পৃষ্ঠা:Khojar Xabda.pdf/১৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 অসম আন্দোলনৰ মাজতে উগ্ৰজাতীয়তাৰ গৰাহত পৰা কাকত আলোচনীৰ বিপৰীতে গণতান্ত্ৰিক মত প্ৰকাশ কৰিবলৈ আত্মপ্ৰকাশ কৰা সাপ্তাহিক জনজীৱনৰ বিশেষ সংখ্যাৰ গল্প সংগ্ৰহ আৰু নিৰ্বাচনতো খাটনিয়াৰে আগভাগ লৈছিল। কনিষ্ঠ গল্পকাৰজনে কৃষ্ণ বৰাৰ দৰে জ্যেষ্ঠজনক উপন্যাস লিখিবলৈ উদ্বুদ্ধ কৰিছিল।

 তেওঁৱেই পৰিষদৰ পুৰোধা অনিল ৰায়চৌধুৰীৰ দিহাৰে অভিবাসী মুছলমান সমাজৰপৰা ওলাই অহা ইছমাইল হোছেইনক (প্ৰয়াত) লগত লৈ সৰভোগত চৰ- চাপৰি বাসীৰ জীৱনৰ সমস্যা সম্পৰ্কে চিন্তা উদ্ৰেককাৰী আলোচনাচক্ৰ অনুষ্ঠিত কৰিছিল। পৰৱৰ্তীকালত ‘চৰ চাপৰিৰ জীৱন চৰ্যা’ শীৰ্ষক প্ৰামাণ্য গ্ৰন্থ প্ৰকাশ হৈছিল। চৰ-চাপৰিৰ জনজীৱনৰ ছবি অংকিত গল্প সংকলন ‘চৰ-চাপৰিৰ গল্প’ সংকলনৰ উপৰিও শেহতীয়াকৈ নতুন সাহিত্য পৰিষদে ‘চৰচাপৰিৰ ফকৰা যোজনা’ নামৰ আন এখন গ্ৰন্থ পৰিষদৰ সদস্যসকলৰ দ্বাৰাই প্ৰণয়ন কৰিছে। এই তিনিখন গ্ৰন্থৰ পৰিকল্পনা গ্ৰহণতো খাটনিয়াৰে বিশেষ দায়িত্ব পালন কৰিছিল।

 অসমৰ জনসমষ্টিৰ আৰু এক বঞ্চিত আৰু অৱহেলিত বৃহৎ জনগোষ্ঠী চাহ জনগোষ্ঠী। এই জনগোষ্ঠীৰ জীৱন জীৱিকাৰ সংগ্ৰামৰ সৈতে যুক্ত বিশিষ্ট শ্ৰমিক নেতা অমল ঘোষ দস্তিদাৰক নতুন সাহিত্য পৰিষদৰ ২০০১ চনত ডিগবৈত অনুষ্ঠিত দশম ৰাজ্যিক সন্মিলনৰ অতিথি ৰূপে আমন্ত্ৰণ জনোৱা হৈছিল। তেওঁ উপন্যাসোপম আৰম্ভণিৰে চাহ জনগোষ্ঠীৰ জীৱন যন্ত্ৰণাৰ মৰ্মান্তিক ছবি তুলি ধৰি সন্মিলনক সম্বোধি দিয়া ভাষণে সকলোকে আলোড়িত কৰিছিল। তেওঁৰ বক্তৃতাৰ আগতে কবি সমীৰ তাঁতী আৰু এই লেখকৰ পৰিচালনাৰে অনুষ্ঠিত হৈছিল কবি সন্মিলন। এই কবি সন্মিলনৰ আৰম্ভণিৰেপৰা শেষলৈ শ্ৰমিক নেতাগৰাকী উপস্থিত আছিল। শ্ৰমিক আন্দোলনৰ ঐতিহ্যবাহী দূৰ-দূৰণিলৈ বিয়পি থকা চাহবাগিচাত ৰ’দ বৰষুণ মূৰত লৈ কাম কৰি জীৱনপাত কৰা শ্ৰমিকসকলৰ জীৱন গাথা থকা কবিতা কাণত নপৰিল বুলি তেওঁ তেওঁৰ বক্তৃতাত দস্তুৰমত ক্ষোভ প্ৰকাশ কৰিছিল। তাৰ কিছুদিন পিছতে পৰিষদৰ ৰূপালী জয়ন্তী বৰ্ষত (২০০৪ চনত) চাহজনগোষ্ঠীৰ জীৱনৰ সাৰ্থক প্ৰতিফলন ঘটাই পৰিষদে প্ৰকাশ কৰিছিল ‘গিৰমিট’ শীৰ্ষক গল্প সংকলন। একে বছৰতে নবীন প্ৰবীণ লেখক গৱেষকৰ প্ৰবন্ধেৰে সমৃদ্ধ গ্ৰন্থ ‘চাহ জনগোষ্ঠীৰ জীৱন চৰ্যা’ প্ৰকাশ পাইছিল। এই আঁচনি ৰূপায়ণতো খাটনিয়াৰে যোগসূত্ৰৰ কাম কৰিছিল।

 সাহিত্যৰ চলমান প্ৰধান ধাৰাৰ চলচাতুৰীৰ বিপৰীতে গণমুখী চেতনাৰে লেখক

পাঠক, সৰ্বোপৰি সমস্যাৰ চাকনৈয়াত হাবুডুবু খোৱাসকলক খেৰকুটাৰ আশ্ৰয় আৰু

খোজৰ শব্দ॥১৫৩