পৃষ্ঠা:Khojar Xabda.pdf/১৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বঢ়াই নিব সেই সম্পৰ্কে তেওঁৰ আছিল গভীৰ জ্ঞান আৰু বাস্তৱ অভিজ্ঞতা। মানুহৰ প্ৰতি আছিল তেওঁৰ গভীৰ বিশ্বাস আৰু ভালপোৱা। এই ভালপোৱা, স্নেহ বন্ধনক সাৰথি কৰি লৈ তেওঁ একোজন সতীৰ্থৰ দৈনন্দিন জীৱনৰ সমস্যা, সুখ-দুখ, হাঁহি- কান্দোনৰ লগত একাকাৰ হৈ পৰিছিল মানুহৰ অন্তৰ জগতখনৰ মাজলৈকে সোমাই গৈছিল। তেওঁলোকৰ দুখ-দৈন্য, শোষণ-বঞ্চনাৰ জগতখনত বিচৰণ কৰিছিল, ইয়াৰপৰা কিদৰে পৰিত্ৰাণ পাব পাৰি সেই মুক্তি পথৰ পৰামৰ্শও দিছিল।

 সাধাৰণ মানুহৰ দুখ-যন্ত্ৰণা পৰ্যবেক্ষণ কৰিছিল তেওঁ অতি কাষৰপৰা। ইয়াৰ ওপৰত ভিত্তি কৰি তেওঁ গল্প লিখিছিল। পাঠকৰ চিন্তাৰ জগতত আলোড়ন সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। এই প্ৰক্ৰিয়াটোৱে নতুন সাহিত্য পৰিষদৰ সাংগঠনিক দিশটো শক্তিশালী কৰি তোলাত যথেষ্ট পৰিমাণে সহায় কৰিছিল।

 নতুন সাহিত্য পৰিষদৰ সাংগঠনিক কাম কাজত খাটনিয়াৰে কিদৰে মন-প্ৰাণ সঁপি দিছিল তাৰ এটি খণ্ডিত চিত্ৰ হিচাপে মানকাচৰ অঞ্চলৰ কথা বিশেষভাৱে উল্লেখ কৰিব পাৰি। প্ৰয়াত সতীৰ্থ সুভাষ সাহাৰ ঐকান্তিক প্ৰচেষ্টাত ১৯৮৬ চনত নতুন সাহিত্য পৰিষদৰ শাখা এটি গঠিত হৈছিল ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী মানকাচৰত। ১৯৮৭ চনত সুভাষ সাহা জাগীৰোড কলেজলৈ গুচি অহাৰ পিছত মানকাচৰ শাখাৰ সতীৰ্থসকলে নিৰৱচ্ছিন্নভাৱে শাখাৰ সাংগঠনিক কাম কৰি গৈছিল৷ এইক্ষেত্ৰত পৰিষদৰ ৰাজ্যিক সদস্য তথা সম্পাদক বিপুল খাটনিয়াৰৰ ভূমিকা আছিল অনন্য আৰু অদ্বিতীয়। ৰাজ্যিক সমিতিৰ প্ৰতিজন সদস্যলৈ চিঠি লিখি কামৰ আঁচনি যুগুত কৰি পঠিয়াবলৈ তেওঁ আহ্বান জনাইছিল। ১৯৯৪ চনৰ ২ জানুৱাৰীত সতীৰ্থ সুভাষ সাহাৰ মৃত্যু পৰিষদৰ বাবে এক অপূৰণীয় ক্ষতি। এই সময়ছোৱাত মই বিপুল খাটনিয়াৰক নতুনকৈ আৱিস্কাৰ কৰোঁ তেখেতৰ সাংগঠনিক কামকাজৰ প্ৰতি থকা নিষ্ঠা আৰু সামাজিক দায়বদ্ধতাৰ মাজেদি। সুভাষ সাহাৰ মৃত্যুৰ পিছত পৰিষদৰ সাংগঠনিক কামৰ কথা উল্লেখ কৰি মোলৈ লিখা চিঠিখনত এইদৰে উল্লেখ কৰিছে— “আশাকৰোঁ বৈঠকৰ কাৰ্ডখন আপুনি পাইছে। অহা ১৩মাৰ্চ, ৯৪ তাৰিখে দিনৰ এঘাৰ বজাৰপৰা গুৱাহাটীৰ কাৰ্যালয়ত ৰাজ্যিকৰ প্ৰথম বৈঠক বহিব। চিঠি ডাকত দিয়াৰ পিছতহে ভুলটো ধৰা পৰিল। পিছদিনাৰ বন্ধটো যে আচলতে ঈদৰ বন্ধহে আছিল— কথাটো পিছদিনাহে মনলৈ আহিল। অসুবিধা হ’লেও কিন্তু বৈঠকলৈ নহাকৈ নাথাকিব। আপোনাৰ ওচৰত গোৱালপাৰা জিলাৰ সাংগঠনিক দিশৰ আঁচনি এখন লিখিতভাৱে যুগুতাই দিয়াৰ দায়িত্ব পৰিছে, বিষয়টো মনত ৰাখিব। বিশেষ

পৰামৰ্শ থাকিলে জনাব। মোৰ অফিচৰ ঠিকনাটো দিছোঁ। ইতি— Directorate of

খোজৰ শব্দ॥ ১৬১