পৃষ্ঠা:Khojar Xabda.pdf/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ফালে পলাই যোৱাৰ পিছৰ কথা।... পাঁচশ বছৰৰো অধিক বয়স হ’ল এইজোপা গছৰ। ষোল্ল পুৰুষৰ বংশাৱলী ৰক্ষা কৰিছে মোলান মৌজাদাৰে আৰু প্ৰতি পুৰুষৰে বৰ্ণনাত এইজোপা গছৰ ঘেৰ-উচ্চতাৰ লেখ লিখা হৈ আহিছে। উচ্চতা ৰৈ গৈছে, কিন্তু কমা নাই।

 তেওঁৰ চকুলৈ হুৰ-হুৰকৈ চকুলো নামি আহিল।

 গছজোপা হালিছে নেকি বাৰু?

 চৰাই চিৰিকতিবোৰে কোহাল আৰম্ভ কৰিছে কিয়? আৰু এটা প্ৰকাণ্ড ডাল দেখোন ধীৰ গতিৰে তেওঁৰ ফালেই হাওলিব ধৰিছে।” ৰজাদিনীয়া কাহিনীৰ বৰ্ণনাই গল্পটোৰ ৰসাস্বাদনত অৰিহণা যোগাইছে।

 একালৰ বৃন্দাবন একালত পৰে চন; ‘কাৱৈমাৰী সত্ৰৰ অতিথি’ত গল্পকাৰে কৈছে— বানে গৰকা মাজুলীৰ সত্ৰাধিকাৰৰ সামস্তযুগীয়া ধ্যান-ধাৰণাৰপৰা ওলাই আহিবলৈ বাধ্য হোৱা সত্ৰাধিকাৰ কেনেকৈ পৰিস্থিতিৰ দাস হৈ বানৰ কবলত পৰি শিষ্যৰ লগতে নিজেই খেতি কৰিব লগা অৱস্থা হয় আৰু শিষ্যৰ ছোৱালী নিজৰ তোলনীয়া পোৰ লগত বিয়া পাতিবলৈ সন্মত হয়—‘বুঢ়ীয়ে গোসাঁইপ্ৰভুৰ পদযুগলত উবুৰি খাই পৰিব বিচাৰিছিল, কিন্তু আঁতৰি গৈ তেওঁ বাধা দিলে, আই অ’, মই আৰু আগৰ সেই সত্ৰাধিকাৰ হৈ থকা নাই। অৱস্থাই মোক শিচ-ভকতসকলৰ দৰে সাধাৰণ খেতিয়ক প্ৰজা হ’বলৈ বাধ্য কৰিছে। অকল ময়েই নহয়, বান আৰু গৰাখহনীয়াই গোটেইখন মাজুলীকে ওলট-পালট কৰি পেলাইছে। এইবাৰগোবিন (তোলনীয়া পো) আৰু মই মিলি নিজ মাটিত নিজে খেতি কৰিছোঁ...।’ গল্পটোত সত্ৰৰ শিষ্য- বুঢ়ীৰ আবিয়ৈ ছোৱালী সুভদ্ৰাৰ জীৱনৰ দুখ-দুৰ্দশাৰ কাহিনী মনোৰমকৈ আগবাঢ়িছে।

 ‘বাঁকৰ সাধু’ৰে কমলা গাঁওবুঢ়াৰ জীৱনৰ সংগতি ৰাখি উপস্থাপন কৰিছে। শেষলৈ কমলা গাঁওবুঢ়াৰ স্বীকাৰোক্তিৰে কেনেকৈ নিঃসন্তান হৰিভকতক হত্যা কৰি হৰিভকতনীক নিজৰ কৰি লৈ হৰ্ভিকতৰ সম্পত্তিৰ অধিকাৰী হয়। আৰু এই পাপৰ পৰা মুক্তিপাবলৈ গাঁওবুঢ়াই মৃত্যুৰ আগতেই নিজৰ শ্ৰাদ্ধ পাতিবলৈ গাঁৱৰ ৰাইজক অনুৰোধ জনায়। খাটনিয়াৰৰ গল্প কোৱাৰ চাতুৰ্য তথা গাঁৱলীয়া ভাষাৰ কথনশৈলীয়ে গল্পটোক অনন্য মাত্ৰা প্ৰদান কৰিছে।

 ‘চেগুণ বনৰ কথা’ত বৰ্ণিত হৈছে পাহাৰীয়া জন-জাতিৰ (কাৰ্বি জনগোষ্ঠী) মানুহখিনিৰ জীৱন চলাই নিয়াৰ বাবে বিভিন্ন উপায় অৱলম্বন কৰাৰ কাহিনী। চেগুন বনৰ মাজতে কোনোবাই চোৰাং কাঠৰ ব্যৱসায় কৰিছে, কোনো ডেকা ল’ৰাই উগ্ৰপন্থী গোটত যোগদান কৰি চোৰাংকৈ অস্ত্ৰ-শস্ত্ৰ যোগানত লিপ্ত হৈছে। তাৰে মাজতেই

৯৮॥ খোজৰ শব্দ