পৃষ্ঠা:Khojar Xabda.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কু-দৃষ্টিত পৰিছে বা তাইৰ ওপৰত কোনোবাই কু-মন্ত্ৰ কৰিছে। গতিকে বাৰে বাৰে কবিৰাজ বা বেজ আহি গাভৰুৰ্গৰাকীক চিকিৎসাৰ নামত চমটাৰে কোবায়, নানা শাৰীৰিক নিৰ্যাতন চলায়। বিধৱা মাতৃয়ে সকলো বুজিও অসহায় হৈ চাই থাকে। কিন্তু এই সংকটৰ পৰা পৰিত্ৰাণৰ পথ কি? বুঢ়ীয়ে জানিব পাৰে যে ৰাঙলু ৰিজাৰ্ভত নতুনকৈ মানুহ বহিছে— গতিকে তালৈকে গুচি যাব। গতিকে ছোৱালীজনীক সেই গোবিন নামৰ শিষ্যগৰাকীৰ হাতত গতাই বুঢ়ীয়ে নতুন ঠাইলৈ যাবলৈ সিদ্ধান্ত কৰে।

 কিন্তু গল্পটোৰ শেষৰ অংশতহে বিধৱা বুঢ়ীৰ প্ৰতিবাদী সত্তাটো ওলাই আহিছে। সুভদ্ৰাক এনেদৰে ঘৰৰপৰা আঁতৰাই পঠোৱা কথাটোয়ে গাঁওখনৰ দুজন প্ৰভাৱশালী মানুহৰ দুজন দুষ্ট পুত্ৰক প্ৰায় উন্মাদ কৰি পেলালে। বুজা গ'ল যে সুভদ্ৰাক নানাধৰণে ব্যতিব্যস্ত কৰি মানসিক ভাৰসাম্য নষ্ট কৰাৰ মূলতে সেই ল’ৰা দুটা। গতিকে বিধৱা বুঢ়ীয়ে গল্পটোৰ শেষত ল’ৰা দুটাক তীব্ৰ ককৰ্থনা আৰু ভৰ্ৎসনাৰে সিহঁতৰ স্বৰূপ উদঙাই দিলে। জীয়েকজনীক নিৰাপদ ঠাইলৈ পঠিয়াই দিয়াৰ পিছত যেন বুঢ়ীৰ সকলো ভয় ভীত নোহোৱা হৈছে আৰু নিজৰ প্ৰতিবাদী সত্তাটো মুকলি হৈ পৰিছে। গল্পটোৰ সফলতা হ’ল এয়ে যে ইআমাক মাজুলীৰ সমাজজীৱনৰ একেবাৰে গভীৰলৈ লৈ যাব পাৰে। গল্পটো লেখকে পৰ্যটকৰ দৃষ্টিৰে লেখা নাই— বৰঞ্চ তেওঁ যেন মাজুলীৰ অন্তৰ্জীৱনৰ এক অংশ তেনেধৰণেহে গল্পটো সৃষ্টি হৈছে। গল্পটোত একে সময়তে বানপানী, গৰাখহনীয়া, সত্ৰীয়া জীৱনধাৰা, কু-সংস্কাৰ, দৰিদ্ৰতা, এচাম সুবিধাভোগী মানুহৰ কু-চৰিত্ৰ আদি নানা দিশ একেলগে উন্মোচিত হৈছে।

 বানপানী অকল মাজুলীৰে সমস্যা নহয়— বানপানীয়ে অসমৰ সকলোতে তাণ্ডৱ চলায়। নামনি অসমৰ, বিশেষকৈ বৰপেটা জিলাৰ, বানপানীক বিষয়বস্তু হিচাপে লৈ লিখা বিপুল খাটনিয়াৰৰ এটা গল্পৰ শিৰোনাম হ’ল— “ভেলেঙীত উঠিছে বান”। ‘নতুন পৃথিৱী’ আলোচনীত প্ৰকাশিত এই গল্পটো মন্দিয়া আৰু বাঘবৰ অঞ্চলৰ পটভূমিত লিখা হৈছে। বৰপেটা জিলাৰ এই অঞ্চলটো প্ৰায় প্ৰতিবছৰে বানৰ কবলত পৰে— বহু মানুহৰ পানীত পৰি মৃত্যু হয় — বহু মানুহে ঘৰ-দুৱাৰ এৰি আশ্ৰয় শিবিৰত থাকিবলগীয়া হয়— চৰকাৰে ৰিলিফ বিতৰণ কৰে— সেই ‘ৰিলিফ’ক লৈ দালালি চলে, ইত্যাদি। এনেবোৰ ঘটনা প্ৰতিবছৰে বাতৰিকাকতত প্ৰকাশ পায় যদিও এইবোৰ অঞ্চলৰ বানপানীৰ বাস্তৱ অভিজ্ঞতাৰে সকলো দিশ সামৰি লিখা গল্প তেনেকৈ পাবলৈ নাই। অথচ এয়া অসমৰ সমাজজীৱনৰ এক অনস্বীকাৰ্য বাস্তৱতা। অসমীয়া মূলসুঁতিৰ লেখকসকলে নামনি অসমৰ মুছলমান বা মিঞা মানুহৰ জীৱনৰ সমস্যাক লৈ খুব কম গল্পহে লিখিছে। বিপুল খাটনিয়াৰৰ

৯২॥ খোজৰ শব্দ