও সামাজিকভাৱে দায়বদ্ধ হৈ প্ৰগতিশীল চিন্তা-ধাৰণাৰে বিশেষকৈ মাৰ্ক্সীয় চিন্তাধাৰাৰে পুষ্ট এচাম বুদ্ধিজীৱীক উৎসাহিত কৰিছিল।

 ১৯৭৭ চনৰ জুলাই মাহৰ ৩ তাৰিখে প্ৰগতিশীল তিনিমহীয়া আলোচনী

খোজৰ শব্দ॥ ১১৫