পৃষ্ঠা:Khojar Xabda.pdf/১৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিপুল খাটনিয়াৰ :
সমাজ-সাহিত্যৰ যোদ্ধা সৈনিকজন

সমীন্দ্ৰ হুজুৰি

যোৱা চাৰি দশকতকৈও অধিক কাল অসমীয়া সাহিত্যৰ সবাতোকৈ পৰিশ্ৰমী কথাশিল্পী জনেই হ’ল বিপুল খাটনিয়াৰ। তেওঁ তেওঁৰ কথাশিল্পৰ জগতখনৰ পৰিধি আৰু গভীৰতা নিৰ্মাণ কৰিছে ঈৰ্ষণীয় অধ্যয়ন আৰু বিচিত্ৰ অভিজ্ঞতাৰ সমাহাৰেৰে। তাৰ স্বাক্ষৰ বহন কৰিছে তেওঁৰ গল্প সংকলন ‘খোজৰ শব্দ’ৰপৰা ‘ঘঁৰিয়ালডাঙাৰ কথা’লৈ দীৰ্ঘ চাৰিদশকজোৰা পৰিক্ৰমাই।

 সৃজনীশীল সাহিত্যৰ বাবে কোনো বিষয়ে নিজে প্ৰত্যক্ষভাৱে অৰ্জন কৰা অভিজ্ঞতাৰে লেখকে অংকন কৰা চৰিত্ৰ আৰু পৰিৱেশ-পটভূমিয়ে পাঠকক উত্থাপিত বিষয় সম্পৰ্কে হৃদয়সংবেদী আৰু প্ৰত্যয়জনক ধাৰণা দিয়ে। চৰিত্ৰ একোটা জীৱন্ত ৰূপত তুলি ধৰিবলৈ তাৰ জীৱনৰ তলা-নলা, মানসিক, সামাজিক, দ্বন্দ্ব বিচাৰৰ বাবে লেখকৰ জীৱন দৰ্শনৰ ভেটিতে তেওঁ চৰিত্ৰ একোটিক অনুসৰণ কৰাৰ উপৰিও পুনৰ নিৰ্মাণ কৰে। বিশেষকৈ যিসকল লেখকে সৃজন কৰ্মত চৰিত্ৰটোকে অকল তুলি নধৰে, লেখকৰ কাংক্ষিত জগতখন নিৰ্মাণৰ চেতনাৰেও উজ্জীৱিত কৰিব খোজে। তাৰ বাবে তেওঁৰ ফিল্ডৱ’ৰ্ক আৰু গৱেষণাৰে উত্থাপিত বিষয়ক অধিক প্ৰত্যয়যোগ্য কৰিবলৈ কৰিবলগীয়া শ্ৰমৰ সুযোগ সকলোৰে সমানে নাথাকে। এই ক্ষেত্ৰত বৃত্তিগত সুবিধা বা অভিজ্ঞতাক কামত লগাই সৃজনকৰ্মত সাফল্য অৰ্জনৰ বাবে যিকোনো পৰিৱেশ চম্ভালি ল’বপৰা বিপুল খাটনিয়াৰে অটল অধ্যৱসায়েৰে কাম কৰাৰ সুযোগ উলিয়াই লৈছিল।

 সমাজৰ বিভিন্ন স্তৰৰ মানুহৰ জীৱন জীৱিকা, সামাজিক সম্পৰ্ক আৰু তাৰ

বিপৰ্যয়ৰ জাজ্বল্যমান ছবি কথাশিল্পীজনৰ ক্ষুৰধাৰ কলমত জীৱন্ত হৈ ধৰা দিছে।

১৫০॥খোজৰ শব্দ